ETV Bharat / entertainment

ৰণবীৰক উদ্দেশ্যি সুখী বৈবাহিক জীৱনৰ টিপছ দিলে অভিনেতা সঞ্জয় দত্তই - ৰণবীৰ আলিয়া বিয়াৰ তাৰিখ

বিয়াৰ মহত্ব বুজি জীৱনত আগবাঢ়ি যাবলৈ ৰণবীৰক পৰামৰ্শ দিছে সঞ্জয় দত্তই (Alia Ranbir news) ৷ বিবাহৰ গুৰুত্বপূৰ্ণ দিশবোৰ চালি-জাৰি চাই চলিবলৈ ৰণবীৰক পৰামৰ্শ দিছে বলীউডৰ জ্যেষ্ঠ অভিনেতাজনে ৷

Ranbir Kapoor
ৰণবীৰ সঞ্জয় দত্ত
author img

By

Published : Apr 12, 2022, 12:46 PM IST

চিটাৰা ডেস্ক, 12 এপ্ৰিল : এই মুহূৰ্তত বলীউডৰ চাৰিওদিশে এটা কথাই ঘূৰিছে, ৰণবীৰ-আলিয়াৰ বিয়া (Alia Ranbir marriage) ৷ বিবাহৰ তাৰিখ 15 এপ্ৰিল বুলি জানিবলৈ পোৱা গৈছে (When did ranbir alia marry), কিন্তু পৰিয়ালৰ ফালৰ পৰা এই সম্পৰ্কত এতিয়াও মত প্ৰকাশৰ পৰা বিৰত আছে ৷

আলিয়া-ৰণবীৰৰ বিয়াক লৈ দৈনিক ওলাইছে নতুন নতুন খবৰ । ইমান জল্পনা-কল্পনাৰ মাজত ৰণবীৰ-আলিয়াৰ অনুৰাগীসকলৰ বাবে এই বিবাহ নিশ্চয়কৈ আমোদজনক হ'ব (Alia Bhatt Ranbir Kapoor wedding)। ইমানবোৰ নিত্য নতুন খবৰৰ মাজতে এইবাৰ ভাবী দম্পতীলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই আগবঢ়াইছে বৈবাহিক জীৱন সন্দৰ্ভত পৰামৰ্শ ৷

বৰ্তমান সঞ্জয় দত্তই তেওঁৰ মুক্তি পাবলগীয়া ছবি KGF : Chapter 2 ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে । চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত, যেতিয়া সঞ্জয় দত্তক আলিয়া-ৰণবীৰৰ বিবাহৰ বিষয়ে সোধা হৈছিল তেতিয়া অভিনেতাজনে দুয়োলৈকে আগবঢ়ালে সুখী বৈবাহিক জীৱনৰ মূলমন্ত্ৰৰ পৰামৰ্শ ৷

আলিয়া-ৰণবীৰৰ বিবাহৰ প্ৰসংগত সঞ্জয় দত্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, আলিয়া-ৰণবীৰে সঁচাকৈয়ে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে নেকি ? কিয়নো আলিয়াই বৰ্ষীয়ান অভিনেতাজনৰ চকুৰ সন্মুখতে ডাঙৰ-দীঘল হৈছে ৷ সেয়ে আলিয়াৰ বিয়া তেওঁৰ বাবে আনন্দৰ বিষয় ৷

বিয়া হৈছে এজনে আনজনক দিয়া এক জীৱনযোৰা প্ৰতিশ্ৰুতি ৷ সেই প্ৰতিশ্ৰুতিত অটল হৈ থাকিয়েই সুখ, শান্তি, বৈভৱেৰে আগবাঢ়ি গৈ থাকিব লাগে ৷ আলিয়া-ৰণবীৰৰ বিয়াক লৈ এইদৰে মত প্ৰকাশ কৰিলে সঞ্জয় দত্তই ৷ তদুপৰি ৰণবীৰক উদ্দেশ্যি ক’লে যে, "সোনকালে সন্তান জন্ম দিয়া আৰু সুখত থাকা" ৷

লগতে পঢ়ক: Brahmastra new poster: 'ব্ৰহ্মাস্ত্ৰ'ৰ নতুন পোষ্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.