চিটাৰা ডেস্ক, 1 ছেপ্টেম্বৰ: বহু অপেক্ষাৰ অন্তত অৱশেষত মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ ছবি জৱানৰ ট্ৰেইলাৰ । ট্ৰেইলাৰ মুক্তিৰ লগে লগে বহু কেইটা সংলাপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ট্ৰেইলাৰটোত কিং খানক বহুকেইটা সংলাপ কোৱা দেখা যায় যদিও ইয়াৰে এটা সংলাপ অতিকৈ হাইলাইটেড আছিল ৷ ট্ৰেইলাৰটোত শ্বাহৰুখ খানে কৈছিল, ‘বেটে কো হাত লাগানে ছে পেহলে বাপ ছে বাত কৰ ৷’ অতি কম সময়ৰ ভিতৰতে এই সংলাপটো ভাইৰেল হৈ পৰে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই সংলাপটো ড্ৰাগছৰ গোচৰত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা বিষয়া সমীৰ ৱানখেড়েৰ সৈতে সংযোগ থকা বুলি অভিহিত কৰে । এতিয়া সমীৰে এই বিষয়ত নাম নোলোৱাকৈয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
লেখিকা আৰু কবি নিকোল লায়ন্সৰ উক্তি টুইটাৰত শ্বেয়াৰ কৰি বিষয়টোৰ ওপৰত ইংগিত দিছে সমীৰ ৱানখেড়েই । এই টুইটত তেওঁ কৈছে - মই জুইৰ সৈতে খেলিছো আৰু ইয়াৰ ছাইৰ সৈতেও নাচিছো। কোনো নৰকলৈ মোৰ ভয় নাই।
-
I have licked the fire and danced in the ashes of every bridge I ever burned. I fear no hell
— Sameer Wankhede (@swankhede_IRS) August 31, 2023 " class="align-text-top noRightClick twitterSection" data="
from you.
-Nicole Lyons
A quote that always inspires me !@ABPNews @news24tvchannel @RoflGandhi_
">I have licked the fire and danced in the ashes of every bridge I ever burned. I fear no hell
— Sameer Wankhede (@swankhede_IRS) August 31, 2023
from you.
-Nicole Lyons
A quote that always inspires me !@ABPNews @news24tvchannel @RoflGandhi_I have licked the fire and danced in the ashes of every bridge I ever burned. I fear no hell
— Sameer Wankhede (@swankhede_IRS) August 31, 2023
from you.
-Nicole Lyons
A quote that always inspires me !@ABPNews @news24tvchannel @RoflGandhi_
জৱানৰ ট্ৰেইলাৰ অহাৰ লগে লগে শ্বাহৰুখ খানৰ পিতৃ-পুত্ৰৰ এই সংলাপ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিলে । বহু ব্যৱহাৰকাৰীয়ে সমীৰ ৱানখেড়েৰ সৈতে লিংক কৰি কয় যে শ্বাহৰুখ খানে তেওঁক উপযুক্ত উত্তৰ দিছে। এজনে লিখিছে, “বেটে কো হাত লাগানে ছে পেহলে বাপ ছে বাত কৰ । এই বাৰ্তা ৱানখেড়ে আৰু তেওঁৰ সহযোগীসকলৰ বাবে ।
উল্লেখ্য যে, ২০২১ চনৰ অক্টোবৰ মাহত সমীৰ ৱানখেড়েৰ নেতৃত্বত চলা এক অভিযানত মুম্বাইৰ উপকণ্ঠৰ আৰৱ সাগৰত কৰ্ডেলিয়া ক্ৰুজৰ পৰা এনচিবিয়ে ড্ৰাগছৰ গোচৰত প্ৰায় ৮ জন লোকক আটক কৰিছিল । ইয়াৰ ভিতৰত শ্বাহৰুখৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান খানো আছিল । পিচত ড্ৰাগছৰ গোচৰটোতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয় । সমীৰ ৱানখেড়েই এই হাই প্ৰফাইল গোচৰৰ নেতৃত্ব প্ৰদান কৰিছিল ৷ যাৰ বাবে কেইবাদিনো কাৰাগাৰত কটাবলগীয়া হৈছিল আৰিয়ানে আৰু তাৰ পিচত জামিনত মুক্তি লাভ কৰিছিল । অৱশ্যে পিচত তদন্তত আৰিয়ান খানক ক্লিন চিট দিয়া হয় ।
লগতে পঢ়ক: Shah Rukh Khan Announcement: ‘‘এয়াই প্ৰথম আৰু শেষবাৰৰ বাবে...’’ হঠাৎ কিয় ক’লে কিং খানে !