চিটাৰে ডেস্ক, 28 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ আগন্তুক ছবি শকুন্তলমত আত্মপ্ৰকাশ কৰিব আল্লু অৰ্জুনৰ কন্যা আল্লু আৰহাই (Samantha Ruth Prabhus upcoming film Shaakuntalam)। শকুন্তলমৰ ট্ৰেইলাৰত আৰহাৰ কিছু আভাস পোৱা গৈছিল । শেহতীয়াকৈ সামন্থাই আল্লু অৰ্জুন আৰু তেওঁৰ পত্নী আল্লু স্নেহা ৰেড্ডীৰ ৬ বছৰীয়া কন্যাৰ সৈতে কাম কৰাৰ সময়ত কৰা কেইটামান আকৰ্ষণীয় পৰ্যবেক্ষণ শ্বেয়াৰ কৰিছে (Samantha Ruth Prabhu on Allu Arha) ।
- " class="align-text-top noRightClick twitterSection" data="">
সম্প্ৰতি শকুন্তলমৰ প্ৰচাৰত ব্যস্ত সামন্থা (Samantha Ruth Prabhu praises Allu Arha) ৷ ছবিখনৰ প্ৰচাৰ কৰাৰ সময়ত এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে আৰহাৰ বিষয়ে দীঘলীয়াকৈ বহু কথা উল্লেখ কৰে । সাক্ষাৎকাৰটোত সামন্থাই আৰহাৰ বিষয়ে কয় যে, আৰহা এগৰাকী প্ৰতিভাৱান কন্যা । প্ৰায় ২০০ ক্ৰু মেম্বাৰ ব্যস্ত হৈ থকা আৰহাৰ প্ৰথম ছবিখনৰ চেটতো আত্মবিশ্বাসী আছিল আৰহা ৷ তিলমানো ভয় কৰা নাছিল আৰহাই (Samantha Ruth Prabhu calls Allu Arha supersta) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
সামন্থাৰ মতে, আৰহা হৈছে "জন্মগত ছুপাৰষ্টাৰ", যিয়ে ভৱিষ্যতে ছবিৰ জগতত খোজ দিয়াৰ সিদ্ধান্ত ল’লে উদ্যোগটোত নিজৰ নাম উজলাই তুলিবলৈ পিতৃৰ নামৰ প্ৰয়োজন নাই । সামন্থাই কয় যে, শ্বুটিঙৰ দ্বিতীয় দিনটোত আৰহাই কোনো অভিযোগ নোহোৱাকৈ ১২ ঘণ্টাৰ শ্বিফটিঙত কাম কৰিছিল আৰু নিজৰ অভিনয়েৰে সকলোকে আপ্লুত কৰি তুলিছিল (Samantha Ruth Prabhu shaakuntalam promotions) ।
- " class="align-text-top noRightClick twitterSection" data="
">
সামন্থাই কয় যে, আল্লু অৰ্জুনৰ কন্যা আৰহাই ছবিখনৰ চেটত ইংৰাজী শব্দ ব্য়ৱহাৰৰ পৰিৱৰ্তে তেলুগু ভাষা কোৱা পৰিলক্ষিত হৈছিল ৷ হায়দৰাবাদৰ বেছিভাগ প্ৰাপ্তবয়স্ক লোকতকৈ আৰহাই অধিক ধুনীয়াকৈ তেলুগু ভাষা কোৱা পৰিলক্ষিত হৈছিল ৷ ২০১৫ চনত আল্লু অৰ্জুনৰ সৈতে কাম কৰা সামন্থাই পৰবৰ্তী সময়ত এই যুটিটোৱে পুষ্পা: দ্য ৰাইজত চাৰ্টবাষ্টাৰ গীত উ আন্তাভাৰ বাবে ৰূপালী পৰ্দাত একত্ৰিত হোৱা পৰিলক্ষিত হৈছিল (Allu arha acting debut) ।
ইফালে ১৪ এপ্ৰিলত গুণশেখৰৰ পৰিচালিত পৌৰাণিক ৰোমান্টিক নাটক শকুন্তলম মুক্তি পোৱাৰ কথা । সামন্তা আৰু আৰহা লগতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ মোহন, শচীন খেৰডেকাৰ আৰু মোহন বাবুৱে (Allu Arha in Shaakuntalam)।
লগতে পঢ়ক: Ram Charan: গেম চেঞ্জাৰ ছবিখনৰ পৰা ৰাম চৰণক ফাৰ্ষ্ট লুক মুকলি