চিটাৰা ডেস্ক, 16 আগষ্ট: বৰ্তমান ছানী দেওলৰ একচন ড্ৰামা ছবি ‘গদৰ ২’ ছবিখনে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে ৷ এতিয়ালৈকে ছবিখনে ঘৰুৱা বক্স অফিচত প্ৰায় ২২৮ কোটি টকাৰ ব্যৱসায় কৰিছে। তাৰা-সাকিনাৰ যুটিটোক পুনৰ এবাৰ পৰ্দাত চাবলৈ পাই অতিকৈয়ে আনন্দিত হৈছে অনুৰাগীসকল ৷ এতিয়া অতি সোনকালে বলীউডত মুকলি হ’ব আন এক নতুন যুটি ।
এই যুটি হৈছে ৰাজশ্ৰী প্ৰডাকচনৰ ছবি ‘দোনো’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা ছানী দেওলৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেওল আৰু পুনম ধিলনৰ কন্যা পালোমাৰ । ‘দোনো’ৰ টিজাৰৰ পিচত শেহতীয়াকৈ ছবিখনৰ প্ৰথম টাইটেল ট্ৰেক মুকলি কৰিছে নিৰ্মাতাসকলে ।
ছলমান খান-ভাগ্যশ্ৰীয়ে মুক্তি দিয়ে ‘দোনো’ৰ টাইটেল ট্ৰেক
৩৪ বছৰ পূৰ্বে ছলমান খান আৰু ভাগ্যশ্ৰী দুয়োৰে কেৰিয়াৰ আৰম্ভ হৈছিল ‘মেনে প্যাৰ কিয়া’ৰ ছবিখনৰ জৰিয়তে। সেইসময়ত ছবিখন ব্লকবাষ্টাৰ হৈছিল, তেতিয়াৰে পৰাই দুয়ো হৈ পৰে অনুৰাগীৰ প্ৰিয় যুটি। ছানী দেওলৰ ‘গদৰ ২’ৰ শলাগ লোৱাৰ পাচত শেহতীয়াকৈ ছলমান খানে মুকলি কৰে ৰাজবীৰৰ প্ৰথমখন ছবি ‘দোনো’ৰ প্ৰথমটো ৰোমান্টিক ট্ৰেক ।
য’ত ছলমানক সহযোগ কৰিছিল তেওঁৰ সহ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে । ৰাজশ্ৰী প্ৰডাকচনৰ অধীনত ৰাজবীৰ দেওলৰ প্ৰথম ছবি ‘দোনো’ৰ প্ৰথমটো গীতৰ ভিডিঅ’ শ্বেয়াৰ কৰি বলীউডৰ টাইগাৰে কেপচনত লিখিছে, "হম দোনো ছে আপ সব কে লিয়ে... য়েহ দোনো । প্ৰতিভাশালী অবিনাশ বৰজাত্য আৰু উদীয়মান তাৰকা ৰাজবীৰ আৰু পালোমা। আমাৰ শুভেচ্ছাৰ সৈতে।"
সূৰজ বৰজাত্যৰ পুত্ৰয়ো ‘দোনো’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব
ৰাজবীৰৰ উপৰিও বলীউডৰ জনপ্ৰিয় পৰিচালক সূৰজ বৰজাত্যৰ পুত্ৰ অবিনাশ. এছ. বৰজাত্যই এই ছবিখনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। ২০২২ চনৰ পৰা আৰম্ভ হৈছিল ৰাজবীৰ আৰু পালোমাই অভিনয় কৰা ছবি দোনোৰ শ্বুটিং।
উল্লেখ্য যে, ৰাজবীৰৰ পূৰ্বে ছানী দেওলৰ জ্যেষ্ঠ পুত্ৰ কৰণ দেওলে ২০১৯ চনত ‘পল পল দিল কে সাথ’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল ।
লগতে পঢ়ক: Dono Teaser OUT: ছানি দেওলৰ কনিষ্ঠ পুত্ৰৰ বলীউডৰ প্ৰথম ছবি 'দোনো'ৰ টিজাৰ মুকলি, চাওক টিজাৰ