ETV Bharat / entertainment

Salman Khan: নতুন ৰূপত ভাইজানক দেখি অনুৰাগীয়ে ক’লে; ৰাধে ইজ বেক

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 1:29 PM IST

মুম্বাইৰ ডাবিং ষ্টুডিঅ’ৰ বাহিৰত দেখা গৈছে ছলমান খানক । ছ’চিয়েল মিডিয়াত ভাইজানৰ এই ভাইৰেল ভিডিঅ’টো অনুৰাগীয়ে আৰম্ভ কৰিছে জল্পনা-কল্পনা ৷

Salman Khan spotted at dubbing studio at Bandra in Mumbai today, fans go crazy
মুম্বাইৰ ডাবিং ষ্টুডিঅ’ৰ বাহিৰত দেখা গৈছে ছলমান খানক

চিটাৰা ডেস্ক, 29 আগষ্ট: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক লৈ বৰ্তমান ছ’চিয়ল মিডিয়াত যথেষ্ট চৰ্চা চলিছে ৷ ভাইজানৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি টাইগাৰ 3 ৰ বাবে চৰ্চা চলিছে ৷ কেৱল তেওঁৰ ছবিখনৰ বাবেই নহয়, তেওঁৰ নতুন লুকৰ বাবেও চৰ্চাত আছে ৷ শেহতীয়াকৈ অভিনেতাগৰাকীক দেখা গৈছিল সম্পূৰ্ণ টকলা ৰূপত ৷ ইয়াৰ পিচতে অনুৰাগীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছিল যে এয়া অভিনেতাগৰাকীৰ আগন্তুক ছবিৰ লুক ৷

অৱশ্যে এতিয়া পুনৰ ভাইজানক দেখা গৈছে টকলা ৰূপত ৷ একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিষ্ণু বৰ্ধনৰ আগন্তুক যুদ্ধ নাটক ছবিখনত ছলমান খানক সেনা বিষয়াৰ চৰিত্ৰত দেখা যাব ছলমানক । এই ছবিখন প্ৰযোজনা কৰিছে কৰণ জোহৰে । অৱশ্যে এই কথা এতিয়াও নিশ্চিত কৰা নাই ছলমান খানে ৷ এতিয়া শেহতীয়াকৈ বান্দ্ৰাৰ ডাবিং ষ্টুডিঅ’ৰ বাহিৰত দেখা গৈছে ভাইজানক ৷ ইয়াত ছলমান খানক বেইজ ৰঙৰ টি-চাৰ্টৰ সৈতে ক’লা বটম জিন্স পৰিধান কৰা ডেছিং লুকত দেখা গৈছে। এতিয়া ছলমান খানৰ ষ্টুডিঅ’ৰ পৰা ওলাই অহা ভিডিঅ’বোৰ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ অনুৰাগীয়ে ভিডিঅ’বোৰত কমেন্ট কৰা দেখা গৈছে ৷

ছলমান খানৰ লুক দেখি বহু অনুৰাগীয়ে তেওঁৰ আইকনিক ছবি তেৰে নামত ৰাধেৰ লুকৰ কথা মনত পেলাইছে ৷ অনুৰাগীয়ে ছলমান খানৰ এই ভিডিঅ’টোত মন্তব্য কৰি লিখিছে ৰাধে ইজ বেক ৷ একে সময়তে ছলমান খানৰ বহু অনুৰাগীয়ে এই লুকটোক জুই বুলি অভিহিত কৰিছে আৰু বহুতে কৈছে যে ছলমান খানক তেওঁৰ পৰৱৰ্তী ছবিত তেওঁৰ শক্তিশালী ৰূপ দেখা পোৱা যাব ৷

উল্লেখ্য যে, শেষবাৰৰ বাবে ছলমান খানক কিচি কা ভাই কিচি কি জান ছবিখনত দেখা পোৱা গৈছিল ৷ অৱশ্যে ছবিখন বক্স অফিচত ফ্লপ বুলি প্ৰমাণিত হৈছিল । চলিত বৰ্ষত এইখনেই আছিল ছলমান খানৰ প্ৰথমখন ছবি, কিন্তু বক্স অফিচত ধৰাশায়ী হয় ছবিখন ৷ কিন্তু বছৰৰ শেষত টাইগাৰ 3 ত দেখা যাব ছলমান খানক । এইছবিখনৰ বাবে এতিয়াৰে পৰা অনুৰাগীৰ ক্ৰেজ দেখা পোৱা গৈছে ৷ ছবিখন দীপাৱলী উপলক্ষে মুক্তি পাব আৰু এই ছবিখনত শ্বাহৰুখ খানক কেমিঅ’ কৰা দেখা যাব বুলি কোৱা হৈছে ।

লগতে পঢ়ক: Ramaiya Vastavaiya Song teaser: জৱানৰ ট্ৰেইলাৰৰ বাবে অপেক্ষাৰত অনুৰাগীৰ বাবে শ্বাহৰুখ খানে লৈ আহিছে এই ডাঙৰ চাৰপ্ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.