ETV Bharat / entertainment

Rakhi Sawant : এইবাৰ ভাইজানৰ সৈতে ৰাখীক হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ - ছলমান খান

লৰেন্স বিষ্ণৈ গেঙৰ পৰা পুনৰবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে ছলমান খানে (Salman khan and Rakhi Sawant) । একে সময়তে এইবাৰ এই ভাবুকিপূৰ্ণ ইমেইলত ৰাখী সাৱন্তৰ নামো সন্নিবিষ্ট কৰা হৈছে ।

Salman Khan Gets Another Death Threat from lawrence bishnoi gang, Rakhi Sawant Warned To stay away
ৰাখীক হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ
author img

By

Published : Apr 20, 2023, 5:27 PM IST

চিটাৰা ডেস্ক, 20 এপ্ৰিল: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে পুনৰবাৰ লাভ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ পৰা ভাবুকিপূৰ্ণ ইমেইল । এইবাৰ এই ইমেইলত সন্নিবিষ্ট কৰা হৈছে ৰাখী সাৱন্তৰ নাম । ছুপাৰষ্টাৰ ছলমান খানক নিজৰ ভাতৃ হিচাপে গণ্য কৰে ৰাখী সাৱন্তে । ৰাখীয়ে বহুবাৰ বিভিন্ন বিষয়ত ছলমান খানক সমৰ্থন কৰি আহিছে । ছলমানৰ শ্ব’ বিগ বছতো বহুবাৰ দেখা গৈছে ৰাখী সাৱন্তক (Salman Khan Rakhi Sawant) ।

এনে পৰিস্থিতিত ছলমান খানক বাৰে বাৰে ভাবুকি দিয়াৰ পিচতো ৰাখী সাৱন্তে প্ৰতিবাৰেই ছলমানক সমৰ্থন কৰি আহছিল । সেয়াহে ছলমান খানক সমৰ্থন কৰি লৰেন্স বিষ্ণৈ গেঙৰ চকুত পৰিছে ৰাখী । হয়, ছলমানৰ লগতে ৰাখীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে বিষ্ণৈ গেঙে (Rakhi Sawant lawrence bishnoi gang) ।

ৰাখীয়ে এটা সাক্ষাৎকাৰত জনাইছে যে লৰেন্স বিষ্ণৈ গেঙে তেওঁক হত্যাৰ ভাবুকি প্ৰদান কৰিছে । ৰাখীৰ মতে, গেঙে সকীয়াই দিছে যে, যদি তেওঁক ছলমান খানক সমৰ্থন কৰা দেখা যায় তেন্তে তেওঁকো হত্যা কৰা হ’ব । লগতে কোৱা হৈছে যে, ছলমান খানক কোনেও বচাব নোৱাৰে (lawrence bishnoi gang) ।

সংবাদ মাধ্যমৰ মতে ৰাখীয়ে কয়, ‘‘মই যদি ছলমান খানক সমৰ্থন কৰো তেন্তে তেওঁলোকে মোক মাৰি পেলাব, কিন্তু মই একো গুৰুত্ব নিদিওঁ, মই ভাইজানক সমৰ্থন কৰিম, কাৰণ ছলমান ভাইয়ে মোক মোৰ মাতৃৰ চিকিৎসাৰ বাবে ৫০ লাখ টকা দিছিল । তেওঁ মোক প্ৰতিটো খোজত সহায় কৰিছে, সম্ভৱপৰভাৱে মই তেওঁৰ সৈতে কথা পাতিম আৰু মই এই বিষয়ে কোনো আইনী ব্যৱস্থা ল’বলৈ যোৱা নাই, মই এই মুহূৰ্তত ভয় খাইছো আৰু মই একো বুজি পোৱা নাই, মই এইটো ভগৱানৰ হাতত এৰি দিছো ।’

ৰাখীয়ে কেতিয়া লাভ কৰিছে ভাবুকি ইমেইল

খবৰ অনুসৰি প্ৰিন্স মাফী নামৰ এজন ব্যক্তিয়ে ৰাখী সাৱন্তলৈ দুটা ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছে (Salman Khan Gets Another Death Threat) । এই ব্যক্তিজনে গোল্ড ব্ৰাৰ আৰু লৰেন্স বিষ্ণৈ গেঙৰ সৈতে থকা সম্পৰ্কৰ কথা জনাইছে । তাৎপৰ্যপূৰ্ণভাৱে ১৮ এপ্ৰিলৰ পুৱা ৭:২২ বজাত ৰাখীয়ে আৰু পুৱা ১:১৯ বজাত প্ৰথম আৰু দ্বিতীয়টো ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে (Rakhi Gets Death Threat) ।

ইমেইলত কি লিখা আছিল ?

প্ৰথম ভাবুকি দিয়া ইমেইলটোত লিখা আছিল, ‘‘ৰাখী, তোমাৰ লগত আমাৰ কোনো শত্ৰুতা নাই, কিন্তু ছলমান খানৰ ক্ষেত্ৰত তুমি আঁতৰি থাকা, তোমাৰ ভালৰ বাবেই কৈছো, আমি তোমাৰ দাদাক মুম্বাইতে হত্যা কৰিম, নিৰাপত্তা বৃদ্ধি পাইছে যদিও আমি নিৰাপত্তাৰ মাজতে হত্যা কৰিম ছলমানক ।’’ দ্বিতীয়টো ইমেইলটো লিখা আছিল, ‘‘ৰাখী আপোনাৰ বাবে এইটোৱেই শেষ সতৰ্কবাণী, দ্বিতীয়বাৰ আমি বুজাই নাথাকো, ছলমান আমাৰ পৰা বাছিব নোৱাৰিব, আমি কাকো ভয় নকৰো, আমি মাত্ৰ ছলমানৰ অহংকাৰ ধ্বংস কৰিব বিচাৰো’’ ।

লগতে পঢ়ক: Salman Khan: মৃত্যুৰ ভাবুকিৰ মাজতে ছলমান খানে ক্ৰয় কৰিলে বুলেটপ্ৰুফ এছ ইউ ভি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.