ETV Bharat / entertainment

Bigg Boss OTT 2: এইবাৰ কোনে হোষ্ট কৰিব বিগ বছ অ’টিটি 2 ? কেতিয়াৰ পৰা আৰম্ভ হ’ব ?

author img

By

Published : May 12, 2023, 1:25 PM IST

আৰম্ভ হ’বলৈ গৈ আছে Bigg Boss OTT 2 ৷ কিন্তু এইবাৰ কৰণ জোহৰৰ পৰিবৰ্তে ছলমান খানে হোষ্ট কৰিব শ্ব’ (Salman to REPLACE Karan in Bigg Boss OTT 2) ৷ জানি লওক কেতিয়াৰ পৰা আৰম্ভ হ’ব ৷

SALMAN KHAN BIGG BOSS OTT SEASON 2 TO STREAMING ON MAY 29 READ
আৰম্ভ হ’বলৈ গৈ আছে Bigg Boss OTT 2

চিটাৰা ডেস্ক, 12 মে’: টিভিৰ জনপ্ৰিয় শ্ব’ হৈছে বিগ বছ ৷ এই শ্ব’টো হোষ্ট কৰে বলীউডৰ ভাইজান ছলমান খানে ৷ এই শ্ব’টোৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগী ৷ কিন্তু যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল বিগ বছ অ’টিটি ৷ বিগ বছ অ’টিটিৰ প্ৰথম ছিজন হোষ্ট কৰিছিল কৰণ জোহৰে (Bigg Boss OTT 2) ৷ এইবাৰ আৰম্ভ হ’বলৈ গৈ আছে বিগ বছ অ’টিটিৰ দ্বিতীয় ছিজন ৷ কিন্তু এইবাৰ শ্ব’টোৰ আঁত ধৰোঁতাৰ ৰূপত নাথাকে কৰণ জোহৰ ৷

তেতিয়াহ’লে কোনে হোষ্ট কৰিব বিগ বছ অ’টিটি 2 ছিজন ?

ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি 2 হোষ্ট কৰিব বলীউডৰ দাবাং ছলমান খানে । ইয়াৰ পূৰ্বে এই ছিজন কোনে আয়োজন কৰিব সেই সম্পৰ্কে চৰ্চা চলিছিল (Salman to REPLACE Karan in Bigg Boss OTT 2) । শ্ব’টো আয়োজন কৰিবলৈ ছলমান খান আৰু কৰণ জোহৰক লৈ আলোচনা চলি আছিল। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি এইবাৰ কৰণ জোহৰৰ পৰিবৰ্তে ছলমান খানে হোষ্ট কৰিব এইবাৰৰ ছিজন ৷ খবৰ অনুসৰি মে’ৰ শেষৰফালে নহ’লে জুন মাহৰ পৰা আৰম্ভ হ’ব এইবাৰৰ ছিজন (Bigg Boss OTT Season 2) ৷

কেতিয়াৰ পৰা আৰম্ভ হ’ব বিগ বছ অ’টিটি 2 ছিজন ?

শেহতীয়াকৈ, এই শ্ব’টোৰ মুক্তিৰ তাৰিখ চৰ্চালৈ আহিছে ৷ শ্ব’টোৰ প্ৰথম ছিজন আয়োজন কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে । যদিও শ্ব’টোৰ প্ৰথম ছিজনটো ভালদৰে চলিছিল, কিন্তু অনুৰাগীৰ চাহিদা অনুসৰি শ্ব’টোত ছলমান খানক অনাৰ কথা চৰ্চা হৈছিল (Salman Khan) । এতিয়া ছলমান খানক অ’টিটিত ষ্ট্ৰীম কৰা হ’বলগীয়া বিগ বছৰ শ্ব’টোৰ বাঘজৰী চম্ভালি থকা দেখা যাব (Bigg Boss OTT 2 date)।

শ্ব’টোৰ প্ৰতিযোগীসকলৰ নাম

শ্ব’টোৰ প্ৰতিযোগীসকলক লৈ বহু চেলিব্ৰিটিৰ নাম পোহৰলৈ আহিছে । ইয়াৰ পৰা বিগ বছ 16 ৰ প্ৰতিযোগী অৰ্চনা গৌতমৰ ভাতৃ গুলচন গৌতমৰ নাম চৰ্চালৈ আহিছে । একে সময়তে কংগনা ৰানাৱটৰ শ্ব’ লক আপৰ বিজয়ী আৰু কমেডিয়ান মুনাৱাৰ ফাৰুকীয়েও এই শ্ব’ত উপস্থিত থাকিব পাৰে (Dabang Salman Khan To Host Bigg Boss OTT 2)।

লগতে পঢ়ক: Gauhar Khan: পিতৃ-মাতৃ হ’ল অভিনেত্ৰী গৌহাৰ খান আৰু জাইদ দৰবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.