ETV Bharat / entertainment

ছালাৰৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি, হাই ভল্টেজ একশ্যন থ্ৰিলাৰত চাওক প্ৰভাসৰ ভয়ংকৰ ৰূপ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 5:15 PM IST

Salaar Trailer: প্ৰভাস অভিনীত ছবি Salaar ৰ ট্ৰেইলাৰ মুকলি । এই ২.৫৪ মিনিটৰ ট্ৰেইলাৰটো চোৱাৰ পিচত গাৰ নোম শিয়ৰি উঠিব আপোনাৰো ।

Salaar release trailer: Prabhas sets the stage for an action extravaganza
ছালাৰৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: দক্ষিণৰ বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি । প্ৰভাস অভিনীত এই হাই ভল্টেজ একশ্যন থ্ৰিলাৰ ছবিখনৰ বাবে অনুৰাগীয়ে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল । অনুৰাগীৰ উত্তেজনা দুগুণ কৰিবলৈ এতিয়া নিৰ্মাতাই একশ্যনভৰ্তি ছবিখনৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

'ছালাৰ'ৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি

মাত্ৰ কেইদিনমানৰ আগতে ছবিখনৰ প্ৰথমটো ট্ৰেইলাৰ মুক্তি পাইছিল, যিয়ে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছিল । ছবিখনৰ দ্বিতীয়টো ট্ৰেইলাৰৰ কথা ক’বলৈ গ’লে ২.৫৪ মিনিটৰ এই ট্ৰেইলাৰটো চোৱাৰ পিচত আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ৷ একশ্যনৰে ভৰ্তি ছালাৰৰ দ্বিতীয়টো ট্ৰেইলাৰে আপোনাকো ছবিখন চাবলৈ নিশ্চিতভাৱে বাধ্য কৰাব ।

  • Good things take time. Rome wasn't built in a day and neither are masterpieces. 🙏

    — Hombale Films (@hombalefilms) December 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছবিখনৰ কাহিনী পাৰস্য সাম্ৰাজ্যৰ চুলতানৰ জীৱনৰ আধাৰত নিৰ্মিত । চুলতানৰ জীৱনত বহু সমস্যা হৈছিল যদিও তেওঁৰ বৃহৎ সৈন্যবাহিনীক অৱগত নকৰাকৈয়ে তেওঁ মাত্ৰ এজন মানুহকহে কৈছিল আৰু সেয়া হৈছে চুলতানৰ বন্ধু ৷ চুলতানে যিয়ে কৈছিল তাকেই তেওঁ আনি দিছিল, লাগিলে নিজৰ জীৱনৰ প্ৰতি ভাবুকি আহক তথাপিও চুলতাৰ সহায় কৰিছিল বন্ধুজনে ৷ কিন্তু কাহিনীটোত এটা টুইষ্ট আহে, যেতিয়া চুলতানৰ যত্ন লোৱা এই বন্ধুজন তেওঁৰ শত্ৰু হৈ পৰে । তাৰ পাচত কি হ’ব সেয়া জানিবলৈ আপুনি চাব লাগিব ছবিখন ৷

উল্লেখ্য যে, পৃথ্বীৰাজ সুকুমাৰনে ছবিখনত চুলতানৰ চৰিত্ৰত অভিনয় কৰিছে, যিজন হৈছে খলনায়ক । প্ৰভাস তেওঁৰ বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছে, যি পিচলৈ তেওঁৰ শত্ৰু হৈ পৰে । ছবিখনত প্ৰভাসৰ বিপৰীতে দেখা যাব শ্ৰুতি হাছানক । ‘ছালাৰ’ মুক্তিৰ ক্ষেত্ৰত হোৱা সালসলনিৰ বাবেই এই ছবিখনে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত দেখা যাব নোৰা ফাতেহীক, সম্পূৰ্ণ হ’ল ছবিখনৰ শ্বুটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.