ETV Bharat / entertainment

বক্স অফিচত অব্যাহত ছালাৰৰ ঢৌ

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 3:39 PM IST

Salaar Box Office Collection Day 9 Worlwide: বক্স অফিচত অব্যাহত আছে প্ৰভাসৰ ছবি ‘ছালাৰ’ৰ উপাৰ্জন । এই ছবিখনে এতিয়ালৈকে সমগ্ৰ বিশ্বত কিমান উপাৰ্জন কৰিছে জানো আহক ।

Salaar Box Office Collection Day 9 Worlwide: Prabhas starrer mints THIS much on second Saturday
বক্স অফিচত অব্যাহত আছে ‘ছালাৰ’ৰ উপাৰ্জন

চিটাৰা ডেস্ক, ৩১ ডিচেম্বৰ: বক্স অফিচত ঢৌ তুলিছে প্ৰভাসৰ ছবি ‘ছালাৰ’এ । মুক্তিৰ দিনৰে পৰা বক্স অফিচত খলকনিৰ সৃষ্টি কৰি আহিছে ছবিখনে ৷ ছবিখন মুক্তিৰ ৯ দিন হ’ল ৷ কিন্তু এতিয়াও দেশজুৰি অব্যাহত আছে ছবিখনৰ উপাৰ্জন ৷ কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে কোটি কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে । এতিয়া চিনেমাখনৰ শেহতীয়া বিশ্বব্যাপী উপাৰ্জনৰ তথ্য পোহৰলৈ আহিছে । ৯ দিনত ছবিখনে কিমান কোটি টকা উপাৰ্জন কৰিলে জানো আহক ।

৬০০ কোটি টকাৰ ক্লাবৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে ‘ছালাৰ’

চলচ্চিত্ৰ ব্যৱসায় বিশ্লেষক মনোবালা বিজয়বালানে ‘ছালাৰ’ৰ বিশ্বব্যাপী উপাৰ্জনৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে, সেই অনুসৰি প্ৰভাসৰ ছবিখনে দ্ৰুতগতিত ৬০০ কোটি টকাৰ ক্লাবৰ দিশে আগবাঢ়িছে । 'ছালাৰ'এ ৯ দিনত অৰ্থাৎ দ্বিতীয় শনিবাৰে ২১.৪৫ কোটি টকাৰ ব্যৱসায় কৰিছে । এইদৰে ছবিখনে ৯ দিনত মুঠ ৫৭৮.২৯ কোটি টকাৰ ব্যৱসায় কৰিছে ।

এতিয়ালৈকে ‘ছালাৰ’ৰ মুঠ বিশ্বব্যাপী উপাৰ্জন

প্ৰথম দিন – ১৭৬.৫২ কোটি টকা

দ্বিতীয় দিন – ১০১.৩৯ কোটি টকা

তৃতীয় দিন- ৯৫.২৪ কোটি টকা

চতুৰ্থ দিন- ৭৬.৯১ কোটি

পঞ্চম দিন- ৪০.১৭ কোটি টকা

ষষ্ঠ দিন – ৩১.৬২ কোটি টকা

সপ্তম দিন – ২০.৭৮ কোটি

অষ্টম দিন- ১৪.২১ কোটি টকা

নৱম দিন – ২১.৪৫ কোটি টকা

মুঠ- ৫৭৮.২৯ কোটি টকা

ভাৰতত ‘ছালাৰ’ৰ উপাৰ্জন

প্ৰভাসৰ ‘ছালাৰ’এ ভাৰততো ব্যাপক ধন উপাৰ্জন কৰিছে । এই ছবিখনে ঘৰুৱা বক্স অফিচত ৩৩০.১৭ কোটি টকাৰ ব্যৱসায় কৰিছে । এয়া ৯ দিনৰ উপাৰ্জনৰ সংখ্যা । প্ৰথম দিনাই বিশ্বব্যাপী ১৭৬.২৫ কোটি টকাৰ ব্যৱসায়েৰে শ্বাহৰুখ খানৰ ‘পাঠান’ আৰু ‘জৱান’ৰ অভিলেখ ভংগ কৰিছিল ‘ছালাৰ’এ ।

লগতে পঢ়ক: Year Ender 2023: ‘এনিমেল’কে ধৰি এই A Certificate ছবিবোৰে কঁপাই তুলিলে বক্স অফিচ, সংগ্ৰহ হ’লগৈ ২ হাজাৰ কোটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.