ETV Bharat / entertainment

ছেম বাহাদুৰত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা শচীন তেণ্ডুলকাৰৰ

Sachin Tendulkar On Sam Bahadur: ‘ছেম বাহাদুৰ’ ছবিখনৰ দৰ্শনীৰ সময়ৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত শচীন তেণ্ডুলকাৰক বিকি কৌশলৰ সৈতে দেখা গৈছে । শচীনে ছবিখনক প্ৰশংসা কৰা দেখা যায় । ইয়াত চাওক ভিডিঅ’ ৷

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 12:39 PM IST

Sachin Tendulkar praises Vicky Kaushal's performance in Sam Bahadur
বিকি কৌশলৰ অভিনয়ত আপ্লুত শচীন তেণ্ডুলকাৰ

চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: অৱশেষত ছবিগৃহত মুক্তি পালে বিকি কৌশলৰ আটাইতকৈ প্ৰত্যাশিত ছবি "ছেম বাহাদুৰ" । এনে পৰিস্থিতিত একাংশ বিশেষ ব্যক্তিৰ বাবে আয়োজন কৰা হৈছিল ছবিখনৰ বিশেষ দৰ্শনী ৷ এই দৰ্শনীত প্ৰবীণ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰেও ছবিখন চাইছিল । ‘ছেম বাহাদুৰ’ চোৱাৰ পাচত শচীন তেণ্ডুলকাৰে ছবিখনৰ খুব প্ৰশংসা কৰে । প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে ছেম মানেকশ্ব’ৰ চৰিত্ৰত বিকি কৌশলৰ অভিনয়ত অতিশয় আপ্লুত হয় আৰু সেয়েহে তেওঁ অভিনেতাজনৰ প্ৰশংসাত পঞ্চমুখ হয় ।

‘ছেম বাহাদুৰ’ৰ দৰ্শনীৰ সময়ৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে । য’ত বিকি কৌশলৰ সৈতে শচীন তেণ্ডুলকাৰকো দেখা গৈছে । ছবিখন চাই ছবিগৃহৰ পৰাই ওলাই অহাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শচীনে কয়, ‘‘বহুত ভাল ছবি । বিকিৰ অভিনয়ত মই আপ্লুত হৈছো । ছবিখন চাই এনে লাগিল যেন সঁচাকৈয়ে আমাৰ সন্মুখত ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ আছে । শৰীৰৰ ভাষা আৰু কথন শৈলী আচৰিত আছিল । আমাৰ দেশৰ ইতিহাস জানিবলৈ মই নিশ্চিতভাৱে ক’ম যে এই ছবিখন চাব লাগে । মই ক’ম যে এই ছবিখন সকলো প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ ।’’

শচীনৰ বাবে পোষ্ট শ্বেয়াৰ কৰিলে বিকিয়ে

শচীন তেণ্ডুলকাৰৰ পৰা প্ৰশংসা লাভ কৰাৰ পাচত ক্ৰিকেটাৰগৰাকীক ধন্যবাদ জনাইছে বিকি কৌশলে । বিকিয়ে নিজৰ ইনষ্টাগ্ৰামত শচীনৰ সৈতে এখন ফটো পোষ্ট কৰিছে । ফটোখন পোষ্ট কৰি কেপচনত লিখিছে, ‘‘মোৰ শৈশৱৰ নায়কে আজি মোৰ ছবিখন চাইছে ! মই ঠিকেই আছো ! ধন্যবাদ শচীন ছাৰ আপোনাৰ মৰমলগা কথাবোৰৰ বাবে... মই গোটেই জীৱন মনত ৰাখিম ।’’

ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘ছেম বাহাদুৰ’

উল্লেখ্য যে, ‘ছেম বাহাদুৰ’ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ আধাৰত নিৰ্মিত এখন ছবি, যিখন ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে । ভাৰতীয় সেনাবাহিনীক সন্মুখৰ পৰা নেতৃত্ব দিয়া আৰু বাংলাদেশ ৰাষ্ট্ৰ সৃষ্টি কৰা এজন সাহসী ব্যক্তি আছিল ছেম মানেকশ্ব’ । মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন RSVP Movies ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে । বিকি কৌশলৰ উপৰিও ফাতিমা সানা শ্বেইখ, সন্যা মালহোত্ৰা, নীৰজ কবি, এডৱাৰ্ড ছনেনব্লিক আৰু জীশন আয়ুবেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: ছেম মানেকশ্ব’ৰ চৰিত্ৰত দৰ্শকৰ হৃদয় চুই গ’ল বিকি কৌশলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.