ETV Bharat / entertainment

RRR movie release in USA: আমেৰিকাৰ বিখ্যাত ছবিগৃহত RRR চাবলৈ দৰ্শকৰ হেতা-ওপৰা - RRR মুক্তিৰ ৩৪২ দিন

RRR মুক্তিৰ ৩৪২ দিনতো ছবিখন চাবলৈ দৰ্শকৰ হেতা-ওপৰা ৷ আৰ আৰ আৰ ছবিখনৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত ছবিখন চাবলৈ দৰ্শকৰ দীঘলীয়া শাৰীৰ এখন ফটো শ্বেয়াৰ কৰিছে ৷

RRR souring high as 1647-seater venue sold out in Los Angeles on 342nd day of RRR movie release
ছবিগৃহত RRR চাবলৈ দৰ্শকৰ হেতা-ওপৰা
author img

By

Published : Mar 2, 2023, 10:39 PM IST

চিটাৰা ডেস্ক, 2 মাৰ্চ: চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ তেলেগু ব্লকবাষ্টাৰ ছবি "আৰ আৰ আৰ" হাউচফুল শ্ব'ৰে বিশ্বৰ বক্স অফিচত অব্যাহত ৰাখিছে আধিপত্য (Blockbuster film RRR) । ছবিখন মুক্তিৰ ৩৪২ সংখ্যক দিনত আমেৰিকাৰ লছ এঞ্জেলছত ১৬৪৭ চিটৰ টিকট সম্পূৰ্ণ বিক্ৰী হৈ গ’ল ৷ ইয়াকে লৈ উৎফুল্লিত ছবিখনৰ নিৰ্মাতাৰ লগতে ছবিখনৰ লগত জড়িত সকলো লোক ৷ ইনষ্টাগ্ৰামত আৰ আৰ আৰৰ অফিচিয়েল হেণ্ডেলত এই সন্দৰ্ভত এখন ফটো শ্বেয়াৰ কৰা হৈছে (342nd day of RRR movie release) ৷

RRR চাবলৈ দৰ্শকে দীঘলীয়া শাৰী পতাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ৷ চিনেমাখনৰ আপডেট শ্বেয়াৰ কৰা চিনেমাখনৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলে এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত লিখা আছিল: A 1647- #RRRMovie মুক্তিৰ ৩৪২ সংখ্যক দিনত আমেৰিকাৰ লছ এঞ্জেলছত ১৬৪৭ চিটৰ টিকট বিক্ৰী হৈ গৈছে । দৰ্শকে ছবিখন চাবলৈ ছবিগৃহত প্ৰৱেশ কৰিবলৈ দীঘলীয়া শাৰী পাতি থকা দৃশ্যই মন চুই যায় । @BeyondFest @am_cinematheque @VarianceFilms @sarigamacinemas ।"

ইয়াৰ পূৰ্বে আৰ আৰ আৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলে ঘোষণা কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখনে লাভ কৰা মৰমৰ পিচত ৰাজামৌলিৰ আৰ আৰ আৰ আমেৰিকাৰ চিনেমাগৃহত পুনৰ মুক্তি পাব (1647 seater venue sold out in Los Angeles)। ৯৫ সংখ্যক একাডেমী বঁটাৰ পূৰ্বে সমগ্ৰ আমেৰিকাৰ ছবিগৃহত মুক্তি পাব আৰ আৰ আৰ (Venue sold out in Los Angeles) ।

‘আৰ আৰ আৰ’ চিনেমাখনৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজৰ লগতে ছবিখনত অভিনয় কৰা ৰাম চৰণেও এটা পোষ্টযোগে এই খবৰটো তেওঁৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে (Ram Charan insta post)। ৰামে পোষ্টটোত লিখিছে, "৩ মাৰ্চৰ পৰা সমগ্ৰ আমেৰিকাৰ চিনেমাগৃহত @rrrmovie মুক্তি পাব ৷ আমাক আকৌ এবাৰ ডাঙৰ পৰ্দাত দেখা পাব ।"

আৰ আৰ আৰ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাম চৰণ আৰু এন টি আৰ জুনিয়ৰে ৷ এট কাল্পনিক স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজু আৰু কোমাৰন ভীমৰ কাহিনী দৰ্শোৱা হৈছে ছবিখনত। বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগন আৰু আলিয়া ভাটেও এছ এছ ৰাজামৌলিৰ আৰ আৰ আৰ ছবিখনত অভিনয় কৰিছে ।

লগতে পঢ়ক: Allu Arjun Rejects SRK Jawan: শ্বাহৰুখ খানৰ ছবিত অভিনয় কৰিবলৈ কিয় নাকচ কৰিলে আল্লু অৰ্জুনে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.