ETV Bharat / entertainment

RARKPK on OTT: ডিলিট কৰা দৃশ্যৰ সৈতে OTT ত মুক্তি ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি, ক’ত চাব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:41 PM IST

ছবিগৃহত আলোড়নৰ সৃষ্টি কৰাৰ পিচত এতিয়া এই OTT প্লেটফৰ্মত মুক্তি লাভ কৰিলে আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ অভিনীত ছবি 'Rocky aur Rani Ki Prem Kahani'।

Rocky Aur Rani Kii Prem Kahaani OTT Release: Know where to watch online
OTT ত মুক্তি ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি

চিটাৰা ডেস্ক, ১৪ ছেপ্টেম্বৰ: বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে ৭ বছৰৰ পিচত পৰিচালক হিচাপে পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিছে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ ছবিৰ জৰিয়তে । আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ অভিনীত এই ছবিখন বক্স অফিচত হিট বুলি প্ৰমাণিত হৈছে ৷ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে ছবিখনৰ কনচেপ্টটো ৰাইজে অতিশয় ভাল পাইছিল। ডাঙৰ পৰ্দাত ছবিখনে নিজৰ যাদু দেখুৱাৰ পিচত এতিয়া অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে এই ছবিখন ।

আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিছে

উল্লেখ্য যে, কৰণ জোহৰৰ এই ছবিখন ইতিমধ্যে এই সপ্তাহৰ আৰম্ভণিতে Amazon Prime Video ত মুকলি হৈছে । অৱশ্যে বৰ্তমান দৰ্শকে এই ছবিখন উপভোগ কৰিবলৈ খৰচ কৰিব লাগিব ধন ৷ আগন্তুক ৩০ দিনৰ বাবে প্ৰাইম ভিডিঅ’ত ৰেন্টত চাব পাৰিব এই ছবিখন। ইয়াৰ পিচত এই ছবিখন অ’টিটিত বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব ।

ছবিখনৰ ডিলিট কৰা দৃশ্যসমূহো অন্তৰ্ভুক্ত কৰা হৈছে অ’টিটিত

খবৰ অনুসৰি থিয়েটাৰত মুক্তিৰ সময়ত ডিলিট কৰা দৃশ্যসমূহৰ সৈতে এতিয়া মুক্তি লাভ কৰিব অ’টিটি প্লেটফৰ্মত । খবৰ অনুসৰি অ’টিটি মুক্তিৰ পূৰ্বে ছবিখনত ১০ মিনিটৰ দৃশ্য সংযোজন কৰিছে নিৰ্মাতাসকলে । কিছুদিন পূৰ্বে কৰণ জোহৰে ছবিখনৰ এটা ডিলিট কৰা দৃশ্য তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল ।

ছবিখনৰ কাহিনীটো নতুন প্ৰজন্মৰ

ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে ৰণবীৰ সিঙক দেখা গৈছে ৰকি ৰন্ধাৱা নামৰ এজন আকৰ্ষণীয় পাঞ্জাবী যুৱকৰ চৰিত্ৰত। বঙালী টিভিৰ সাংবাদিক ৰাণী চেটাৰ্জীৰ চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে। দুয়ো ইগৰাকীয়ে সিগৰাকীৰ প্ৰেমত পৰে । কাহিনীটোৰ টুইষ্ট তেতিয়া আহে যেতিয়া বিভিন্ন ব্যক্তিত্বৰ বাবে দুয়োগৰাকীয়ে বিয়াৰ আগতে ইগৰাকীয়ে সিগৰাকীৰ পৰিয়ালৰ লগত থাকিবলৈ সিদ্ধান্ত লয়।

লগতে পঢ়ক: Jailer On OTT: OTT মুক্তিৰ ঘোষণা জেইলাৰ, কেতিয়া আৰু কোনটো OTT প্লেটফৰ্মত চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.