চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: ৪ বছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনটো এক দুঃস্বপ্নৰ দৰে আছিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বাবে ৷ সেই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে বেদনাদায়ক আৰু ভয়ংকৰ পৰ্যায়ৰ মাজেৰে পাৰ হৈছিল । এই ঘটনাত তেওঁৰ কেৰিয়াৰ প্ৰায় সম্পূৰ্ণ ৰূপে শেষ হৈ পৰিছিল আৰু মানসিকভাৱেও ভাঙি পৰিছিল অভিনেত্ৰীগৰাকী ৷ দৰাচলতে ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু হৈছিল আৰু ৰিয়া আছিল সুশান্তৰ প্ৰেমিকা ৷ ইয়াৰ পিচতে সুশান্তৰ মৃত্যুৰ অভিযোগ উত্থাপন হয় ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে, যাৰ বাবে ৰিয়া কাৰাগাৰলৈও যাবলগীয়া হৈছিল । এতিয়া চাৰি বছৰ পিচত এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে সেই বেয়া দিনৰ কথা মুকলিকৈ প্ৰকাশ কৰে ।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত জেইললৈ যাবলগীয়া হৈছিল ৰিয়া । জেইলত এদিন বা দুদিন নহয়, প্ৰায় ৬ সপ্তাহ থাকিবলগীয়া হয় । এতিয়া এক টক শ্ব’ত কাৰাগাৰত কেনেকৈ সময় কটাইছিল সেই কথা ক’লে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘ক’ভিড নিয়মৰ বাবে মোক ১৪ দিন অকলে ৰখা হৈছিল । মোক সোধা হৈছিল যে মই দুপৰীয়াৰ আহাৰ খাব বিচাৰো নেকি ? মই ইমানেই ভাগৰুৱা আছিলো আৰু মোৰ ভোকো লাগিছিল, সেয়ে মোক যি দিয়া হৈছিল তাকে খাইছিলোঁ ।’’
জেইলত কেনেকৈ দিন পাৰ কৰিছিল ৰিয়াই ?
অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত কয়, ‘‘জেইলৰ খাদ্যত ৰুটি আৰু কেপচিকামৰ চবজি আছিল । কেপচিকাম পানীত ওপঙি আছিল । কিন্তু মোৰ বাবে ইয়াৰ কোনো পাৰ্থক্য নাছিল ।’’ অভিনেত্ৰীগৰাকীয়ে কয় যে ঘৰৰ পৰা ৫ হাজাৰ টকাৰ মানি অৰ্ডাৰ পোৱা গৈছিল আৰু তাতেই তেওঁ মেনেজ কৰিব লগা হৈছিল । ৰিয়াই কয়,‘‘মই সেইখিনি টকাৰে কাৰাগাৰত পানী ক্ৰয় কৰিছিলো ৷ কাৰণ জেইলৰ পানীতকৈ সেইখিনি পানী বহুত ভাল আছিল । মোৰ ২৫০০ টকা পানী ক্ৰয় কৰোতেই শেষ হৈছিল ৷’’
কাৰাগাৰৰ শৌচাগাৰৰ বিষয়ে কি ক’লে ৰিয়াই
সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কাৰাগাৰৰ শৌচাগাৰৰ বিষয়ে ক’লে – এইটোৱেই আছিল জেইলত থকাৰ আটাইতকৈ কঠিন কাম । শুই থকা ঠাইৰ কাষতে এটা শৌচাগাৰ আছিল । কিন্তু সেই সময়চোৱাত মানসিক অশান্তি ইমানেই বেছি আছিল যে ইয়াৰ তুলনাত শাৰীৰিক আঘাতো একোৱে যেন লগা নাছিল । তেতিয়া মই ভাবিছিলো যে মই লেতেৰা বাথৰুমটোও মেনেজ কৰিব পাৰিম ।