ETV Bharat / entertainment

Tiger 3: সাজু হওক, ট্ৰেইলাৰৰ পূৰ্বে মুকলি টাইগাৰ ৩ৰ পোষ্টাৰ

‘টাইগাৰ ৩’ৰ আটাইতকৈ প্ৰত্যাশিত ট্ৰেইলাৰৰ পূৰ্বে ছলমান খানে ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰি অনুৰাগীৰ উত্তেজনা আৰু বৃদ্ধি কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:43 PM IST

'Ready ho jao', says Salman Khan as Tiger 3 trailer release date inches closer, superstar looks intense as he knocks out enemies
‘টাইগাৰ ৩’ৰ নতুন পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, 11 অক্টোবৰ: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে ছলমান খানৰ ‘টাইগাৰ’ ফ্ৰেঞ্চাইজিৰ তৃতীয় পাৰ্ট ‘টাইগাৰ ৩’ৰ বাবে । অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰি আজি বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে মুকলি কৰিলে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবিখনৰ নতুন পোষ্টাৰ । ‘টাইগাৰ ৩’ৰ পোষ্টাৰখনত ছলমান খানৰ নতুন ৰূপ দেখাৰ পিচত অনুৰাগীয়ে ছবিখন মুক্তিৰ বাবে যেন ৰৈ থাকিব পৰা নাই ।

'টাইগাৰ ৩'ৰ নতুন পোষ্টাৰত গাম্ভীৰ্যপূৰ্ণ ৰূপত দেখা গৈছে ছলমান খানক

বুধবাৰে ছলমান খানে তেওঁৰ আগন্তুক ছবি ‘টাইগাৰ ৩’ৰ নতুন পোষ্টাৰ নিজৰ ইনষ্টাগ্ৰামত মুকলি কৰে, য’ত তেওঁক অতি গাম্ভীৰ্যপূৰ্ণ ৰূপত দেখা গৈছে । এই নতুন পোষ্টাৰখনত অভিনেতাজনে আঁঠু লৈ মাটিত বহি হাতত বন্দুক লৈ থকা দেখা গৈছে । পোষ্টাৰখনত ক’লা পেণ্টৰ সৈতে জেকেট, লগতে চিগনেচাৰ চেকাৰযুক্ত বগা আৰু ক’লা স্কাৰ্ফ পৰিধান কৰা ছলমানক অতি ডেছিং দেখা গৈছে । উল্লেখ্য যে এই ছবিখনত ছলমানক আকৌ এবাৰ ছুপাৰ এজেণ্ট টাইগাৰ ওৰফে অবিনাশ সিং ৰাঠোৰৰ চৰিত্ৰত দেখা যাব ।

ছলমান খানৰ কেপচনে ট্ৰেইলাৰক লৈ উত্তেজনা বৃদ্ধি কৰিছে অনুৰাগীৰ

উল্লেখ্য যে, অহা ১৬ অক্টোবৰত মুক্তি পাব ‘টাইগাৰ ৩’ৰ ট্ৰেইলাৰ । পোষ্টাৰখন শ্বেয়াৰ কৰি ছলমান খানে কেপচনত লিখিছে, "টাইগাৰ আহি আছে । ১৬ অক্টোবৰ । টাইগাৰ ৩ ৰ ট্ৰেইলাৰৰ বাবে সাজু হওক ! ৫ দিন বাকী আছে টাইগাৰ ৩ ট্ৰেইলাৰলৈ, টাইগাৰ ৩ এই দীপাৱলীত ছবিগৃহলৈ আহিব । হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব ।"

  • " class="align-text-top noRightClick twitterSection" data="">

‘টাইগাৰ ৩’ ৰ YRF ৰ চোৰাংচোৱা ইউনিভাৰ্ছৰ পঞ্চমখন ছবি

‘এক থা টাইগাৰ’, ‘টাইগাৰ জিন্দা হ্যা’, ‘ৱাৰ’ আৰু ‘পাঠান’ৰ পিচত ৱাই আৰ এফৰ চোৰাংচোৱা ইউনিভাৰ্ছৰ পঞ্চমখন ছবি হৈছে ‘টাইগাৰ ৩’ । মনীশ শৰ্মাৰ পৰিচালনা আৰু আদিত্য চোপ্ৰাৰ প্ৰযোজনাত ছলমান খান আৰু কেটৰিণা কাইফৰ যুটিক পুনৰবাৰ দেখা যাব ‘টাইগাৰ ৩’ ত । এই ছবিখন চলিত বৰ্ষৰ দীপাৱলীত চিনেমাগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Tiger 3: দেশদ্ৰোহী নে দেশপ্ৰেমিক ? ভাৰতৰ পৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ বিচাৰিছে ছলমান খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.