চিটাৰা ডেস্ক, 9 ডিচেম্বৰ : দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাক কানাড়া চলচ্চিত্ৰ জগতে নিষেধ কৰিছে বুলি এটা বাতৰি কিছু সময় ধৰি প্ৰচাৰ হৈ আছে ৷ এতিয়া অভিনেত্ৰী গৰাকীয়ে এই বাতৰিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অভিনেত্ৰী ৰশ্মিকাই ইয়াক উৰাবাতৰি বুলি অভিহিত কৰে (Rashmika Mandanna latest news) ৷ তেওঁ স্পষ্ট কৰি দিয়ে যে কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । "চিনেমাখন চোৱাৰ পিছত মই 'কান্তৰা'ৰ দললৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিলোঁ । ভিতৰত কি হৈছে পৃথিৱীয়ে নাজানে", অভিনেত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে ।
"আমি সদায় আমাৰ ব্যক্তিগত জীৱনত কেমেৰা লগাই দেখুৱাব নোৱাৰো । আমি এনেকুৱা মানুহো নহয় যিয়ে এই বাৰ্তাসমূহ প্ৰেৰণ কৰিম ! আমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে মানুহে কি কয় সেয়া গুৰুত্বপূৰ্ণ নহয়", তেওঁ লগতে কয় । শেহতীয়াকৈ এটা জনপ্ৰিয় ফুড ডেলিভাৰী এপৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰশ্মিকাই প্ৰকাশ কৰিছিল যে তেওঁ অংশগ্ৰহণ কৰা আৰু জয়ী হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ফটো এখন বাতৰি কাকতত দেখি কোনোবা প্ৰডাকচন কোম্পানী এটা তেওঁৰ কাষ চাপিছিল ।
কিন্তু কানাড়া চলচ্চিত্ৰ জগতৰ অনুৰাগীসকলে তেওঁৰ এই বক্তব্যত ক্ষোভ প্ৰকাশ কৰে কাৰণ তেওঁ প্ৰডাকচন কোম্পানী 'পৰমবাহ ষ্টুডিঅ' ৰ কথা উল্লেখ নকৰে, যিয়ে তেওঁক অভিনয়ৰ প্ৰথম সুযোগ প্ৰদান কৰিছিল । তেওঁৰ প্ৰথম ছবি ‘কিৰিক পাৰ্টী’ ৰ প্ৰযোজক আছিল পৰমবাহ ষ্টুডিঅ’ আৰু পৰিচালনা কৰিছিল ‘কান্তৰা’ খ্যাতিৰ ঋষভ শেট্টীয়ে । বিখ্যাত হৈ পৰা কান্তৰাৰ প্ৰডাকচন কোম্পানীটোৰ প্ৰতি অকৃতজ্ঞতা আৰু ঋষভ শেট্টীৰ প্ৰতি ঈৰ্ষা কৰি ৰশ্মিকাই এনে কৰে বুলি বাতৰি প্ৰচাৰ হ’বলৈ লয় ৷ ছ’চিয়েল মিডিয়াত তেওঁক কানাড়া চলচ্চিত্ৰ উদ্যোগৰ পৰা নিষিদ্ধ কৰাৰ ওপৰতো দৈনিক খবৰ আহিবলৈ লয় তেতিয়াৰ পৰা ৷