ETV Bharat / entertainment

Deepika Padukone cannes 2022: দশকটোৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ লাভ কৰিলে দীপিকা পাডুকনে

author img

By

Published : May 27, 2022, 10:05 PM IST

কাঁ চলচ্চিত্ৰ মহোৎসৱ 2022 ত জুৰী সদস্য হিচাপে উপস্থিত থকা দীপিকা পাডুকনে লাভ কৰিলে দশকটোৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ (Deepika Padukone cannes 2022) ৷ উপহাৰ লাভ কৰি উৎফুল্লিত হৈ পৰা দীপিকাৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত ৰণবীৰ সিঙক তেওঁৰ কোলাত বহি থকা দেখা গৈছে । চাওক ভিডিঅ’টো-

Deepika Padukone cannes 2022
দশকটোৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ লাভ কৰিলে দীপিকা পাডুকনে

চিটাৰা ডেস্ক, 27মে’ : বলীউডৰ বিখ্যাত অভিনেত্ৰী দীপিকা পাডুকন বৰ্তমান আছেগৈ ফ্ৰান্সত ৷ কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত দীপিকাই ভাৰতক প্ৰতিনিধিত্ব কৰি বিচাৰক হিচাপে অংশ লৈছে (Deepika Padukone cannes 2022) । ইমান ব্যস্ততাৰ মাজতো দীপিকা ছ'চিয়েল মিডিয়াত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে (Deepika Padukone instagram) । কাঁ চলচ্চিত্ৰ মহোৎসৱৰ 28 মে'ত সমাপ্ত হ'ব । অনুষ্ঠানটো সমাপ্ত হোৱাৰ আগদিনা দীপিকা পাডুকনে কাঁ মহোৎসৱৰ পৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ।

এই ভিডিঅ'টোত দীপিকা পাডুকনক যথেষ্ট ফূৰ্তিত থকা দেখা গৈছে (Deepika Padukone video from cannes 2022)। ভিডিঅ'টোত অভিনেত্ৰীগৰাকীৰ স্বামী আৰু অভিনেতা ৰণবীৰ সিঙকো দেখা গৈছে ।

ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই ভিডিঅ'টোত দীপিকা পাডুকনক কাঁ মহোৎসৱৰ পৰিৱেশ উপভোগ কৰা দেখা গৈছে ৷ অভিনেতা ৰণবীৰ সিঙকো এই ভিডিঅ'টোত দেখা গৈছে । দীপিকাৰ লগত থকা টীমটোৱে অভিনেত্ৰী গৰাকীক এটা ডাঙৰ চকলেট উপহাৰ দিয়ে ৷ চকলেটটো পোৱাৰ পিছত দীপিকা উৎফুল্লিত হৈ পৰে আৰু এইটোক দশকটোৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ হিচাপে চিঞৰি উঠে ৷

চকলেট পাই উৎফুল্লিত হৈ পৰা দীপিকাক দেখি ৰণবীৰো আনন্দত আত্মহাৰা হৈ পৰে ৷ নিজৰ ঠাইৰ পৰা গৈ দীপিকাৰ কোচত বহেগৈ ৰণবীৰ সিং (Deepika Padukone and Ranveer Singh cannes 2022) ৷ চাওক ভিডিঅ’টো-

ৰণবীৰ সিঙে অলপতে ভাৰতলৈ উভতি আহিছে ৷ ২৫ মে'ত তেওঁ কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীতো উপস্থিত থাকে ।

লগতে পঢ়ক: Cannes 2022: লুইছ ভিটনৰ পোছাকত দীপিকাৰ বিচিত্ৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.