ETV Bharat / entertainment

HBD Ranveer Singh: এসময়ত বিজ্ঞাপনৰ বাবে কন্টেন্ট লিখা ৰণবীৰ কেনেকৈ হৈ পৰিল অনুৰাগীৰ হিয়াৰ আমঠু - দীপিকা পাডুকণ

সৰুৰে পৰা অভিনেতা হ’ব খুজিছিল যদিও নিজৰ গন্তব্য স্থান লাভ কৰাৰ আগতে তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল । হয়, আমি ৰণবীৰ সিঙৰ কথাই কৈছোঁ, যাৰ আজি জন্মদিন ।

Ranveer Singh Birthday special struggles career films family unknown facts of Bollywood actor Ranveer Singh
এসময়ত বিজ্ঞাপনৰ বাবে কন্টেন্ট লিখা ৰণবীৰ কেনেকৈ হৈ পৰিল অনুৰাগীৰ হিয়াৰ আমঠু
author img

By

Published : Jul 6, 2023, 4:18 PM IST

চিটাৰা ডেস্ক, 6 জুলাই: ১৯৮৫ চনৰ ৬ জুলাইত মুম্বাইত বাস কৰা এটা সিন্ধী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা ৰণবীৰ সিং আজি কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় । অৱশ্যে আজি তেওঁ যি স্থানত আছে সেই স্থান লাভ কৰিবলৈ তেওঁ বহু সংগ্ৰাম কৰিছিল । জন্মদিনৰ বিশেষ অনুষ্ঠানত আমি আপোনালোকক ৰণবীৰৰ জীৱনৰ সংগ্ৰামৰ সৈতে পৰিচয় কৰাই দিছো ।

সৰুৰে পৰা হ’ব বিচাৰিছিল অভিনেতা

‘ইতনি শ্বিদ্দত চে মেনে তুমহে পানে কী কৌচিছ কী হে কি জৰ্ৰে নে তুমচে মিলানে কী চাজিস কী হ্যে, কেহতে হ্যে কি আগাৰ কিছি চীজ কো দিল চে চ্যাহো তো পুৰী কায়েনাট ওচে তুমচে মিলানে কী কৌচিছ ম্যে লগ যাতি হ্যে ।’ যদিও এই সংলাপ ওম শান্তি ওম ছবিৰ, কিন্তু ৰণবীৰ সিঙৰ জীৱনৰ লগত ই ভালদৰে খাপ খাই পৰে ।

দৰাচলতে সৰুৰে পৰাই তেওঁ অভিনেতা হ’ব বিচাৰিছিল । এই কাৰণেই তেওঁ পূৰ্বে বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিখন নাটকতে অংশ লৈছিল । তেওঁ অভিনয়ৰ নিচাত ইমানেই মগ্ন আছিল যে এইচ আৰ কলেজৰ পৰা কমাৰ্চত পঢ়ি থকাৰ সময়তো তেওঁ অবিৰতভাৱে অডিচন দিছিল ।

অৱশ্যে সেই সময়ছোৱাত তেওঁক নিৰ্বাচিত কৰা হোৱা নাছিল । ইয়াৰ বাবেই ৰণবীৰে তেওঁৰ বাটত থকা বাধাবোৰৰ বিষয়ে এটা উমান পাইছিল, যিবোৰৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ অভিনয়ৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল ।

এসময়ত বিজ্ঞাপনৰ বাবে কন্টেন্ট লিখিছিল ৰণবীৰে

উল্লেখ্য যে, ৰণবীৰ সিঙৰ সম্পূৰ্ণ নাম ৰণবীৰ সিং ভৱনানী । নামটোৰ লগত বহুত দীঘলীয়া যেন লাগিছিল বাবেই তেওঁ নিজৰ নামৰ পৰা ‘ভৱননী’ শব্দটো আঁতৰাই পেলায় । ইমান দীঘলীয়া নাম থাকিলে ছবি জগতত তেওঁৰ গুৰুত্ব কম হ’ব বুলি তেওঁ অনুভৱ কৰিছিল । আপুনি জানি আচৰিত হ’ব যে ৰণবীৰ যেতিয়া কোনো অডিচনত সফল হ’ব পৰা নাছিল তেতিয়া তেওঁ আগতে এডভাৰটাইজিং এজেন্সীত লেখক হিচাপে কাম কৰিছিল । সেই সময়ছোৱাত তেওঁ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল ।

এই ছবিখনে ভাগ্য সলনি কৰিলে

ভাগ্যৰ দুৱাৰত অহৰহ টোকৰ মাৰি অৱশেষত সফলতাৰ পথ বিচাৰি পালে ৰণবীৰে । আচলতে যশ ৰাজ ফিল্মছে নিজৰ চিনেমা ‘বেণ্ড বাজা বাৰাত’ৰ বাবে নতুন মুখৰ সন্ধান কৰিছিল, য’ত ৰণবীৰ সিং ফিট হৈ পৰিছিল ।

এই ছবিখনৰ জৰিয়তে তেওঁ বলীউডত অভিষেক ঘটায় আৰু নিজৰ সৰ্বোত্তম অভিনয় প্ৰদৰ্শন কৰিছিল । দৰাচলতে ৰণবীৰ সিঙে এই ছবিখনত বিট্টু শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ কেইবাদিনো দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত কটায় তাৰ পৰিবেশ বুজিবলৈ । এই ছবিখনৰ বাবে ৰণবীৰে বেষ্ট মেইল ডেব্য়ু বঁটাও লাভ কৰে ।

মাত্ৰ ১৩ বছৰত কৰিলে এই কাম

আপুনি জানি আচৰিত হ’ব যে, ৰণবীৰ সিঙে মাত্ৰ ১৩ বছৰীয়া চলচ্চিত্ৰ জীৱনৰ ভিতৰতে শীৰ্ষ তাৰকাৰ তালিকাত নিজকে অন্তৰ্ভুক্ত কৰিছে । তেওঁ এতিয়ালৈকে কৰা সকলো ছবিতে তেওঁৰ অভিনয়ৰ প্ৰশংসা লাভ কৰিছে । অতি সোনকালে তেওঁৰ ছবি ৰকি আৰু ৰাণীৰ প্ৰেম কাহিনী আহিব, যাৰ ওপৰত তেওঁৰ বহু আশা । দৰাচলতে তেওঁৰ শেষৰখন ছবি চাৰ্কাছে ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাছিল ।

লগতে পঢ়ক: Salaar Teaser Out: প্ৰভাসৰ আকৰ্ষণীয় ষ্টাইলে টোপনি কাঢ়িব আপোনাৰ, মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ৰ টিজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.