চিটাৰা ডেস্ক, 29 মে’: ২৮ মে’ত সাৱৰকাৰৰ ১৪০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মুক্তি লাভ কৰে ৰণদীপ হুদাৰ অভিনীত ছবি ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ৰ টিজাৰ (Swatantrya Veer Savarkar Teaser out)। টিজাৰত ৰণদীপক অতি দুৰ্বল আৰু ক্ষীণ দেখা গৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনত সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে ৰণদীপে । সেয়াহে, শাৰীৰিকভাৱে সাৱৰকাৰৰ সদৃশ হ’বলৈ ৰণদীপ হুদাই ২৬ কিলো ওজন কমাবলগীয়া হৈছিল ৷ কিন্তু আপুনি জানেনে কেনেকৈ অভিনেতাগৰাকীয়ে নিজৰ ওজন হ্ৰাস কৰিছে ৷ চাৰি মাহে অভিনেতাগৰাকীয়ে দুটা বস্তু গ্ৰহণ কৰিছিল ৷ এই কথা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজকে (Swatantrya Veer Savarkar Official Teaser) ।
এই ছবিখনৰ প্ৰযোজক আনন্দ পণ্ডিতে প্ৰকাশ কৰিছে যে বিনায়ক দামোদৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৰণদীপে ২৬ কেজি কমাবলগীয়া হৈছিল (Randeep Hooda was on a diet) । প্ৰযোজকগৰাকীয়ে কয়, ‘ৰণদীপে সাৱৰকাৰৰ চৰিত্ৰটোক লৈ অতিশয় উৎসাহিত হৈ আহিছে, পৰ্দাত এই চৰিত্ৰটোৰ বাবে তেওঁ নিজৰ পৰা সকলো প্ৰচেষ্টা কৰিছিল ৷ সেয়াহে শ্বুটিং শেষ নোহোৱালৈকে চাৰি মাহে মাত্ৰ ১ টা খেজুৰ আৰু এগিলাচ গাখীৰ সেৱন কৰিছিল ।
প্ৰযোজকজনে লগতে কয়, ‘কেৱল এয়াই নহয়, সাৱৰকাৰৰ দৰে দেখাবলৈ তেওঁ মূৰৰ চুলিকোচাও চেভ কৰিছিল’। উল্লেখ্য যে, ৰণদীপে এই ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি লিখিছে, ‘ভাৰতৰ বিপ্লৱী’। এইবৰ্ষতে মুক্তি পাব আৰু ইয়াৰ পৰিচালনা কৰিছে স্বয়ং ৰণদীপ হুডাই । ৰণদীপে এই ছবিখনৰ জৰিয়তে পৰিচালকৰ জীৱন আৰম্ভ কৰিবলৈ ওলাইছে।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰণদীপ হুদাই ‘সৰৱজিত’ ছবিখনৰ বাবে নিজৰ ওজন হ্ৰাস কৰিছিল । ২০১৬ চনৰ ২০ মে’ত মুক্তি লাভ কৰিছিল সৰৱজিত ছবিখনে । ঐশ্বৰ্য ৰায় বচ্চনে ছবিখনত সৰৱজিতৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল । সেই ছবিখনতো ৰণদীপ হুডাৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছিল ।