ETV Bharat / entertainment

আলিয়াক বিয়া পাতি হেনো সলনি হ’ল ৰণবীৰ: ক’লে খোদ নিতু কাপুৰে

author img

By

Published : Jun 18, 2022, 1:51 PM IST

নীতু কাপুৰে প্ৰকাশ কৰিছে যে আলিয়া ভাটক বিয়া কৰোৱাৰ পিছত তেওঁৰ পুত্ৰ ৰণবীৰ কাপুৰ সলনি হৈছে (Neetu Kapoor on Ranbir Alia) ৷ শেহতীয়া এক সাক্ষাৎকাৰত নিতু কাপুৰে মুকলিকৈ ক’লে এই কথা ৷

Ranbir Kapoor
কাপুৰ পৰিয়াল

চিটাৰা ডেস্ক, 18 জুন : বিয়াৰ পিছত সলনি হৈছে ৰণবীৰ কাপুৰ ৷ আলিয়া ভাটক বিয়া পাতি হোৱা পুতেকৰ এই পৰিৱৰ্তন অনুভৱ কৰিছে মাতৃ নিতু কাপুৰে ৷ বিয়াৰ পিছত সন্তান সলনি হোৱাৰ কথা মুকলিকৈ প্ৰকাশ কৰিলে নিতু কাপুৰে ৷ এটা সাক্ষাৎকাৰত নিতুৱে কৈছে যে বিয়াৰ পিছত তেওঁ ৰণবীৰ কাপুৰৰ মাজত যথেষ্ট পৰিৱৰ্তন লক্ষ্য কৰিছে (Neetu Kapoor on Ranbir Alia) ৷ প্ৰবীণ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছত পুনৰ ছবিজগতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলোৱা নিতু কাপুৰে ৰণবীৰ আলিয়াৰ অন্তৰংগ বিয়াখনৰ বিষয়েও কয় ৷

নিতু আৰু ঋষি পুত্ৰ ৰণবীৰ কাপুৰৰ বিয়াখনকলৈ যথেষ্ট উৎসাহিত আছিল ৷ ৰণবীৰ আৰু আলিয়াৰ বিয়াখনৰ বাবে দীৰ্ঘদিন ধৰি তেওঁলোকে পৰিকল্পনা কৰি আছিল । দুৰ্ভাগ্যবশতঃ ঋষি কাপুৰে আশাৰে ৰৈ থকা বিয়াখন উপভোগ কৰিবলৈ নেপালে । ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ কথা উল্লেখ কৰি নিতুৱে কৈছে যে কেনেদৰে আপোন মানুহৰ সৈতে অন্তৰংগ অনুষ্ঠানতে এখন বিয়া অনুষ্ঠিত কৰিব পাৰি সেই ক্ষেত্ৰত ৰণবীৰ আলিয়া বহুতৰ বাবে আদৰ্শ হৈ ৰ’ব ।

সাক্ষাৎকাৰটোত নিতুৱে স্বীকাৰ কৰিছে যে আলিয়াক বিয়া পাতি অনাৰ পিছত ৰণবীৰ এজন পৰিৱৰ্তিত ব্যক্তিলৈ ৰূপান্তৰিত হৈছে । কিন্তু এই যোগাত্মক পৰিৱৰ্তনহে । শেহতীয়া সাক্ষাৎকাৰটোত নিতুৱে আলিয়াৰ প্ৰশংসা কৰি কয় যে (Neetu Kapoor on Alia Bhatt) মাতৃ হিচাপে তেওঁ আটাইতকৈ সুখী কিয়নো তেওঁৰ বোৱাৰীয়ে তেওঁৰ সন্তানক ইমানেই মৰম আৰু উষ্ণতা প্ৰদান কৰিছে যাৰ ফলত ৰণবীৰৰ মাজত বহুতো যোগাত্মক পৰিৱৰ্তন আহিছে ।

"মই ৰণবীৰৰ মাজত পৰিৱৰ্তন অনুভৱ কৰিছো । দুয়োকে একেলগে ভাল দেখি" । তেওঁ লগতে কয়, "মই বহুত সুখী আৰু ভাগ্যৱান অনুভৱ কৰোঁ যে আলিয়া আমাৰ পৰিয়ালৰ এটা অংশ । জীৱন সঁচাকৈয়ে সলনি হৈছে আৰু মই যথেষ্ট সন্তুষ্ট । বিয়া নাই হোৱা নাই হোৱা বুলি চিন্তাতো নাই আৰু এতিয়া, বিয়া হৈ গ’ল" ৷

কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, নিতু কাপুৰ এতিয়া Jug Jugg Jeeyo ৰ মুক্তিৰ অপেক্ষাত আছে । তেওঁ ছবিখনত অনিল কাপুৰৰ অন-স্ক্ৰীণ পত্নী আৰু বৰুণ ধাৱানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে । নিৰ্মাতাসকলে যোৱা বছৰ ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিল ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে বিগত বছৰটো তেওঁৰ বাবে যথেষ্ট কষ্টকৰ আছিল, সেইবাবে নিজকে কামত ব্যস্ত ৰখাৰ কাৰণে এই ছবিখন লোৱাটো তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত আছিল বুলি তেওঁ অনুভৱ কৰে । ৰাজ মেহতাৰ দ্বাৰা পৰিচালিত, Jug Jugg Jeeyo ছবিখনে ২৪ জুনত মুক্তি লাভ কৰিব (Neetu Kapoor new movie) ।

লগতে পঢ়ক : বৰযাত্ৰী ওলাই যোৱাৰ সময়খিনি আছিল ৰণবীৰ-আলিয়াৰ বিয়াৰ আটাইতকৈ সুন্দৰ মূহুৰ্ত : নিতু কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.