ETV Bharat / entertainment

Animal: মুক্তিৰ পূৰ্বেই বিদেশত আধিপত্য বিস্তাৰ এনিমেলৰ, বিক্ৰী হৈছে বহু টিকট - এনিমেল টিকট

অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰণবীৰ কাপুৰৰ ছবি এনিমেললৈ । এই ছবিখন অহা ১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাব । ইতিমধ্যেই বিদেশত আৰম্ভ হৈছে ছবিখনৰ এডভান্স বুকিং ৷

Ranbir Kapoor's Animal sells 1100 tickets in the USA
বিদেশত আৰম্ভ এনিমেলৰ এডভান্স বুকিং
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:12 PM IST

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: এনিমেল ছবিখনেৰে পুনৰ ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে অভিনেতা ৰণবীৰ কাপুৰ । এনিমেলৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে এই ছবিখনক লৈ অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ এই ছবিখনত অভিনেতাগৰাকীক এক সম্পূৰ্ণ ব্যতিক্ৰমী চৰিত্ৰত দেখা যাব ৷ সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এনিমেল ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব । বিশেষ কথাটো হ’ল ১ ডিচেম্বৰৰ পৰিৱৰ্তে ৩০ নৱেম্বৰত আমেৰিকাত মুক্তি পাব এই ছবিখন । ইতিমধ্যে আমেৰিকাত এনিমেলক লৈ উন্মাদনা দেখিবলৈ পোৱা গৈছে । আমেৰিকাত ইতিমধ্যেই ছবিখনৰ এডভান্স বুকিঙো আৰম্ভ হৈছে ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত সৰ্বাধিক পৰ্দাত মুক্তি পোৱা ছবিসমূহৰ ভিতৰত এনিমেল অন্যতম । আমেৰিকাত ৮৮৮ খন পৰ্দাত মুক্তি পাব এনিমেল । এই সংখ্যা পাঠান, জৱান, জেইলাৰ আৰু টাইগাৰ ৩ তকৈ বেছি । ৰণবীৰৰ ব্ৰহ্মাস্ত্ৰ আমেৰিকাত ৮১০ খন পৰ্দাত মুক্তি লাভ কৰিছিল ।

এতিয়ালৈকে আমেৰিকাত কিমান টিকট বিক্ৰী হৈছে ?

১৫ দিনৰ পিচত চিনেমাগৃহত মুক্তি পাব Animal আৰু বিদেশত ছবিখনৰ এডভান্স বুকিং ইতিমধ্যেই আৰম্ভ হৈছে । আমেৰিকাৰ ১৭২ টা স্থানত বুকিং আৰম্ভ হৈছে আৰু ৩৪০ টাতকৈও অধিক শ্ব’ হ’ব । খবৰ অনুসৰি প্ৰায় ১১০০ টিকট বিক্ৰী হৈছে । যাৰ বাবে ছবিখনে ইতিমধ্যে ১৬ লাখ টকাৰ ব্যৱসায় কৰিছে ।

প্ৰচাৰত ব্যস্ত ৰণবীৰ

ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দন্না এইকেইদিন নিজৰ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে । ছবিখনৰ প্ৰচাৰৰ বাবে বুধবাৰে ভাৰত বনাম নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচলৈও গৈছিল ৰণবীৰ । মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামৰ পৰা ৰণবীৰৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷

এনিমেলৰ কথা ক’বলৈ গ’লে ৰণবীৰ কাপুৰ আৰু ৰশ্মিকাৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব অনিল কাপুৰ, ববি দেওল আৰু ত্ৰুপ্তী ডিমৰীক । এই ছবিখন পূৰ্বে ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল যদিও পোষ্ট প্ৰডাকচনত সময় লোৱাৰ বাবে ১ ডিচেম্বৰলৈ পিছুৱাই দিয়া হয় ।

লগতে পঢ়ক: Ranbir Kapoor: এইগৰাকী ছুপাৰষ্টাৰৰ শ্ব’ত অনন্য শৈলীত এনিমেলৰ প্ৰচাৰ চলালে ৰণবীৰ কাপুৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.