ETV Bharat / entertainment

Animal Release Date: ৰণবীৰ কাপুৰৰ এনিমেলৰ পোষ্টাৰ মুকলি, লগতে ঘোষণা হ’ল এনিমেলৰ মুক্তিৰ তাৰিখ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 1:26 PM IST

বলীউড অভিনেতা ৰণবীৰ কাপুৰৰ বহু প্ৰত্যাশিত ছবি ‘Animal’ক লৈ এটা ডাঙৰ খবৰ পোৱা গৈছে ৷ অৱশেষত ছবিখনৰ নিৰ্মাতাসকলে ঘোষণা কৰিছে মুক্তিৰ তাৰিখ । ১ ডিচেম্বৰত মুক্তি পাব ছবিখন ।

Ranbir Kapoor starrer movie Animal Release Date announced, Know release date of Animal
এনিমেলৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ১৮ ছেপ্টেম্বৰ: বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ বহু প্ৰত্যাশিত ছবি Animal ৰ মুক্তিৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আছিল ৷ বহুবাৰ নিৰ্মাতাই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিছিল । ইয়াৰ লগে লগে ছবিখনক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পাইছিল আৰু অধিক উত্তেজনা ৷ কিন্তু এতিয়া এনিমেলৰ বাবে অপেক্ষা কৰি থকা দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ পোৱা গৈছে ।

‘Animal’ৰ মুক্তিৰ তাৰিখ ঘোষণা

অৱশেষত এনিমেলৰ নিৰ্মাতাসকলে ঘোষণা কৰিছে মুক্তিৰ তাৰিখ । এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ১ ডিচেম্বৰত বিশ্বজুৰি মুক্তি পাব ছবিখন । অহা ২৮ ছেপ্টেম্বৰত মুক্তি পাব ছবিখনৰ টিজাৰ । এই ছবিখন পৰিচালনা কৰিছে ছেণ্ডী ৰেড্ডী ভাংগাই ৷ ৫ টা ভাষাত ১ ডিচেম্বৰত বিশ্বজুৰি গোটেই বিশ্বজুৰি মুক্তি পাব এনিমেল । হিন্দীৰ উপৰিও ছবিখন তেলুগু, কানাড়া, মালয়ালম আৰু তামিল ভাষাতো মুক্তি পাব । উল্লেখ্য যে এই ছবিখনত ৰণবীৰক আজিলৈকে তেওঁ অভিনয় কৰা সম্পূৰ্ণ এক ব্যতিক্ৰমী চৰিত্ৰত দেখা যাব ।

ছবিখনত ৰণবীৰৰ হিংস্ৰ ৰূপ দেখা যাব

উল্লেখ্য যে, ছবিখনত ৰণবীৰ কাপুৰৰ উপৰিও ৰশ্মিকা মান্দান্না, অনিল কাপুৰ, ববি দেওলৰ দৰে অভিনেতাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। এই ছবিখনৰ জৰিয়তে ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দান্নাক প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত একেলগে দেখা যাব । এনে পৰিস্থিতিত এই যুটিটোক অনুৰাগীসকল একেলগে পৰ্দাত দেখিবলৈ আগ্ৰহী হৈ পৰিছে ৷ কিছুদিন পূৰ্বে নিৰ্মাতাসকলে ছবিখনৰ প্ৰি-টিজাৰ মুকলি কৰি অনুৰাগীৰ উত্তেজনা দুগুণ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই প্ৰি-টিজাৰ ভিডিঅ’টোত ৰণবীৰক দেখা পোৱা গৈছিল এক উগ্ৰ অৱতাৰত। অনুৰাগীসকলে তেওঁৰ ভয়ংকৰ ৰূপটো ভাল পাইছিল । ভিডিঅ’টোত ৰণবীৰে এজন এজনকৈ শত্ৰুক কুঠাৰেৰে হত্যা কৰা দেখা গৈছিল ।

লগতে পঢ়ক: Animal Pre Teaser Video: ৰক্তপিপাসু এনিমেল হৈ পৰিল ৰণবীৰ কাপুৰ, টিজাৰত ৰণবীৰৰ ভয়ানক ৰূপ দেখি গাৰ নোম শিয়ৰি যাব আপোনাৰ

লগতে পঢ়ক: Ranbir Kapoor: এনিমেল ছবিখনত নিজকে কিয় অযোগ্য বুলি ভাৱিছিল ৰণবীৰ কাপুৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.