ETV Bharat / entertainment

বাংলা চাহাব গুৰুদ্বাৰত ৰণবীৰ কাপুৰ-ববি দেওল, এনিমেলৰ সফলতাৰ বাবে কৰিলে প্ৰাৰ্থনা

মুক্তি পালে ৰণবীৰ কাপুৰৰ অভিনীত ছবি এনিমেলৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ মুক্তিৰ পিচতে বাংলা চাহাব গুৰদ্বাৰত বাবাৰ আশীৰ্বাদ ল’বলৈ গ’ল ৰণবীৰ কাপুৰ ৷

Ranbir, Bobby seeks blessings at Bangla Saheb Gurudwara following 'Animal' trailer launch in Delhi
বাংলা চাহাব গুৰদ্বাৰত বাবাৰ আশীৰ্বাদ ল’বলৈ গ’ল ৰণবীৰ কাপুৰ
author img

By ANI

Published : Nov 24, 2023, 11:22 AM IST

চিটাৰা ডেস্ক, 24 নৱেম্বৰ: বৃহস্পতিবাৰে মুকলি কৰা হ’ল বলীউডৰ আটাইতকৈ প্ৰত্যাশিত ছবি এনিমেলৰ ট্ৰেইলাৰ ৷ দিল্লীত আয়োজিত ট্ৰেইলাৰ মুকলিৰ অনুষ্ঠানত মুকলি কৰা হয় এনিমেলৰ ট্ৰেইলাৰ ৷ য’ত উপস্থিত আছিল ৰশ্মিকা মন্দান্না, ৰণবীৰ কাপুৰ আৰু ববি দেওল ৷ তিনিওগৰাকীকে ছবিখনৰ প্ৰচাৰৰ বাবে ৰাজীৱ চ’কত দেখা গৈছিল, এই সময়চোৱাত ছবিখনৰ তাৰকাসকলে নিজৰ অনুৰাগীৰ সৈতে চেলফিও লোৱা দেখা গৈছিল । ৰশ্মিকা মন্দান্না, ৰণবীৰ কাপুৰ, ববি দেওল আৰু অনিল কাপুৰৰ অভিনীত এই ছবিখন পৰিচালনা কৰিছে পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই ৷

ছবিখনৰ সফলতাৰ বাবে ববি আৰু ৰণবীৰে ল’লে বাংলা চাহাবৰ আশীৰ্বাদ

উল্লেখ্য যে, পিতৃ-পুত্ৰৰ সম্পৰ্কক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন । এনিমেলৰ ট্ৰেইলাৰ মুকলি হোৱাৰ মাত্ৰ কেইমিনিটমানৰ পাচতে বহু নেটিজেনে টুইটাৰত নিজৰ মতামত শ্বেয়াৰ কৰিছিল । ইফালে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৰণবীৰ কাপুৰ আৰু ববি দেওলৰ কিছুমান ছবি, এই ছবিসমূহ দিল্লীৰ বাংলা চাহাব গুৰদ্বাৰৰ, য’ত ববি দেওল আৰু ৰণবীৰ কাপুৰক বাবাৰ আশীৰ্বাদ লোৱা দেখা গৈছে । এই সময়চোৱাত ববীক গোলাপী ৰঙৰ চাৰ্ট পৰিধান কৰা দেখা গৈছিল আৰু ৰণবীৰ কাপুৰক বগা পায়জামা কুৰ্তা পৰিধান কৰা দেখা গৈছিল।

টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰকো দেখা গ’ল

দুয়োজনে কপালত বান্ধি লৈছিল কমলা ৰঙৰ ৰুমাল । বাংলা চাহাব গুৰুদ্বাৰত ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে আশীৰ্বাদো লয় অভিনেতা দুগৰাকীয়ে । ইয়াৰ মাজতে এনিমেল ছবিখনৰ টি ছিৰিজৰ বেনাৰ স্বত্বাধিকাৰী ভূষণ কুমাৰকো দেখা গ’ল দুয়ো অভিনেতাৰ লগত, ভূষণেও ছবিখনৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায় । এই সময়চোৱাত ভূষণ কুমাৰক নীলা ৰঙৰ চাৰ্ট পৰিধান কৰা দেখা গৈছিল ।

1 ডিচেম্বৰত মুক্তি পাব এনিমেল ছবিখন

অৰ্জুন ৰেড্ডী আৰু কবীৰ সিঙৰ দৰে ছুপাৰহিট ছবি পৰিচালনা কৰা পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰি এনিমেল ৷ পিতৃ-পুত্ৰ আৰু তেওঁলোকৰ অশান্ত সম্পৰ্কক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে । কুমাৰ আৰু কৃষ্ণ কুমাৰৰ টি-ছিৰিজ, মুৰাদ খেটানীৰ চিনে 1 ষ্টুডিঅ’ আৰু প্ৰণয় ৰেড্ডী ভাংগাৰ ভদ্ৰকালি পিকচাৰ্ছৰ দ্বাৰা প্ৰযোজিত ছবি এনিমেল 1 ডিচেম্বৰত হিন্দী, তেলুগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাত ৰূপালী পৰ্দাত মুক্তি পাব ।

লগতে পঢ়ক: ৰণবীৰৰ ‘এনিমেল’ৰ ট্ৰেইলাৰৰ প্ৰশংসাত পঞ্চমুখ আলিয়াৰ পৰা প্ৰভাসলৈকে বি-টাউনৰ বহু চেলিব্ৰিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.