চিটাৰা ডেস্ক, 20 জুন: দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ বাবে এই বছৰটো অত্যন্ত সুখেৰে ভৰা ৷ এফালে অভিনেতাগৰাকীৰ ছবি আৰ আৰ আৰে সমগ্ৰ বিশ্ববাসীৰ মৰম লাভ কৰি অস্কাৰ বঁটা লাভ কৰাৰ বিপৰীতে আনফালে ব্যক্তিগত জীৱনতো অভিনেতাগৰাকীয়ে লাভ কৰিছে এক ডাঙৰ সুখ ৷ হয়, 11 বছৰ পিচত পিতৃ হ’ল ৰাম চৰণ ৷ মঙলবাৰে পোৱা ৰাম চৰণৰ পত্নী উপাসনা কামিনেনীয়ে জন্ম দিয়ে এটি কন্যা সন্তান। উপাসনা অন্তঃসত্বা হোৱাৰ খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে এই দিনটোৰ বাবে অনুৰাগীসকলে অপেক্ষা কৰি আছিল ।
উল্লেখ্য যে, মঙলবাৰে পুৱা হায়দৰাবাদৰ জুবিলী হিলছৰ এপ’ল’ হাস্পতালত উপাসনাই এটি কন্যা সন্তান জন্ম দিয়ে । সোমবাৰে নিশাই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকৰ মতে সম্প্ৰতি মাতৃ আৰু কন্যা দুয়োগৰাকীয়ে সুস্থ আৰু একেবাৰে নিৰাপদ । ইফালে ৰাম চৰণৰ পিতৃ হোৱাৰ খবৰ শুনি অনুৰাগীৰ সুখৰ কোনো সীমা নাই আৰু অনুৰাগীয়ে নিজৰ প্ৰিয় ছুপাৰষ্টাৰজনক ছ’চিয়েল মিডিয়াত অভিনন্দন জনাইছে।
ককা হ’ল চিৰঞ্জীৱী
ককা আৰু আইতা হৈ পৰিল দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱী আৰু পত্নী সুৰেখা । এই খবৰ লাভ কৰাৰ পিচতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাম চৰণ আৰু উপাসনাৰ সম্পূৰ্ণ পৰিয়ালটোত । ৰাম চৰণৰ অনুৰাগীসকলো শিশুটিৰ এটি আভাস দেখিবলৈ উৎসাহিত হৈ পৰিছে। ২০২২ চনৰ ডিচেম্বৰ মাহত সকলোকে এই ভাল খবৰটো দিছিল দম্পতীয়ে । তেতিয়াৰ পৰাই উপাসনাৰ প্ৰতিটো আপডেট অনুৰাগীয়ে প্ৰত্যক্ষ কৰি আছিল ।
ৰাম চৰণৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কবলৈ আৰ আৰ আৰৰ সফলতাৰ পিচত আগন্তুক প্ৰজেক্টত ব্যস্ত অভিনেতাগৰাকী । এই বছৰতে ছলমান খানৰ ছবি কিছি কা ভাই কিছি কি জানত দেখা পোৱা গৈছিল অভিনেতাগৰাকীক । আগন্তুক সময়ত গেম চেঞ্জাৰ নামৰ ছবিখনত দেখা যাব অভিনেতাগৰাকীক ৷
লগতে পঢ়ক: Salman Khan: কি হ’ল ভাইজানৰ ? ছলমান খানৰ ফুলি থকা চকু দেখি চিন্তিত হৈ পৰিল অনুৰাগী