চিটাৰা ডেস্ক, 26 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ ৰাম চৰণ বৰ্তমান কেৱল ভাৰততেই নহয়, নিজৰ শ্ৰেষ্ঠ অভিনয়ৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে (Telugu star Ram Charan) ৷ ছুপাৰষ্টাৰগৰাকীৰ শেহতীয়া ছবি আৰ আৰ আৰে সমগ্ৰ বিশ্বজুৰি সফলতা লাভ কৰিছে (RRR Movie) ৷ ছবিখনৰ ব্লকবাষ্টাৰ গীত নাটু নাটুৱে অস্কাৰ লাভ কৰি দেশৰ বাবে কঢ়িয়াই আনিছে সন্মান (Naatu Naatu song) ৷
অস্কাৰ বিজয়ৰ পিচত শেহতীয়াকৈ আমেৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছে তেলুগু তাৰকাগৰাকী ৷ 27 মাৰ্চত তাৰকাগৰাকীৰ জন্মদিন (RC15 cast and crew celebrate Ram Charans birthday) ৷ জন্মদিন উপলক্ষে এদিন পূৰ্বেই তাৰকাগৰাকীৰ আহিবলগীয়া আগন্তুক ছবিৰ চেটত গোলাপৰ পাহিৰ বৰষুণেৰে তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা হয় ৷ ৰাম চৰণৰ আহিবলগীয়া ছবিখনৰ আংশিক শিৰোনাম হৈছে আৰ চি (১৫Ram Charan showered with rose petals)।
-
#RamCharan Birthday Celebrations in sets of #RC15 with Raining Flowers😻😻😍😍😻😻 pic.twitter.com/BU7pcI66hx
— Yogitha Sunkara (@SunkaraYogitha) March 26, 2023 " class="align-text-top noRightClick twitterSection" data="
">#RamCharan Birthday Celebrations in sets of #RC15 with Raining Flowers😻😻😍😍😻😻 pic.twitter.com/BU7pcI66hx
— Yogitha Sunkara (@SunkaraYogitha) March 26, 2023#RamCharan Birthday Celebrations in sets of #RC15 with Raining Flowers😻😻😍😍😻😻 pic.twitter.com/BU7pcI66hx
— Yogitha Sunkara (@SunkaraYogitha) March 26, 2023
চেটত আৰ চি ১৫ ৰ কাষ্টে গোলাপৰ পাহিৰ বৰষুণৰ লগতে কেক কাটি জন্মদিন উদযাপন কৰে তাৰকাগৰাকীৰ । ইতিমধ্যে ছ’চিয়েল মিডিয়াত জন্মদিন উদযাপনৰ কেইবাখনো ফটো ভাইৰেল হৈ পৰিছে, য’ত ৰাম চৰণক বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী, আৰ চি ১৫ৰ পৰিচালক এছ শংকৰ, প্ৰযোজক দিল ৰাজু আৰু ছবিখনৰ আন সদস্যসকলৰ সৈতে একেলগে কেক কাটি থকা দেখা গৈছে (Ram Charan and Kiara Advani) । আন এটা ভিডিঅ’ত দেখা পোৱা অনুসৰি ৰাম চৰণক বিশেষ প্ৰৱেশদ্বাৰৰ পৰা ফুলৰ পাহি, হাতচাপৰি আৰু ঢোলৰ দ্বাৰা আদৰণি জনোৱা হৈছিল (Pre birthday bash of actor Ram Charan)।
ৰাম চৰণ আৰু কিয়াৰা আদৱানীৰ আহিবলগীয়া এই উচ্চ বাজেটৰ ছবিখনৰ বাবে এটা গীতৰ দৃশ্যগ্ৰহণ শেষ কৰাৰ পিচতে আৰ চি ১৫ৰ দলটোৱে তাৰকাগৰাকীৰ বাবে এই চাৰপ্ৰাইজ প্লেন কৰিছিল ৷ প্ৰি বাৰ্থডে উদযাপনত আৰ আৰ আৰ অভিনেতাগৰাকীক নীলা ৰঙৰ চাৰ্ট আৰু বল্ড ছানগ্লাছ পৰিধান কৰা দেখা পোৱা গৈছিল ৷ আনহাতে, কিয়াৰাক নীলা ডেনিমৰ সৈতে বগা ক্ৰপ টপ পৰিধান কৰা দেখা পোৱা গৈছিল (RC15 cast celebrated Ram Charan birthday) ৷
-
It’s a wrap for the song!! 🕺💃
— Sri Venkateswara Creations (@SVC_official) March 25, 2023 " class="align-text-top noRightClick twitterSection" data="
Team #RC15 & #SVC50 kickstart Megapower Star @AlwaysRamCharan Birthday Celebrations. Stay tuned for more updates. @shankarshanmugh @advani_kiara @DOP_Tirru @MusicThaman @SVC_official pic.twitter.com/iBflT1Ap8D
">It’s a wrap for the song!! 🕺💃
— Sri Venkateswara Creations (@SVC_official) March 25, 2023
Team #RC15 & #SVC50 kickstart Megapower Star @AlwaysRamCharan Birthday Celebrations. Stay tuned for more updates. @shankarshanmugh @advani_kiara @DOP_Tirru @MusicThaman @SVC_official pic.twitter.com/iBflT1Ap8DIt’s a wrap for the song!! 🕺💃
— Sri Venkateswara Creations (@SVC_official) March 25, 2023
Team #RC15 & #SVC50 kickstart Megapower Star @AlwaysRamCharan Birthday Celebrations. Stay tuned for more updates. @shankarshanmugh @advani_kiara @DOP_Tirru @MusicThaman @SVC_official pic.twitter.com/iBflT1Ap8D
জানিব পৰা মতে, অভিনেতাগৰাকীৰ আহিবলগীয়া এই ছবিখনত অভিনেতাগৰাকীয়ে এজন আই এ এছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব, যিগৰাকী বিষয়াৰ খঙৰ ওপৰত দমন নাই ৷ ছবিখনত কিয়াৰা আদৱানীয়ে ৰাম চৰণৰ বিপৰীতে মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব । তামিল ছবিৰ অন্যতম বহুমুখী অভিনেতা এছ জে সূৰ্য্যও উল্লেখযোগ্য ভূমিকা পালন কৰিব ছবিখনত । RC15 ত প্ৰথমবাৰৰ বাবে পৰিচালক শংকৰ আৰু য়েভাডু অভিনেতাৰ সহযোগিতা দেখা পোৱা যাব ৷
লগতে পঢ়ক: VNRTrio: আহি আছে নিতিনৰ সৈতে ৰশ্মিকা মান্দানাৰ নতুন তেলেগু ছবি