ETV Bharat / entertainment

Ram Charan Video: হঠাৎ কিয় খালী ভৰিৰে থকাৰ পণ ল’লে ৰাম চৰণে ? ইয়াৰ আঁৰৰ কাৰণ কি ? - বিমানবন্দৰত খালী ভৰিৰে দেখা গ’ল ৰাম চৰণক

মুম্বাই বিমানবন্দৰত খালী ভৰিৰে দেখা গ’ল ৰাম চৰণক ৷ পাপাৰাজীৰ কেমেৰাত বন্দী হোৱা অভিনেতা ৰাম চৰণক বিমানবন্দৰত ক’লা সাজ পৰিধান কৰি খালী ভৰিৰে খোজ দিয়া দেখা গৈছে । চাওক ভিডিঅ’ ৷

Etv Bharatram-charan-barefoot-in-black-ethnic-at-mumbai-airport-watch
Etv Bharatমুম্বাই বিমানবন্দৰত খালী ভৰিৰে দেখা গ’ল ৰাম চৰণক
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:42 PM IST

চিটাৰা ডেস্ক, 3 অক্টোবৰ: দক্ষিণ উদ্যোগৰ ছুপাৰষ্টাৰ ৰাম চৰণ এইকেইদিন ৰাম চৰণ শংকৰৰ পৰিচালনাত নিৰ্মিত ‘গেম চেঞ্জাৰ’ ছবিখনৰ বাবে চৰ্চাত আছে । এই ছবিখনত তেওঁক প্ৰথমবাৰৰ বাবে কিয়াৰা আদৱানীৰ সৈতে দেখা যাব । ইফালে অভিনেতাগৰাকীৰ এটা ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে, য’ত তেওঁক মুম্বাই বিমানবন্দৰত খালী ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছে ।

বিমানবন্দৰত খালী ভৰিৰে দেখা গ’ল ৰাম চৰণক

মঙলবাৰে নিজৰ দলৰ সৈতে হায়দৰাবাদৰ পৰা মুম্বাইত উপস্থিত হয় ৰাম চৰণ । এই সময়ছোৱাত অভিনেতাগৰাকীক অল ব্লেক লুকত দেখা যায় । কেৱল ইমানেই নহয়, বিমানবন্দৰত খালী ভৰিৰে দেখা গ’ল অভিনেতাগৰাকীক । পাপাৰাজীৰ কেমেৰাত বন্দী হোৱা অভিনেতা ৰাম চৰণক বিমানবন্দৰত ক’লা সাজ পৰিধান কৰি খালী ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছে । অৱশ্যে ছুপাৰষ্টাৰগৰাকীক খালী ভৰিৰে দেখা এয়াই প্ৰথম নাছিল । যোৱা বছৰো তেওঁৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল য’ত তেওঁক হায়দৰাবাদ বিমানবন্দৰত খালী ভৰিৰে খোজ দিয়া দেখা গৈছিল ।

কিয় খালী ভৰিৰে আছে ৰাম চৰণ ?

ৰাম চৰণৰ ভিডিঅ’টো সংম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এই ভিডিঅ’টোক লৈ এতিয়া অনুৰাগীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে । বহুতে ৰাম চৰণ কিয় খালী ভৰিৰে আছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে । আচলতে ৰাম চৰণ খালী ভৰিৰে থকাৰ এক বিশেষ কাৰণ আছে । অভিনেতাগৰাকীৰ এই লুকটোৰ আঁৰৰ কাৰণ হৈছে অয়প্পা দীক্ষা ।

বৰ্তমান অভিনেতাগৰাকীয়ে ৪১ দিন ধৰি কঠোৰ উপবাস পালন কৰি আছে । ছুপাৰষ্টাৰগৰাকী ৪১ দিন তামসিক জীৱনশৈলীৰ পৰা বিৰত থাকে আৰু সাত্ত্বিক জীৱন যাপন কৰে, ইয়াৰ পিচত অভিনেতাগৰাকীয়ে সবৰীমালা মন্দিৰলৈ যাব । প্ৰায়ে অভিনেতাগৰাকীয়ে সবৰীমালা মন্দিৰ দৰ্শন কৰিবলৈ যায় । বৰ্তমান খালী ভৰিৰে থকাৰ প্ৰথা পালন কৰি আছে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: Anupam Kher in Ayodhya: অযোধ্যাত ৰাম মন্দিৰৰ প্ৰস্তুতিৰ আভাস শ্বেয়াৰ কৰিলে অনুপম খেৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.