চিটাৰা ডেস্ক, 23 আগষ্ট: ৰাখী আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ প্ৰায়ে নিজৰ ব্যক্তিগত কাৰণত লাইমলাইটত থাকে ৰাখী ৷ বিতৰ্কই ৰাখীক লগ নেৰে ৰাখীয়ে বিতৰ্কক নেৰে সেয়া ক’বলৈ টান হ’ব ৷ যিয়ে নহওক পুনৰ এবাৰ ৰাখী নিজৰ ব্যাক্তিগত কাৰণত চৰ্চাত আহিছে ৷ শেহতীয়াকৈ ৰাখীৰ প্ৰাক্তন স্বামী আদিল খান দুৰানী কাৰাগাৰৰ পৰা ওলাই আহিছে ৷
কাৰাগাৰৰ পৰা মুকলি হৈয়ে আদিলে ৰাখীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷ এতিয়া এইক্ষেত্ৰত পিচ পৰি থকা নাই ৰাখীও ৷ ৰাখীয়েও মঙলবাৰে সংবাদমেল পাতি উভতি ধৰিলে আদিলক ৷ মুঠৰ ওপৰত এতিয়া যেন ইগৰাকীয়ে সিগৰাকীৰ ওপৰত বোকা ছটিওৱাৰ খেল আৰম্ভ কৰিছে ৷
আদিল খান দুৰানীয়ে উত্থাপন কৰা সকলো অভিযোগৰ উত্তৰ দিবলৈ মঙলবাৰে মুম্বাইত এখন সংবাদমেল অনুষ্ঠিত কৰে ড্ৰামা কুইন ৰাখী সাৱন্তে । শেহতীয়াকৈ আদিলে সংবাদমেলত দাবী কৰিছিল যে, ৰাখীয়ে অসুস্থ মাতৃৰ অসুস্থতাত কোনো সহায় কৰা নাছিল । এতিয়া এই সন্দৰ্ভত ৰাখীয়ে নিজৰ স্পষ্টীকৰণ দিয়ে ৷
সংবাদমেলত ৰাখী সাৱন্তে ইটোৰ পিচত সিটোকৈ প্ৰশ্নৰ উত্তৰ দিয়ে । এই প্ৰশ্নবোৰতো এটা প্ৰশ্ন আদিলে উত্থাপন কৰিছিল যে ৰাখীয়ে অসুস্থ মাতৃক সহায় কৰা নাছিল । এই সন্দৰ্ভত আদিলৰ অভিযোগ অস্বীকাৰ কৰি ৰাখীয়ে কয়, “যেতিয়া মই বিগ বছলৈ গৈছিলো, তেতিয়া মই আদিলক মোৰ মাতৃৰ চিকিৎসাৰ বাবে ১০ লাখ টকাৰ চেক দিছিলোঁ ।”
ৰাখীয়ে লগতে কয় যে, যেতিয়া তেওঁ বিগ বছ মাৰাঠীত আছিল তেতিয়া তেওঁক কোৱা হৈছিল যে খ্ৰীষ্টমাছ আহি আছে, ৰাখীৰ ভিডিঅ’ এটা বনাই মাকলৈ পঠিয়াই দিয়ক, মাতৃ আহিব বিগ বছৰ চেটত। ৰাখীয়ে এই সন্দৰ্ভত কয়, মই আশা কৰিছিলো যে মোৰ মাতৃ শ্ব’টোৰ চেটত আহিব, কিন্তু আদিল হে আহিছিল ।
উল্লেখ্য যে, মহীশূৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ কিছু সময়ৰ পাচতে সোমবাৰে ৰাখী সাৱন্তৰ প্ৰাক্তন স্বামী আদিল খান দুৰানীয়ে সংবাদমেল অনুষ্ঠিত কৰি তেওঁ আৰু ৰাখীৰ সম্পৰ্কৰ সৈতে জড়িত কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰে । ৰাখীয়ে তেওঁক প্ৰতাৰণা কৰা, হত্যাৰ ভাবুকি দিয়াৰ দৰে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আদিলে । একে সময়তে ৰাখীয়ে মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগসমূহ নসাৎ কৰে ৷
লগতে পঢ়ক: Adil khan : কাৰাগাৰৰ পৰা মুকলি হৈয়ে ৰাখীৰ বিৰুদ্ধে ১০টা চাঞ্চল্যকৰ অভিযোগ আদিলৰ