চিটাৰা ডেস্ক, 25 আগষ্ট: আদিল খান দুৰানী, শ্যেৰলিন চোপ্ৰা আৰু ৰাজশ্ৰী মৰেৰ অভিযোগৰ মাজতে এতিয়া ওমৰাহ হজ কৰিবলৈ মক্কালৈ ঢাপলি মেলিছে ৰাখী সাৱন্ত। শেহতীয়াকৈ ৰাখীয়ে বিমানৰ ভিতৰৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত ৰাখীক হিজাব পৰিধান কৰা দেখা গৈছে ৷ ৰাখীয়ে ভিডিঅ’টোত কৈছে যে ওমৰাহ হজলৈ গৈ নিজৰ বাবে আৰু সকলোৰে বাবে তেওঁ প্ৰাৰ্থনা কৰিব।
সম্প্ৰতি ৰাখীয়ে বিমানৰ ভিতৰৰ পৰা শ্বেয়াৰ কৰা ভিডিঅ’টো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত ৰাখীয়ে হিজাব পৰিধান কৰাৰ লগতে ক’লা চশমাও পৰিধান কৰিছে ৷ ৰাখীয়ে ভিডিঅ’টোত কৈছে- ‘‘মই বহুত সৌভাগ্যৱান যে আজি প্ৰথমবাৰৰ বাবে ওমৰাহলৈ যাব পাৰিছো । মই বৰ সুখী । আপোনালোক সকলোৱে মোক আপোনালোকৰ প্ৰাৰ্থনাত ৰাখিব আৰু মই আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিম ।’’ ৰাখীৰ এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷
ইয়াৰ পূৰ্বে দৰগাহলৈ গৈছিল ৰাখী
ওমৰাহলৈ যোৱাৰ আগতে ৰাখী সাৱন্তে দৰগাহত চাদৰ আগবঢ়াবলৈ গৈছিল ৷ কিন্তু তাতো সংবাদমেলৰ আয়োজন কৰে ৰাখীয়ে ৷ সংবাদমেলত ৰাখীয়ে কয়- ‘এই লোকসকলে চাৰিওফালৰ পৰা মিছাৰ পাহাৰ বনাইছে, মই মোৰ শান্তিৰ বাবে চাদৰ এখন আগবঢ়াবলৈ আহিছো । মোৰ বিশ্বাস আল্লাহে মোৰ দোৱা কবুল কৰিব ৷ এই সংবাদমেলত ৰাখী সাৱন্তে পৰিধান কৰিছিল নীলা ৰঙৰ চুট আৰু সোণৰ ৰঙৰ দুপাট্টা । ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰাখীৰ এই ভিডিঅ’টো।
ৰাখী সাৱন্তে উভতি ধৰিছিল আদিলক
শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুকলি হৈয়ে আদিল খান দুৰাণীয়ে ৰাখী সাৱন্তৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিছিল । এই অভিযোগৰ পিচতে ৰাখীয়েও আদিলক উভতি ধৰে ৷ ৰাখীয়ে সংবাদমেল আয়োজন কৰি কয়- ‘‘মই বাথৰুমত আছিলো আৰু তেওঁ মোৰ নগ্ন ভিডিঅ’ বনাইছিল । মোৰ সেই নগ্ন ভিডিঅ’বোৰ গোটেই পৃথিৱীয়ে যদি দেখা পাই মই ক’লৈ যাম । আনকি আদিলে মোৰ নগ্ন ভিডিঅ’বোৰ বনাই ডুবাইত ৪৭ লাখ টকাত বিক্ৰী কৰিছিল ।’’ ইফালে আদিলে ৰাখীৰ এই সকলো অভিযোগ একেমুখে নসাৎ কৰে ৷
লগতে পঢ়ক: Rakhi Sawant controversy: অভিযোগ-প্ৰতিঅভিযোগ ! সংবাদমেল পাতি আদিলৰ অভিযোগৰ উত্তৰ দিলে ৰাখী সাৱন্তে