চিটাৰা ডেস্ক, 27 আগষ্ট: পেছাদাৰী জীৱনতকৈ অধিক নিজৰ ব্যক্তিগত জীৱনক লৈ লাইমলাইটত থাকে বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্ত ৷ শেহতীয়াকৈ স্বামী আদিলক লৈ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৰাখীয়ে । আদিল কাৰাগাৰৰ পৰাই মুকলি হৈয়ে সংবাদ মাধ্যমত ৰাখীৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰে ৷ অৱশ্যে মনে মনে থকা নাই ৰাখীও, অভিনেত্ৰীগৰাকীয়েও সংবাদ মেলৰ আয়োজন কৰি উভতি ধৰে আদিলক ৷ ক’বলৈ গ’লে যেন এক প্ৰকাৰে দুয়োৰে মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ খেল ৷ আদিল আৰু ৰাখীৰ মাজত চলি থকা এই মৌখিক যুদ্ধই শাম কটাৰ নামেই লোৱা নাই ৷ ইয়াৰ মাজতে এতিয়া ৰাখী ওমৰাহ হজ পৰিৱেশন কৰিবলৈ উপস্থিত হৈছে মদিনাত ৷
ওমৰাহলৈ যোৱাৰ পিছৰে পৰা অনুৰাগীৰ সৈতে মুহূৰ্তৰ মুহূৰ্তৰ আপডেট শ্বেয়াৰ কৰি আহিছে ৰাখীয়ে । অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’সমূহত তেওঁক বুৰ্খা আৰু হিজাপ পৰিধান কৰা দেখা পোৱা গৈছে । শেহতীয়াকৈ ৰাখীয়ে এটা নতুন ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ এই ভিডিঅ’টোত ৰাখী সাৱন্তক আদৰণি জনোৱা হৈছে । দৰাচলতে ৰাখী সাৱন্ত থকা মদিনাৰ হোটেলখনে তেওঁক আদৰিবলৈ কেক প্ৰস্তুত কৰিছিল । যাৰ বাবে ৰাখীয়ে ভিডিঅ’টোত হোটেলখনৰ কৰ্তৃপক্ষক ধন্যবাদ জনোৱা দেখা গৈছে ।
কেৱল এয়াই নহয়, কেকটো লৈ তেওঁ সকলোকে ক’লে যে তেওঁ বৰ্তমান মদিনাত আছে আৰু কিছু সময় পূৰ্বে নামাজ পঢ়িছে ৷ ৰাখীয়ে ভিডিঅ’টোত কৈছে যে, সেই স্থানত তেওঁ শান্তি অনুভৱ কৰিছে ৷ উল্লেখ্য যে, ৰাখীৰ এই ভিডিঅ’বোৰ চোৱাৰ পিচত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ ব্যৱহাৰকাৰীসকলে কয় যে যিকোনো এটা ধৰ্ম ভালদৰে অনুসৰণ কৰক ৷ কোনো ধৰ্মক এনেকৈ ঠাট্টা নকৰিব ।
ৰাখী সাৱন্তে মদিনাৰ পৰা ধাৰাবাহিকভাৱে তেওঁৰ ভিডিঅ’সমূহ শ্বেয়াৰ কৰিছে। এয়া দেখি একাংশ ব্যৱহাৰকাৰীয়ে কয় যে ৰাখীয়ে মুছলমান ধৰ্মৰ অপমান কৰিছে ৷ উল্লেখ্য যে, আদিল আৰু ৰাখীৰ মাজত চলি থকা কাজিয়াৰ মাজতে ব্যৱহাৰকাৰীসকলে কয় যে এয়াও ৰাখীৰ এক নতুন নাটক ।
লগতে পঢ়ক: Rakhi sawant umrah video: ওমৰাহলৈ গমন ৰাখী সাৱন্তৰ, বিমানৰ পৰাই হিজাব পৰিধান কৰি ভিডিঅ’ শ্বেয়াৰ