ETV Bharat / entertainment

Rakhi sawant: ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ? ওমৰাহৰ পৰা উভতি অহাৰ লগে লগে ৰাখী সাৱন্তলৈ ডাঙৰ প্ৰত্যাহ্বান

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:01 PM IST

আকৌ এবাৰ মুখামুখি হৈছে শ্বেৰলিন চোপ্ৰা আৰু ৰাখী সাৱন্ত । প্ৰথমে বিবাদ, তাৰ পিচত বন্ধুত্ব আৰু এতিয়া আকৌ এবাৰ শ্বেৰলিনে ৰাখীক গোচৰৰ ভাবুকি দিছে। এইবাৰ শ্বেৰলিনে ৰাখীৰ বিৰুদ্ধে ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিব বুলি কৈছে। এই সন্দৰ্ভত চৌদি আৰৱৰ পৰা উভতি অহা ৰাখী সাৱন্তে প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ।

Rakhi sawant returns Mumbai after umrah Sherlyn Chopra defamation row
আকৌ এবাৰ মুখামুখি হৈছে শ্বেৰলিন চোপ্ৰা আৰু ৰাখী সাৱন্ত

চিটাৰা ডেস্ক, 31 আগষ্ট: বিতৰ্কিত কুইন ৰাখী সাৱন্ত বৃহস্পতিবাৰে পুৱা মক্কাৰ পৰা উভতি আহিছে মুম্বাইলৈ ৷ কিন্তু মুম্বাই বিমানবন্দৰতে ৰাখীয়ে লাভ কৰিলে এক ডাঙৰ খবৰ ৷ আচলতে শ্বেৰলিন চোপ্ৰা আৰু ৰাখীৰ মাজত বিগত কিছু দিন ধৰি চলি আছিল বাকযুদ্ধ ৷ ইয়াৰ মাজতে ৰাখী সাৱন্তৰ বিৰুদ্ধে ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিব বুলি দাবী কৰিছে শ্বেৰলিনে । বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে পাপাৰাজীয়ে ৰাখী সাৱন্তক শ্বেৰলিনৰ এই পদক্ষেপৰ বিষয়ে অৱগত কৰে। অৱশ্যে এই সন্দৰ্ভত ৰাখী সাৱন্তে অতি শান্ত হৈ এই সকলোবোৰৰ বিষয়ে একো নাজানো বুলি মত প্ৰকাশ কৰে ।

শেহতীয়াকৈ ৰাখী ওমৰাহ হজ পৰিৱেশন কৰিবলৈ মক্কালৈ গৈছিল ৷ মক্কাৰ পৰাই ৰাখীয়ে বহুকেইটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত ৰাখীক দেখা গৈছিল বুৰ্খা আৰু হিজাব পৰিধান কৰা অৱস্থাত ৷ এতিয়া ওমৰাহ হজ পৰিৱেশন কৰি মুম্বাইলৈ উভতি আহিছে ৰাখী সাৱন্ত ৷ অৱশ্যে মুম্বাই বিমানবন্দৰতো সেই একে ষ্টাইলতে দেখা গৈছে, যি ষ্টাইলত চৌদি আৰৱত দেখা গৈছিল। মুখখন খোলা ৰাখিছিল যদিও ৰাখীয়ে পৰিধান কৰিছিল বোৰ্খা । ইফালে মুম্বাই বিমানবন্দৰত ৰাখীক আদৰিবলৈ বহু লোক উপস্থিত আছিল । ৰাইজে ফুলৰ মালাৰে আদৰণি জনাইছিল ৰাখী সাৱন্তক ।

এনে সময়ত পাপাৰাজীয়ে তেওঁক কয়, “আপুনি যোৱাৰ পিচত ২০০ কোটি টকাৰ মানহানিৰ গোচৰৰ কথা চলি আছে আপোনাৰ বিৰুদ্ধে ।” এই প্ৰশ্নৰ উত্তৰত ৰাখী সাৱন্তে কয়, “মই একো নাজানো । মই মাত্ৰ ওমৰাহ কৰি উভতি আহিছো। মই অতি পবিত্ৰ দেশ এখনলৈ গৈছিলোঁ, এই সকলোবোৰ মই নাজানো। কোনে কি নাটক কৰিছে...কাৰ কথা কৈছে নাজানো।”

বন্ধুত্বৰ পিচত পুনৰ কাজিয়া ৰাখী আৰু শ্বেৰলিনৰ

পূৰ্বে ৰাখী আৰু শ্বেৰলিন দুয়ো ইগৰাকী সিগৰাকীৰ শত্ৰু আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত দুয়োৰে মাজত গঢ়ি উঠে বন্ধুত্ব সম্পৰ্ক ৷ দুয়োকে বহুবাৰ একেলগে দেখা গৈছিল । কিন্তু শেহতীয়াকৈ ৰাখীৰ প্ৰাক্তন স্বামী আদিল কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতে সলনি হৈ পৰে সকলো দৃশ্যপট ৷ আদিল জেলৰ পৰা ওলাই অহাৰ পিচতে শ্বেৰলিনে ৰাখীৰ বিৰুদ্ধে থিয় দিয়ে । আকৌ এবাৰ ৰাখী আৰু শ্বেৰলিন হৈ পৰে শত্ৰু ৷ শ্বেৰলিন চোপ্ৰাই কয় যে ৰাখী আৰু তেওঁৰ অধিবক্তা ফালগুনি ব্ৰহ্মভট্টে সংবাদ মাধ্যমৰ সন্মুখত শ্বেৰলিনৰ ব্যক্তিগত ফটো দেখুৱাই তেওঁক লজ্জিত কৰিছে।

শেহতীয়াকৈ ৰাখী সাৱন্তে সলনি কৰিছে নিজৰ ধৰ্ম ৷ মুছলিম ধৰ্ম গ্ৰহণ কৰি ৰাখীয়ে নিজৰ নাম ৰাখিছে ফাতিমা। আচলতে ৰাখীয়ে দাবী কৰিছিল যে তেওঁ আদিলক বিয়া কৰাবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল । কিন্তু পিচত আদিল আৰু ৰাখীৰ মাজত বিবাদ আৰম্ভ হয় আৰু বিষয়টো আৰক্ষীৰ ওচৰ পায়গৈ । ৰাখীয়ে আদিলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে ৷ ৰাখীৰ অভিযোগৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় আদিলক ৷ এতিয়া প্ৰায় ছমাহৰ মূৰত কাৰাগাৰৰ পৰা মুকলি হৈয়ে আদিলে ৰাখীৰ বিৰুদ্ধে সংবাদমেল পাতি বহু অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: Rakhi Sawant Video: ওমৰাহ কৰি মুম্বাইলৈ উভতি আহিল ৰাখী সাৱন্ত, বিমানবন্দৰত উষ্ম আদৰণি ৰাখীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.