চিটাৰা ডেস্ক, 25 জুলাই: অৱশেষত বলীউডত ছানী দেওলে লঞ্চ কৰিলে দ্বিতীয় আৰু কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেওলক । ২৪ জুলাইত ছানী দেওলে পুত্ৰৰ প্ৰথম ছবি ‘দোনো’ৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰি পুত্ৰ ৰাজবীৰ দেওলে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ কথা ঘোষণা কৰিছে ৷ এই পোষ্টাৰখনত ৰাজবীৰ দেওল আৰু পালোমা ধিলনক সাগৰৰ পাৰত বহি থকা দেখা গৈছে। এই পোষ্টাৰখন শ্বেয়াৰ কৰি ছানী দেওলে কৈছিল যে ছবিখনৰ প্ৰথম টিজাৰ ২৫ জুলাই অৰ্থাৎ আজি মুক্তি পাব । কথা মতেই কাম ৷
এতিয়া ২৫ জুলাইত মুক্তি পালে ছবিখনৰ টিজাৰ । ৮০ৰ দশকৰ অভিনেত্ৰী পুনম ধিলনৰ কন্যা পালোমা ধিলনেও ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। ৰাজবীৰ আৰু পালোমা অভিনীত ইনোচেণ্ট লাভ ষ্ট’ৰী ছবি ‘দোনো’ ৰাজশ্ৰী প্ৰডাকচনৰ প্ৰযোজনা আৰু অবিনাশ বৰজাত্যই এই ছবিখন পৰিচালনা কৰিছে । অতি শীঘ্ৰে ছবিখন ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।
দোনো ছবিখনৰ টিজাৰ কেনেকুৱা ?
‘দোনো’ ছবিখনৰ টিজাৰ ১.১০ মিনিটৰ । টিজাৰৰ আৰম্ভণিতে দেৱ (ৰাজবীৰ দেওল) আৰু মেঘনা (পালোমা)ক সাগৰৰ পাৰত বহি থকা দেখা গৈছে । দুয়ো নিজৰ নিজৰ বন্ধুৰ বিয়ালৈ আহিছিল আৰু এই বিয়াত প্ৰথমবাৰৰ বাবে লগ হৈছিল দুয়ো । দেৱ কইনা আৰু মেঘনা দৰাৰ বন্ধু । এই বিবাহত মেঘনা আৰু দেৱৰ বন্ধুত্ব হয় । সাগৰৰ পাৰত বহি থকা মেঘনাই কাষত বহি থকা দেৱক সুধিছে যে আমি কিয় প্ৰত্যাখ্যানক ইমান ভয় কৰো ?
মেঘনাৰ এই প্ৰশ্নত দেৱে কয় হয় বন্ধু । ইয়াৰ পিচত দেৱ আৰু মেঘনাক বন্ধুৰ মাজত ইগৰাকীয়ে সিগৰাকীলৈ চাই একেলগে নাচি থকা দেখা যায় । উল্লেখ্য যে, দুয়োখন ছবিৰ কাহিনী ইনোচেন্স লাভৰ ওপৰত আধাৰিত । টিজাৰৰ শেষত কোৱা হৈছে যে ছবিখন অতি সোনকালে ছবিগৃহত মুক্তি পাব ।
- " class="align-text-top noRightClick twitterSection" data="">