ETV Bharat / entertainment

Rajpal Yadav: প্ৰসৱৰ সময়ত মৃত্যু হৈছিল ৰাজপাল যাদৱৰ প্ৰথম পত্নীৰ, তাৰ পিচত কেনেকৈ সলনি হ’ল জীৱন ক’লে ৰাজপালে

কমেডীৰ বাবে জনপ্ৰিয় ৰাজপাল যাদৱ সকলোৰে পৰিচিত ৷ কিন্তু ৰাজপাল যাদৱৰ জীৱনৰ বিষয়ে আপুনি জানেনে ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By

Published : Jun 26, 2023, 12:44 PM IST

Rajpal Yadav reveals his first wife died after childbirth
কেনেকৈ মৃত্যু হৈছিল ৰাজপাল যাদৱৰ প্ৰথমা পত্নীৰ

চিটাৰা ডেস্ক, 26 জুন: বলীউডৰ অভিনেতা ৰাজপাল যাদৱ নিজৰ কমিক টাইমিঙৰ বাবে পৰিচিত । অভিনেতাগৰাকীয়ে এতিয়ালৈকে বহু ছবিত অভিনয় কৰিছে, য’ত তেওঁ নিজৰ কমেডী যোগ কৰি ছবিসমূহক আৰু অধিক ছুপাৰহিট কৰি তুলিছিল । কিন্তু নিজৰ অভিনয়ৰে অনুৰাগীক আমোদ দিয়া অভিনেতাগৰাকীয়ে বাস্তৱ জীৱনত বহুত কষ্ট কৰিবলগীয়া হৈছিল ৷

ৰাজপাল যাদৱে প্ৰকাশ কৰিলে নিজৰ দুখ

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাজপাল যাদৱে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ কৰে । অভিনেতাজনে কয় যে যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে পিতৃ হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২০ বছৰ । কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰথম সন্তান জন্ম দিয়াৰ পিচতে তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হয় । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে বহু সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল ।

কন্যা জন্মৰ পিচত প্ৰথম পত্নীৰ মৃত্যু

শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত ৰাজপাল যাদৱে কয়, ২০ বছৰ বয়সতে মোৰ পিতৃয়ে মোৰ বিবাহ সম্পন্ন কৰাইছিল ৷ সেই সময়ত মই সামৰিক কাপোৰৰ কাৰখানাত কাম কৰি আছিলো । মোৰ প্ৰথম পত্নীয়ে বিয়াৰ পিচত প্ৰথম সন্তান জন্ম দিয়ে ৷ কিন্তু সন্তান জন্ম দিয়াৰ পিচতে মোৰ পত্নীৰ মৃত্যু হয় ।

২০০৩ চনত দ্বিতীয় বিবাহ

ৰাজপাল যাদৱে লগতে কয় যে প্ৰথম পত্নীৰ মৃত্যুৰ পিচত তেওঁ অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । কিন্তু তেওঁক বলীউডত থিতাপি ল’বলৈ প্ৰায় ১৩ বছৰ সময় লাগিছিল । এই সময়ছোৱাত তেওঁ এন এছ ডিত অধ্যয়ন কৰিছিল ৷ লগতে টিভি আৰু ছবিতো কাম কৰিছিল । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে ৩১ বছৰ বয়সত ৰাধাক লগ পায় । দুয়োৰে মাজত প্ৰথমে বন্ধুত্ব হয়, তাৰ পাচত এই বন্ধুত্বৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তন হয় ৷ অৱশেষত ২০০৩ চনত দুয়ো আৱদ্ধ হয় বিবাহপাশত ৷

দ্বিতীয় পত্নীৰ প্ৰশংসা কৰে অভিনেতাজনে

অভিনেতাজনে কয় যে তেওঁ প্ৰতিটো অসুবিধাতে সমৰ্থন আগবঢ়াই আহিছে ৰাধাই । কেৱল এয়াই নহয়, প্ৰথম পত্নীৰ কন্যা সন্তানটিকো নিজৰ কন্যা বুলি গণ্য কৰি চোৱা-চিতা কৰিছিল । উল্লেখ্য যে ৰাজপাল যাদৱ ৩ গৰাকী কন্যা সন্তানৰ পিতৃ । দ্বিতীয় পত্নীৰ পৰা দুগৰাকী কন্যা সন্তান আছিল, এজনীৰ নাম হৰ্ষিতা আৰু আনজনীৰ নাম ৰেহংশী।

লগতে পঢ়ক: Actress Nazima: হঠাৎ নিখোঁজ হোৱা এগৰাকী অভিনেত্ৰী; ক’ত কেনেকৈ আছে তেওঁ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.