ETV Bharat / entertainment

Rajinikanth Temple: অনুৰাগীয়ে ঘৰতে নিৰ্মাণ কৰিলে ৰজনীকান্তৰ মন্দিৰ - ৰজনীকান্ত মন্দিৰ

ৰজনীকান্তৰ এজন অনুৰাগীয়ে নিৰ্মাণ কৰিছে ৰজনীকান্তৰ মন্দিৰ ৷ মন্দিৰটোত স্থাপন কৰিছে ৰজনীকান্তৰ মূৰ্তি ৷ অনুৰাগীজনে ক’লে- আমি তেওঁক পূজা কৰো ৷

Fan builds temple for Rajinikanth in Madurai
অনুৰাগীয়ে নিৰ্মাণ কৰিছে ৰজনীকান্তৰ মন্দিৰ
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:04 PM IST

চিটাৰা ডেস্ক, 1 নৱেম্বৰ: দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তে প্ৰায় ছয় দশক ধৰি উদ্যোগটোত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে । সেয়েহে, দক্ষিণৰ লগতে গোটেই বিশ্বতে আছে ৰজনীকান্তৰ অনুৰাগী । ৰজনীকান্তৰ নতুন ছবি মুক্তি লাভ কৰাৰ লগে লগে দক্ষিণত এক সুকীয়া উৎসাহৰ সৃষ্টি হয় ৷ আনকি আপুনি জানি আচৰিত হ’ব যে দক্ষিণৰ মানুহে ৰজনীকান্তক পূজাও কৰে । কিন্তু এইবাৰ এজন অনুৰাগীয়ে ৰজনীকান্তৰ বাবে পাৰ কৰিছে সকলো সীমা ৷

Fan builds temple for Rajinikanth in Madurai
অনুৰাগীয়ে নিৰ্মাণ কৰিছে ৰজনীকান্তৰ মন্দিৰ

দৰাচলতে মেগাষ্টাৰ ৰজনীকান্তৰ এজন অনুৰাগীয়ে তামিলনাডুৰ মাদুৰাইত থকা তেওঁৰ ঘৰত অভিনেতাগৰাকীক উৎসৰ্গিত কৰি মন্দিৰ নিৰ্মাণ কৰিছে । নিজকে ৰজনীকান্তৰ ডাঙৰ অনুৰাগী বুলি কোৱা কাৰ্তিকে নিজৰ ঘৰৰ এটা অংশ মন্দিৰলৈ ৰূপান্তৰিত কৰিছে । কাৰ্তিকে এই মন্দিৰত স্থাপন কৰিছে চাউথ ছুপাৰষ্টাৰগৰাকীৰ মূৰ্তি ।

কাৰ্তিকৰ মতে ৰজনীকান্তৰ মূৰ্তিৰ ওজন ২৫০ কিলোগ্ৰাম । সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ ক’লে, ‘‘আমাৰ বাবে ৰজনীকান্ত ঈশ্বৰ । সন্মানৰ চিন স্বৰূপে তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিছো ।’’ কাৰ্তিকৰ কন্যা অনুষিয়াইও ৰজনীকান্তৰ প্ৰশংসা কৰে । অনুষিয়াই ক’লে, ‘‘আমি মন্দিৰত ভগৱানক যিদৰে পূজা কৰো, ঠিক সেইদৰে আমি ৰজনীকান্তৰ মূৰ্তিকো পূজা কৰো ।

ইফালে ‘জেইলাৰ’ৰ সফলতা উপভোগ কৰি আছে ৰজনীকান্তে । ‘জেইলাৰ’ত তেওঁ এনে এজন ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে নিজৰ আৰক্ষী পুত্ৰৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰে । ছবিখনত গুৰুত্বপূৰ্ণ কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল মোহনলাল, শিৱৰাজকুমাৰ আৰু জেকী শ্ৰফে । অনাগত সময়ত ‘থালাইভাৰ ১৭০’ ছবিখনত অমিতাভ বচ্চনৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব ৰজনীকান্তক । থালাইভাৰ ১৭০ ৰ পৰিচালনা কৰিছে টি জে গ্নেনবেলে । বিগ বি আৰু ৰজনীকান্তে শেষবাৰৰ বাবে একেলগে কাম কৰিছিল ১৯৯১ চনত মুকুল আনন্দৰ পৰিচালনাত নিৰ্মিত হাম ছবিখনত ।

লগতে পঢ়ক: Thalaivar 171: জেইলাৰৰ সফলতাৰ পিচত আহি আছে ৰজনীকান্তৰ আগন্তুক ছবি, জৱানৰ সৈতে ছবিখনৰ আছে বিশেষ সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.