চিটাৰা ডেস্ক, 2 জুন : নিজৰ উৎকৃষ্ট অভিনয়ৰে বলীউডৰ শ্ব’মেন ৰাজ কাপুৰে এসময়ত কোটি কোটি দৰ্শকৰ হৃদয়ত ৰাজ কৰিছিল ৷ কিন্তু ১৯৮৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২ জুনত এই পৃথিৱীৰ পৰা বিদায় লৈছিল ৰাজ কাপুৰে (Raj Kapoor Death Anniversary)। ৰাজ কাপুৰ পিতৃ হৈছে পৃথ্বীৰাজ ৷ কিন্তু আপুনি জানেনে পৃথ্বীৰাজৰ দৰে পিতৃ থকাৰ পিচতো নিজৰ জীৱনত বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল ৰাজ কাপুৰে ? আনকি পিতৃৰ ষ্টুডিঅ’ত ঝাড়ু লগাইছিল ৰাজ কাপুৰে (Raj Kapoor Unknown Facts) ৷ গতিকে আজিৰ এই প্ৰতিবেদনত বলীউডৰ শ্ব’মেনগৰাকীৰ জীৱনৰ কিছু নজনা কাহিনীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো (Raj Kapoor death date)।
জন্ম হৈছিল পাকিস্তানত
বলীউডৰ শ্ব’মেন ৰাজ কাপুৰৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৪ ডিচেম্বৰত পাকিস্তানৰ পছাৱৰত । দেশ বিভাজন হোৱাৰ সময়ত তেওঁৰ পিতৃ পৃথ্বীৰাজ কাপুৰ ভাৰতলৈ আহিছিল । ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ মুম্বাইলৈ গুচি যায় আৰু অভিনয় জগতত বহু উচ্চতা অৰ্জন কৰে। ৰাজ কাপুৰে পিতৃ পৃথ্বীৰাজ কাপুৰৰ উত্তৰাধিকাৰ আগুৱাই লৈ গৈছে যদিও, আপুনি জানি আচৰিত হ’ব যে পিতৃৰ তেওঁৰ ওপৰত কোনো বিশ্বাস নাছিল ।
পিতৃয়ে এনেবোৰ কাম কৰিব দিছিল ৰাজ কাপুৰক
আচলতে পৃথ্বীৰাজ কাপুৰে বিশ্বাস কৰিছিল যে ৰাজ কাপুৰে নিজৰ জীৱনত বিশেষ একো কৰিব নোৱাৰিব । এনে পৰিস্থিতিত তেওঁক সহায়ক বা ক্লেপাৰ বয়ৰ দৰে সৰু সৰু কামৰ দায়িত্ব দিয়া হৈছিল । সেই যুগৰ জনপ্ৰিয় পৰিচালক কেদাৰ শৰ্মাই ৰাজ কাপুৰৰ লুকাই থকা অভিনয় ক্ষমতা আৰু আবেগক চিনি পাইছিল । তেওঁ ৰাজ কাপুৰক তেওঁৰ ছবি নীলকমলত নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা দিছিল । ইয়াৰ পিচত ৰাজ কাপুৰে ২৪ বছৰ বয়সত আগ ছবিখন পৰিচালনা কৰে, তাৰ পিচত তেওঁ আটাইতকৈ কম বয়সীয়া চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিগণিত হয় । ১৯৪৮ চনত তেওঁ আৰ কে ফিল্মছ নামৰ এখন চলচ্চিত্ৰ ষ্টুডিঅ’ গঠন কৰে, যাৰ প্ৰথম হিট ছবি আছিল ‘বৰসাত’।
দৰমহা আছিল মাত্ৰ এটকা
চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়ি তোলাৰ পূৰ্বে ৰাজ কাপুৰে পিতৃৰ ষ্টুডিঅ’ত ছুইপাৰ হিচাপে কাম কৰিছিল । ইয়াৰ বাবে তেওঁ প্ৰতিমাহে এটকা দৰমহা লাভ কৰিছিল । নিজৰ ঘৰত বহু গাড়ী থকাৰ পিচতো ৰাজ কাপুৰে শৈশৱত বৰষুণত তিতি স্কুললৈ যাব লগা হৈছিল।
এইগৰাকী অভিনেত্ৰী ৰাজ কাপুৰৰ বাবে গহনা বিক্ৰী কৰিছিল
ৰাজ কাপুৰে পৰিচালক হিচাপে বৰসাত ছবিখন নিৰ্মাণ কৰি থাকোঁতে তেওঁৰ প্ৰেমত পৰে নাৰ্গিছ । দুয়োগৰাকীয়ে ইগৰাকীৰ সিগৰাকীৰ অতি ঘনিষ্ঠ হৈ পৰে, যাৰ কথা মধু জৈনে তেওঁৰ ‘ভাৰতীয় ছবিৰ প্ৰথম পৰিয়াল - কাপুৰছ’ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছিল । নাৰ্গিছ আৰু ৰাজ কাপুৰৰ প্ৰেম ইমানেই প্ৰবল আছিল যে ৰাজ কাপুৰৰ ছবিত ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল । যেতিয়া আৰ কে ষ্টুডিঅ’ৰ ধনৰ অভাৱ হৈছিল, তেতিয়া নাৰ্গিছে তেওঁৰ গহনাও বিক্ৰী কৰিছিল । কিন্তু বিবাহিত ৰাজে ধৰ্মৰ বাবে নাৰ্গিছক গ্ৰহণ কৰিব নোৱাৰিলে ।
লগতে পঢ়ক: Annu Kapoor hospitalised in Delhi: জনপ্ৰিয় অভিনেতা অন্নু কাপুৰ চিকিৎসাধীন