ETV Bharat / entertainment

আৰ ডি বৰ্মনক কিয় পঞ্চমদা বুলি কোৱা হয় ? আঁৰত আছে আমোদজনক কাহিনী - RD death anniversary

R D Burman death anniversary : আজি আৰ ডি বৰ্মন ওৰফে পঞ্চমদাৰ মৃত্যু বাৰ্ষিকী। আজি পঞ্চমদাৰ মৃত্যু বাৰ্ষিকীত তেখেতৰ বিষয়ে কিছু নজনা কথা জানো আহক ।

R D Burman death anniversary Special, know the unknown facts of R D Burman
আৰ ডি বৰ্মনৰ মৃত্যু বাৰ্ষিকী
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:57 PM IST

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: ‘য়াম্মা-য়াম্মা’, ‘মেহবুবা-মেহবুবা’, ‘বচকে ৰেহনা ৰে বাবা’ আদি গীত আজিও মানুহৰ মুখে মুখে শুনা যায় । এনে বহু জনপ্ৰিয় গীতৰ ৰচনা, পৰিচালনা আৰু কণ্ঠদান কৰা ৰাহুল দেৱ বৰ্মন ওৰফে আৰ ডি বৰ্মন আজি আমাৰ লগত নাই ৷ কিন্তু নিজৰ কামৰ জৰিয়তে আজিও আমাৰ সকলোৰে মাজত জীয়াই আছে তেওঁ । আজি পঞ্চম দাৰ মৃত্যু বাৰ্ষিকী ৷ ১৯৯৪ চনৰ ৪ জানুৱাৰীত ইহলীলা সম্বৰণ কৰিছিল আৰ ডি বৰ্মনে ৷ পঞ্চমদাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতৰ লগত জড়িত কিছুমান বিশেষ কথা জানো আহক ।

৯ বছৰ বয়সতে গীত গোৱা আৰম্ভ কৰিছিল

সংগীতৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰ ডি, সেইবাবেই সৰুৰে পৰা সংগীত শুনি আহিছিল । আৰ ডি বৰ্মনৰ পিতৃ শচীন দেৱ বৰ্মনক হিন্দী চিনেমাৰ এজন মহান সুৰকাৰ হিচাপে গণ্য কৰা হৈছিল। অৱশ্যে পঞ্চমদাই পিতৃৰ এই উত্তৰাধিকাৰ খুব ভালদৰে আগবঢ়াই লৈ গৈছিল । সৰুৰে পৰা সংগীতৰ প্ৰতি থকা আকৰ্ষণৰ বাবে আৰ ডি বৰ্মনে মাত্ৰ ৯ বছৰ বয়সতে প্ৰথমটো গীত ৰচনা কৰিছিল আৰু এই কথা হয়তো খুব কম লোকেহে জানে । তেওঁ ৰচনা কৰিছিল ‘এ মেৰী টপি পলট কে আ’, যিটো তেওঁৰ পিতৃয়ে ১৯৫৬ চনৰ ‘ফান্টুছ’ ছবিখনত ব্যৱহাৰ কৰিছিল ।

কিয় তেওঁক পঞ্চমদা বুলি কোৱা হয় ?

বেছিভাগ মানুহেই আৰ ডি বৰ্মনক পঞ্চমদা বুলি কয় । অৱশ্যে অতি কম সংখ্যকেহে জানে যে এই নামটো তেওঁৰ প্ৰকৃত নাম নাছিল, বৰঞ্চ তেওঁৰ এটা অভ্যাসৰ বাবেই তেওঁক এই নামটো দিয়া হৈছিল ৷ তেওঁক এই নামটো দিছিল প্ৰবীণ অভিনেতা অশোক কুমাৰে । কোৱা হয় যে আৰ ডি বৰ্মনে যেতিয়াই কোনো সুৰ গুণগুণাইছিল তেতিয়াই তেওঁ প্ৰায়ে ‘প’ শব্দটো ব্যৱহাৰ কৰিছিল । অশোক কুমাৰে তেওঁৰ এই অভ্যাসটো লক্ষ্য কৰিছিল । ইয়াৰ পিচত সা ৰে গা মা পাৰ পৰা পঞ্চম স্থানৰ সৈতে ‘প’ যোগ কৰি অশোক কুমাৰে তেওঁক পঞ্চমদা বুলি ক’বলৈ আৰম্ভ কৰিলে । লাহে লাহে এই নামটো ইমানেই জনপ্ৰিয় হৈ পৰিল যে কিছুদিনৰ ভিতৰতে সমগ্ৰ বিশ্বই তেওঁক পঞ্চমদা বুলি মাতিবলৈ আৰম্ভ কৰিলে ।

এগৰাকী অনুৰাগীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰ ডি বৰ্মন

পঞ্চমদাৰ নামৰ দৰেই তেওঁৰ প্ৰেম জীৱনটোও আছিল যথেষ্ট আকৰ্ষণীয় । প্ৰথমে তেওঁৰ এগৰাকী অনুৰাগী ৰীতা পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কোৱা হয় যে ৰীতাই বন্ধু-বান্ধৱীৰ লগত চৰ্ত আৰোপ কৰিছিল যে তেওঁ আৰ ডি বৰ্মনৰ লগত ডেটলৈ যাব আৰু শেষত ৰীতাই এই চৰ্তটো জিকিবলৈ সক্ষম হৈছিল । ইয়াৰ পিচত তেওঁলোকৰ মাজত বন্ধুত্ব বাঢ়ি যায় আৰু ১৯৬৬ চনত দুয়োৰে বিবাহ হয় । কিন্তু ১৯৭১ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটে । ইয়াৰ পাচত আৰ ডি বৰ্মনে আশা ভোছলেক লগ পায় ।

কোৱা হয় যে আৰ ডি বৰ্মনে বিবাহ বিচ্ছেদৰ পিছত আশা ভোছলেৰ সৈতে এটি গীতৰ কাম কৰি আছিল । কিন্তু তেতিয়ালৈকে স্বামী গণপতৰাওৰ সৈতে আশা ভোছলেৰো বিবাহ বিচ্ছেদ ঘটিছিল । অৱশ্যে তেতিয়া আশা গৰ্ভৱতী আছিল, যাৰ বাবে পুত্ৰ দুটাৰ সৈতে ভনীয়েকৰ ঘৰলৈ গৈছিল আশা । বিবাহ বিচ্ছেদৰ পিচত তৃতীয় পুত্ৰ সন্তান জন্ম দিয়ে আশাই । একে সময়তে পঞ্চমদা আৰু আশা ভোছলে অবিৰতভাৱে বহু প্ৰজেক্টত একেলগে কাম কৰি আছিল । এই সময়ছোৱাত দুয়োগৰাকীয়ে বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল যদিও পঞ্চমদাৰ মাক অমান্তি হোৱাত সম্ভৱ নহ’ল তেওঁলোকৰ বিয়া । অৱশ্যে বহু অপেক্ষাৰ অন্তত অৱশেষত মাক জীয়াই থকাৰ সময়তে আশা ভোছলেক বিয়া কৰাইছিল ।

লগতে পঢ়ক: বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰি মোদীয়ে ক’লে- তেওঁ ৰাজনীতি-চিনেমা উভয়তে কেপ্টেইন আছিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.