ETV Bharat / entertainment

Pushpa The Rule TEASER: ৰশ্মিকা মান্দানাৰ জন্মদিনত অনুৰাগীলৈ পুষ্পা 2 ৰ ডাঙৰ উপহাৰ

author img

By

Published : Apr 5, 2023, 12:49 PM IST

আজি ৰশ্মিকা মান্দানাৰ জন্মদিন উপলক্ষে আল্লু অৰ্জুনৰ ছবি পুষ্পা 2 এক নতুন আভাস মুকলি কৰিছে নিৰ্মাতাই (Rashmika Mandanna Birthday) ৷ সবিশেষ জানিব পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Pushpa The Rule Teaser release on Rashmika Mandanna Birthday
পুষ্পা 2 ৰ টিজাৰ মুকলি

চিটাৰা ডেস্ক, 5 এপ্ৰিল: আজি দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ ২৭ সংখ্যক জন্মদিন (Rashmika Mandanna Birthday) ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন তথা ৰশ্মিকা মান্দানাৰ আগন্তুক ছবি ‘পুষ্পা - দ্য ৰুল’ৰ আভাস শ্বেয়াৰ কৰিছে ছবি নিৰ্মাতাই । ছ’চিয়েল মিডিয়াত মিথ্ৰি ছবি নিৰ্মাতাই মুকলি কৰিছে পুষ্পা ২ৰ টিজাৰ (Pushpa The Rule) ।

শ্বেয়াৰ কৰা ভিডিঅ’টোত সংঘৰ্ষ হোৱা দেখুওৱা হৈছে আৰু ভিডিঅ’টোত প্ৰশ্ন কৰা হৈছে যে পুষ্পা ক’ত ? এই ভিডিঅ’টোৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে পুষ্পা ক’ৰবাত লুকাই আছিল, ইফালে আৰক্ষীয়ে পুষ্পাক বিচাৰি হাহাকাৰ কৰিছিল । প্ৰাৰম্ভিক খবৰ অনুসৰি ৭ এপ্ৰিলত ছবিখনৰ সৈতে জড়িত আন এটা ডাঙৰ আপডেট ছবি নিৰ্মাতাসকলে শ্বেয়াৰ কৰিব । আচলতে ৭ এপ্ৰিলত পুষ্পা ২ৰ সম্পূৰ্ণ টিজাৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ছবি নিৰ্মাতাই পুষ্পা ছবিখনৰ বিষয়ে তথ্য দিয়াৰ লগতে পুষ্পাৰ দৰ্শকৰ বাবেও বহু ছাচপেন্স এৰি দিয়া হৈছে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, ৰশ্মিকাৰ জন্মদিন উপলক্ষে নিৰ্মাতাই ইতিমধ্যেই মুকলি কৰিছে ছবিখনত অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক (Pushpa The Rule TEASER) ৷

পুষ্পা ক’ত ?

পুষ্পা-দ্য ৰুলৰ প্ৰথম আভাস শ্বেয়াৰ কৰি ছবি নিৰ্মাতাই ভিডিঅ’টোৰ কেপচনত লিখিছে, "ক’ত আছে পুষ্পা ? অতি সোনকালে অনুসন্ধান শেষ হ’ব, শাসনৰ পূৰ্বৰ অনুসন্ধান, ৭ এপ্ৰিলৰ সন্ধিয়া ৪.০৫ বজাত ইয়াৰ সম্পূৰ্ণ ভিডিঅ’ চাওক ।" ইফালে ট্ৰেইলাৰ মুকলি হোৱাৰ পিচদিনা অৰ্থাৎ ৮ এপ্ৰিলত আল্লু অৰ্জুনৰ জন্মদিন আৰু সম্ভৱত এই বিশেষ ক্ষণত অনুৰাগীয়ে ছবিখনত আল্লু অৰ্জুনৰ প্ৰথম ৰূপ চাবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ২০২১ চনত মুক্তি লাভ কৰা পুষ্পা - দ্য ৰাইজ ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে দৰ্শকে । ছবিখনৰ প্ৰথম খণ্ড আৰু ইয়াৰ গীতে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক: Samantha Ruth Prabhu: নগা চৈতন্য-সোভিতা ধূলিপালাৰ ডেটিঙৰ খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ সামন্ত ৰুথ প্ৰভুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.