ETV Bharat / entertainment

৩৪ বছৰীয়া মহিলাৰ আত্মহত্যাত উচটনি দিয়াৰ কথা স্বীকাৰ কৰিলে পুষ্পা ছবিৰ অভিনেতা জগদীশে

Jagadeesh Arrested for Abetment to Suicide : যোৱা ৬ ডিচেম্বৰত পাঞ্জাগুটা আৰক্ষীয়ে এগৰাকী মহিলাৰ আত্মহত্যাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল পুষ্পা ছবিৰ অভিনেতা জগদীশ প্ৰতাপক । জেৰাৰ অন্তত অভিনেতাজনে নিজৰ অপৰাধ স্বীকাৰ কৰে ।

Pushpa fame actor Jagadeesh admits abeting suicide of 34-year-old female artiste
জগদীশ প্ৰতাপ বান্দৰীয়ে স্বীকাৰ কৰিলে নিজৰ অপৰাধ
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:03 PM IST

চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ: এগৰাকী কনিষ্ঠ শিল্পীক ব্লেকমেইলিং কৰাৰ অভিযোগত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছিল পুষ্পা ছবিৰ অভিনেতা জগদীশ প্ৰতাপ বান্দ্ৰী ৷ এতিয়া আৰক্ষীৰ জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰিছে অভিনেতাজনে ।

খবৰ অনুসৰি, অভিনেতাজনৰ বিৰুদ্ধে এগৰাকী ৩৪ বছৰীয়া মহিলাক ভাবুকি আৰু ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, যোৱা ২৯ নৱেম্বৰত মহিলাগৰাকীয়ে আত্মহত্যা কৰিছিল ৷ মহিলাগৰাকীৰ আত্মহত্যাৰ পিচতে তেওঁৰ পৰিয়ালবৰ্গই আৰক্ষী থানাত জগদীশ প্ৰতাপ বান্দ্ৰীৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচত আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক ৷

আৰক্ষীৰ তদন্তত জগদীশে প্ৰকাশ কৰে যে তেওঁ সেই মহিলাগৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল ৷ কিন্তু সেই মহিলাগৰাকীয়ে আন এজন পুৰুষৰ সৈতে অন্তৰংগ হোৱা দেখি তেওঁ সহ্য কৰিব নোৱাৰিলে । যাৰ বাবে তেওঁ দুয়োৰে অন্তৰংগ হোৱাৰ ফটো আৰু ভিডিঅ’ ৰেকৰ্ড কৰে ৷ ইয়াৰ পিচত জগদীশে এই ফটো আৰু ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে মহিলাগৰাকীক ৷ মহিলাগৰাকীৰ নগ্ন ফটোবোৰ ছ’চিয়েল মিডিয়াত আপলোড কৰা ভাবুকি দিছিল বুলি খোদ আৰক্ষীৰ আগত প্ৰকাশ কৰে জগদীশে ।

এতিয়া পাঞ্জাগুট্টা আৰক্ষীয়ে জগদীশক গ্ৰেপ্তাৰ কৰি বিতং জেৰাৰ বাবে দুদিনৰ বাবে জিম্মাত লৈ যায় । আৰক্ষীৰ তথ্য অনুসৰি পাঁচ বছৰ পূৰ্বে জগদীশে ছবিজগতত কেৰিয়াৰ বনাবলৈ হায়দৰাবাদলৈ আহিছিল । তাৰ পিচত তেওঁ হায়দৰাবাদতে এগৰাকী যুৱতীক লগ পাই আৰু তেওঁৰ প্ৰেমত পৰে । পৰৱৰ্তী সময়ত দুয়ো লিভিঙত থাকিবলৈ লয় ৷ খবৰ অনুসৰি তেওঁলোকৰ মাজত এক ঘনিষ্ঠ শাৰীৰিক সম্পৰ্কও আছিল ।

উল্লেখ্য যে, ‘পুষ্পা: দ্য ৰাইজ - পাৰ্ট ১’ত ছবিখনত অভিনয় কৰাৰ পিচতে খ্যাতি অৰ্জন কৰিছিল জগদীশে । জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে তেওঁৰ মনোভাৱ সলনি হ’বলৈ ধৰিলে । ইফালে মহিলাগৰাকীয়ে হঠাৎ জগদীশক আওকাণ কৰিবলৈ ধৰিলে, যিটোৱে জগদীশক বিৰক্ত কৰিবলৈ আৰম্ভ কৰে ।

ইফালে মহিলাগৰাকীয়ে আন এজন পুৰুষৰ সৈতে সম্পৰ্কত আহিছিল ৷ কিন্তু জগদীশে মহিলাগৰাকীক যিকোনো পদ্য ঘূৰাই আনিব বিচাৰিছিল । ২৭ নৱেম্বৰত তেওঁ পাঞ্জাগুটাৰ মহিলাগৰাকীৰ ঘৰলৈ গৈ এজন অচিনাকি পুৰুষৰ সৈতে অন্তৰংগ মুহূৰ্তত দেখা পায় । যিটো সহ্য কৰিব নোৱাৰিলে জগদীসে আৰু ক্ষুব্ধ হৈ তেওঁৰ সন্মতি অবিহনে মোবাইলত তেওঁলোকৰ নগ্ন ফটো আৱদ্ধ কৰে । পিচত তেওঁ মহিলাগৰাকীলৈ ফটোসমূহ ফৰৱাৰ্ড কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দিয়ে ।

এই অপমান সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে দুদিন পিচতে অৰ্থাৎ ২৯ নৱেম্বৰত চিপলৈ আত্মহত্যা কৰে । মহিলাগৰাকীৰ মৃত্যুৰ পিচতে তেওঁৰ পিতৃয়ে পাঞ্জাগুটা আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰে । ৬ ডিচেম্বৰত আৰক্ষীয়ে জগদীশক গ্ৰেপ্তাৰ কৰি ৰিমাণ্ডলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: অভিনেতা জগদীশ প্ৰতাপক গ্ৰেপ্তাৰ, আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.