চিটাৰা ডেস্ক, 31 মে’: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ আগন্তুক ছবি পুষ্পা-২ ৰ শ্বুটিং চলি আছে (Pushpa 2 actors) ৷ কিন্তু ছবিখনৰ শ্বুটিং চলি থকাৰ মাজতে আহিল এক দুঃখবৰ ৷ পথ দুৰ্ঘটনাত পতিত হয় পুষ্পা-২ ৰ ক’লা-কুশলীৰ বাহন (Pushpa 2 bus accident in Nalgonda) ৷
জানিব পৰা মতে বুধবাৰে পুষ্পা-২ ৰ ইউনিটৰ বাছখনে তেলেংগানাৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ উভতি আহি আছিল ৷ কিন্তু উভতি অহাৰ সময়তেই দুৰ্ঘটনাত পতিত হয় বাছখন (Bus accident in Nalgonda)। নৰকেটপল্লীৰ সমীপৰ হায়দৰাবাদ-বিজয়াৱাড়া ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই দুৰ্ঘটনাত ইউনিটটোৰ দুজন শিল্পী আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় শিল্পী দুগৰাকীক ।
-
The #HuntForPushpa ends and 𝗣𝗨𝗦𝗛𝗣𝗔'𝗦 𝗥𝗨𝗟𝗘 𝗕𝗘𝗚𝗜𝗡𝗦 🔥
— Mythri Movie Makers (@MythriOfficial) April 7, 2023 " class="align-text-top noRightClick twitterSection" data="
-https://t.co/eNEiADQGP0
Happy Birthday to Icon Star @alluarjun 🔥 #HappyBirthdayAlluArjun #WhereIsPushpa? #Pushpa2TheRule @iamRashmika @aryasukku #FahadhFaasil @ThisIsDSP @SukumarWritings pic.twitter.com/qxYhHMOGaA
">The #HuntForPushpa ends and 𝗣𝗨𝗦𝗛𝗣𝗔'𝗦 𝗥𝗨𝗟𝗘 𝗕𝗘𝗚𝗜𝗡𝗦 🔥
— Mythri Movie Makers (@MythriOfficial) April 7, 2023
-https://t.co/eNEiADQGP0
Happy Birthday to Icon Star @alluarjun 🔥 #HappyBirthdayAlluArjun #WhereIsPushpa? #Pushpa2TheRule @iamRashmika @aryasukku #FahadhFaasil @ThisIsDSP @SukumarWritings pic.twitter.com/qxYhHMOGaAThe #HuntForPushpa ends and 𝗣𝗨𝗦𝗛𝗣𝗔'𝗦 𝗥𝗨𝗟𝗘 𝗕𝗘𝗚𝗜𝗡𝗦 🔥
— Mythri Movie Makers (@MythriOfficial) April 7, 2023
-https://t.co/eNEiADQGP0
Happy Birthday to Icon Star @alluarjun 🔥 #HappyBirthdayAlluArjun #WhereIsPushpa? #Pushpa2TheRule @iamRashmika @aryasukku #FahadhFaasil @ThisIsDSP @SukumarWritings pic.twitter.com/qxYhHMOGaA
উল্লেখ্য যে, সুকুমাৰে পৰিচালনা কৰি থকা ছবিখনৰ দৃশ্যগ্ৰহণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাত হৈছিল, য’ত ছবিখনৰ এটা দৃশ্য গ্ৰহণ সম্পূৰ্ণ হৈছে । শ্ৰীকাকুলামত বনাঞ্চল আৰু কৃষিভূমিৰ লগতে শিলৰ ভূখণ্ড আছে (Pushpa 2 actors meet with bus accident in Nalgonda) ।
পুষ্পা-২ সম্পৰ্কে কিছু কথা
পুষ্পা-দ্য ৰাইজ ছবিখনৰ পিচতে সুকুমাৰে লিখিছে ‘পুষ্পা-দ্য ৰুল’ৰ কাহিনী । আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ যুটিক পুনৰবাৰ দেখা যাব ছবিখনত । একে সময়তে পুনৰ ভিলেইনৰ চৰিত্ৰত দেখা যাব ফাহাদ ফাচিলক । অহা বছৰৰ ভিতৰত ছবিখন পৰ্দাত মুক্তি পাব । ছবিখনৰ দ্বিতীয় খণ্ডত পুনৰ দেৱী শ্ৰীপ্ৰসাদে নিজৰ সংগীত আৰু গীতেৰে হুলস্থুলৰ সৃষ্টি কৰা দেখা যাব । সংবাদ মাধ্যমৰ মতে, এই ছবিখনত ৰণবীৰ সিঙক আৰক্ষী বিষয়াৰ চৰিত্ৰতো দেখা পোৱা যায় যদিও এতিয়াও নিৰ্মাতাসকলে নিশ্চিত হোৱা নাই ।
ছবিখনৰ প্ৰথম খণ্ডত ওম আন্তৱা, ছামী-ছামী আৰু শ্ৰীভাল্লীৰ গীতে ইতিমধ্যে এক বিস্ফোৰণৰ সৃষ্টি কৰিছে আৰু এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডত আৰু অধিক বেংগিং গীত দেৱী শ্ৰীপ্ৰসাদে উপস্থাপন কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: Al Pacino: ৮৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে পিতৃ হ’বলৈ গৈ আছে এইগৰাকী অভিনেতা