ETV Bharat / entertainment

Priyanka Chopra: স্বামী নিকক মঞ্চত সংগীত পৰিৱেশন কৰা দেখি আৱেগিক হৈ পৰিল প্ৰিয়ংকা; চাওক ভিডিঅ’

শনিবাৰে নিশা জ’নাছ ব্ৰাদাৰ্ছৰ এন ৱাই চি কনচাৰ্টত অংশগ্ৰহণ কৰে প্ৰিয়ংকা চোপ্ৰাই । কিন্তু স্বামী নিকক মঞ্চত সংগীত পৰিৱেশন কৰা দেখি আৱেগিক হৈ পৰে প্ৰিয়ংকা ৷ চাওক ভিডিঅ’ ৷

author img

By

Published : Aug 13, 2023, 5:12 PM IST

Priyanka Chopra tears up watching Nick Jonas' opening act at concert - video viral
নিকক মঞ্চত সংগীত পৰিৱেশন কৰা দেখি আৱেগিক হৈ পৰে প্ৰিয়ংকা

চিটাৰা ডেস্ক, 13 আগষ্ট: প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ ইগৰাকীৰ সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰায়ে দেখা যায় ৷ প্ৰায়ে ছ’চিয়েল মিডিয়াত ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে ৷ অনুৰাগীয়েও তেওঁলোকৰ এই প্ৰেম অতিকৈয়ে পছন্দ কৰে ৷ প্ৰিয়ংকাৰ যদি কিবা অনুষ্ঠান থাকে তেন্তে নিকে প্ৰিয়ংকা এজন সাধাৰণ স্বামীৰ দৰেই সমৰ্থন কৰা দেখা যায় ৷ ঠিক তেনেকৈয়ে প্ৰিয়ংকাকো আপাত দৃষ্টিত যিকোনো পত্নীৰ দৰেই নিজৰ স্বামীৰ বাবে সমৰ্থন কৰা দেখা ৷ শেহতীয়াকৈ দেশী গাৰ্লৰ এটা ভাইৰেল ভিডিঅ’ই এই কথাৰ প্ৰমাণ দিয়ে ।

নিউয়ৰ্কত অনুষ্ঠিত হোৱা জোনাছ ব্ৰাদাৰ্ছৰ কনচাৰ্টত অংশগ্ৰহণ কৰিছিল প্ৰিয়ংকা । নিক সংগীতজ্ঞ ভাতৃদ্বয়ৰ সৈতে কনচাৰ্টৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে । তেনে এটা ভাইৰেল ভিডিঅ’ত প্ৰিয়ংকাক দৰ্শকৰ মাজত নিক আৰু তেওঁৰ ভাতৃদ্বয়ৰ গীত উপভোগ কৰি থকা দেখা গৈছে ৷ ইনষ্টাগ্ৰামত তেওঁৰ এটা ফেন পেজে শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোত চকুপানী মচি থকা দেখা পোৱা গৈছে ৷ নিকক সংগীত পৰিৱেশ কৰা দেখি আৱেগিক হৈ পৰে প্ৰিয়ংকা ৷

ইয়াৰ পূৰ্বে প্ৰিয়ংকাই ইনষ্টাগ্ৰাম ষ্ট’ৰীছত নিকৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ মঞ্চৰ পিছফালৰ পৰা কণ্ঠশিল্পী স্বামীৰ এখন ছবি শ্বেয়াৰ কৰি পিচিয়ে লিখিছে, "মাই হাৰ্ট । ছ' প্ৰাউড অফ ইউ @nickjonas।" উল্লেখ্য যে প্ৰিয়ংকাই ক’লা ব্ৰেলেট টপ আৰু মেচিং স্কাৰ্ট পৰিধান কৰি জ’নাছ ব্ৰাদাৰ্ছৰ এন ৱাই চি (NYC) কনচাৰ্টত অংশগ্ৰহণ কৰে ।

ইফালে ৱৰ্ক ফ্ৰণ্টত প্ৰিয়ংকাক পৰৱৰ্তী সময়ত দেখা যাব হেডছ অৱ ষ্টেটত ইদ্ৰিছ এলবা আৰু জন চিনাৰ সৈতে । ইলিয়া নাইশ্বুলাৰৰ নেতৃত্বত নিৰ্মিত ছবিখনৰ লেখক জোছ এপেলবাম আৰু আন্দ্ৰে নেমেক ৷ ইফালে, ফাৰহান আখতাৰৰ জি লে জাৰা ছবিৰে বলীউডলৈ প্ৰিয়ংকাই প্ৰত্যাৱৰ্তন কৰিব ৷

লগতে পঢ়ক: Celebs on Manipur Violance: মণিপুৰৰ মহিলাৰ সৈতে হোৱা লজ্জাজনক কাণ্ডক লৈ ক্ষুব্ধ প্ৰিয়ংকা চোপ্ৰা, কৰীণা কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.