চিটাৰা ডেস্ক, 28 এপ্ৰিল : গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা বহু সময় ধৰি চলচ্চিত্ৰৰ পৰা আঁতৰি আছে, কিন্তু ছ'চিয়েল মিডিয়াত তেওঁ প্ৰতিদিনেই সক্ৰিয় । প্ৰিয়ংকাই নিজৰ অনুৰাগীসকলক প্ৰতিদিনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ জীৱনৰ মূহুৰ্তৰ খবৰ দি থাকে (Priyanka Chopra instagram) ৷ বিদেশত থাকিও ভাৰতীয় অনুৰাগীসকলক কেতিয়াও পাহৰা নাই তেওঁ ৷ প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ স্বৰ্গীয় পিতৃ অশোক চোপ্ৰাৰ সৈতে শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰিছে, য'ত অভিনেত্ৰীগৰাকীক চিনাক্ত কৰাটো কঠিন হৈ পৰিছে (Priyanka Chopra Latest instagram post) ।
প্ৰিয়ংকাই শ্বেয়াৰ কৰা ফটোখনত প্ৰিয়ংকাক পিতৃৰ কোলাত বহি থকা দেখা গৈছে (Priyanka Chopra father picture) ৷ মূৰত চুলি গজিবলৈ আৰম্ভ কৰা দিনৰে ফটো এইখন ৷ পিতৃয়ে বগা ৰঙৰ কুৰ্তা পিন্ধাৰ পৰিৱৰ্তে প্ৰিয়ংকাক দেখা গৈছে ৰঙা-বগা ৰঙৰ কনট্ৰাষ্ট ফ্ৰকত ৷
এই ছবিখন শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই লিখিছে, 'পাপাৰ লিটল গাৰ্ল' । প্ৰিয়ংকা অৱশ্যেই তেওঁৰ দেউতাকৰ অতিকে মৰমৰ আছিল । কৰ্কট ৰোগৰ সৈতে যুঁজ দি 10 জুন, 2013 তাৰিখে অশোক চোপ্ৰাৰ মৃত্যু হয় (Priyanka Chopra father)।
লগতে পঢ়ক: অনুৰাগীৰ মনলৈ বাট কেনেকৈ বোলে সেইয়া ভালদৰেই জানে জাহ্নৱী কাপুৰে