চিটাৰা ডেস্ক, 24 মে’: বলীউডৰ ভিতৰচৰাৰ বিষয়ে শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই এটাৰ পিচত আনটো বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে (Priyanka Chopra Reveals Bad Memory) । এইবাৰ পুনৰ প্ৰিয়ংকা চোপ্ৰাই এজন পৰিচালকৰ বিষয়ে এক বিস্ফোৰক মন্তব্য কৰিছে ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই প্ৰকাশ কৰে যে এজন পৰিচালকে অভিনেত্ৰীগৰাকীক অন্তৰ্বাস পৰিধান কৰা অৱস্থাত চাব বিচাৰে (Bollywood director wants to see priyanka underwear) ৷ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কি কৈছে জানো আহক এই প্ৰতিবেদনত ৷
প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্য
প্ৰিয়ংকা চোপ্ৰাই এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল যে যেতিয়া তেওঁ এখন ছবিৰ শ্বুটিং কৰি আছিল (Priyanka Chopra underwear news)। সেই ছবিখনত অভিনেত্ৰীগৰাকীয়ে আণ্ডাৰকাভাৰ এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছিল । ঘটনা সন্দৰ্ভত প্ৰিয়ংকা চোপ্ৰাই কয়, ‘এয়া আছিল অতি অমানৱীয় মুহূৰ্ত । সেই ছবিখনৰ পৰা মই আঁতৰি যোৱাটো ঠিক বুলি ভাবিলোঁ ।’
প্ৰিয়ংকা চোপ্ৰাৰ জীৱনৰ এই ঘটনাটো ২০০২ বা ২০০৩ চনৰ (Priyanka Chopra recent interview) ৷ অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই ছবিখনত আণ্ডাৰকাভাৰ এজেণ্টৰ চৰিত্ৰত অভিনয় কৰি আছিলো (Priyanka Chopra recent interview) । এটা দৃশ্যত এজন মানুহক মই পটাব লগা হৈছিল, যাৰ বাবে মই এটা এটাকৈ কাপোৰ খুলিবলগীয়া হৈছিল । সেইবাবেই দৃশ্যটোৰ বাবে মই আৰু অধিক কাপোৰ পিন্ধিব বিচাৰিছিলো । ইয়াৰ পিচত ছবি প্ৰযোজকে ক’লে মই তোমাক অন্তৰ্বাস পৰিধান কৰা অৱস্থাত চাব বিচাৰো, নহ’লে এই ছবিখন চাবলৈ কোনোবা মানুহ কিয় আহিব ?’
প্ৰিয়ংকা চোপ্ৰাই লগতে কয়, ‘এই কথা পোনপটীয়াকৈ মোক নহয়, মোৰ সন্মুখত থকা মোৰ ষ্টাইলিষ্টক কৈছিল । ইমানেই অমানৱীয় মুহূৰ্ত আছিল, সেই সময়ত মই উপলব্ধি কৰিছিলো যে মোৰ দক্ষতাৰ কোনো কাম নাই । সেয়ে দুদিন কাম কৰাৰ পিচত মই ছবিখনৰ পৰা আঁতৰি থকা গ’লো আৰু টকাখিনি ঘূৰাই দিলো।’
এই কথা কৈ প্ৰিয়ংকা চোপ্ৰাই পৰিচালকজনৰ বিষয়ে কয়, ‘মই প্ৰতিদিনে তেওঁক দেখা পাব নিবিচাৰো ।’ উল্লেখ্য যে, প্ৰিয়ংকাই ২০০২ চনত তামিল ছবি ‘থামিঝান’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল । ইয়াৰ পিচত ২০০৩ চনত ‘আন্দাজ’ৰ জৰিয়তে বলীউডত ভৰি দিয়ে প্ৰাক্তন বিশ্বসুন্দৰী গৰাকীয়ে (Priyanka Chopra left a film)।
লগতে পঢ়ক: Arijit Singh: লাইভ কনচাৰ্টৰ মাজতে অনুৰাগীৰ ওপৰত খং উঠিল অৰিজিৎ সিঙৰ, কিন্তু কিয় ?