চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: শেহতীয়াকৈ ভগ্নী পৰিণীতি চোপ্ৰাৰ বিয়াত উপস্থিত নোহোৱাৰ বাবে চৰ্চালৈ আহিছিল প্ৰিয়ংকা চোপ্ৰা ৷ কিছু কামৰ বাবে পৰিণীতি চোপ্ৰাৰ বিয়াত উপস্থিত থাকিব পৰা নাই বুলি প্ৰিয়ংকাৰ মাতৃয়ে পাপাৰাজীক কৈছিল ৷ এতিয়া ভগ্নীৰ বিয়াৰ পিচত শেহতীয়াকৈ স্বামী নিক জ’নাছৰ সৈতে ডেটলৈ গ’ল প্ৰিয়ংকা ৷ দুয়োৰে ছবি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ বহুদিনৰ মূৰত দুয়ো একেলগে বাহিৰত সময় অতিবাহিত কৰা দেখা গ’ল ৷ কিয়নো বিগত কেইবাদিন ধৰি জ’নাছ ব্ৰাদার্ছৰ কনচার্টত ব্যস্ত হৈ আছিল নিক ৷ ইফালে প্ৰিয়ংকাকো বহুবাৰ স্বামী নিকৰ কনচার্টত দেখা গৈছিল, য’ত প্ৰিয়ংকাই দৰ্শকৰ পৰা নিকৰ বাবে উল্লাস কৰিছিল ।
নিক জ’নাছৰ সৈতে ডেটলৈ গ’ল প্ৰিয়ংকা
এই উপলক্ষে প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰিছিল ক’লা পোছাকৰ সৈতে মেচিং জোতা আৰু অভাৰকোট । লগতে এই লুকৰ সৈতে এটা হালধীয়া ৰঙৰ হেণ্ডবেগ বাছিল লৈছিল অভিনেত্ৰীগৰাকীয়ে আৰু চুলিকোচা পনিটেইলেৰে সম্পন্ন কৰিছিল নিজৰ লুক । ইফালে নিকে পৰিধান কৰিছিল বাদামী ৰঙৰ চাৰ্ট, ধূসৰ ৰঙৰ ট্ৰাউজাৰ, বাদামী ৰঙৰ জোতা আৰু মেচিং টুপী।
এই দম্পতীৰ এটা ফেন পেজে ইনষ্টাগ্ৰামত তেওঁলোকৰ ফটো শ্বেয়াৰ কৰিছে । ফটোকেইখনৰ ওপৰত মন্তব্য কৰি এজন অনুৰাগীয়ে লিখিছে, “অ’ ধুনীয়া ! ডেট নাইটত এই দুগৰাকীক একেলগে দেখি বৰ ভাল লাগিল । বহুত ধুনীয়া দেখা গৈছে ।” আন এজনে মন্তব্য কৰিছে, "নিক আৰু প্ৰিয়ংকা দুয়োগৰাকীয়ে জিলিকি উঠিছে আৰু অধিক আদৰণীয় দেখা গৈছে ।" আন এজনে লিখিছে, "আদৰণীয় স্বামী-স্ত্ৰী ৷"
পৰিণীতিৰ বিয়ালৈ কিয় নগ’ল প্ৰিয়ংকা চোপ্ৰা ?
প্ৰিয়ংকা আৰু নিক পৰিণীতি চোপ্ৰাৰ বিয়াৰ বাবে উদয়পুৰলৈ যাব পৰা নাছিল । এই সন্দৰ্ভত উদয়পুৰৰ পৰা উভতি অহাৰ সময়ত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই পাপাৰাজীক কয় যে প্ৰিয়ংকা কিবা কামত ব্যস্ত হৈ আছে সেইবাবে বিয়াত উপস্থিত থাকিব নোৱাৰিলে ৷ অৱশ্যে বিয়াত নাহিলেও ইনষ্টাগ্ৰামত পৰিণীতি-ৰাঘৱৰ বিয়াৰ ফটোত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে মন্তব্য কৰাৰ উপৰিও নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পৰিণীতি-ৰাঘৱৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি বিবাহৰ অভিনন্দন জ্ঞাপন কৰে প্ৰিয়ংকাই ৷
লগতে পঢ়ক: Madhu Chopra: প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধুয়ে ক’লে কিয় পৰিণীতিৰ বিয়ালৈ নাহিল প্ৰিয়ংকা