ETV Bharat / entertainment

Prakash Raj: প্ৰকাশ ৰাজৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল এজাহাৰ, চন্দ্ৰযান-৩ক লৈ কি টুইট কৰিছিল অভিনেতাজনে ?

author img

By

Published : Aug 22, 2023, 3:47 PM IST

দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজে ‘চন্দ্ৰযান-৩’ মিছনক লৈ শেহতীয়াকৈ এটা টুইট কৰিছিল ৷ ইয়াৰ পিচতে অভিনেতাজন ছ’চিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰ সন্মুখীন হয় ৷ এতিয়া এই সন্দৰ্ভত অভিনেতাজনৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

Prakash Raj's dig at Chandrayaan 3 invites police action, actor booked for mocking lunar mission
চন্দ্ৰযান-৩ ক লৈ প্ৰকাশ ৰাজৰ টুইট, প্ৰকাশ ৰাজৰ বিৰুদ্ধে দাখিল এজাহাৰ

চিটাৰা ডেস্ক, 22 আগষ্ট: অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে থানাত দাখিল এজাহাৰ । কৰ্ণাটকৰ বাগালকোট জিলাৰ এখন থানাত দাখিল কৰা হৈছে এজাহাৰ ৷ দৰাচলতে প্ৰকাশ ৰাজে শেহতীয়াকৈ ‘চন্দ্ৰযান-৩’ মিছন সন্দৰ্ভত এটা টুইট কৰিছিল ৷ এই টুইটৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হয় অভিনেতাজন আৰু এতিয়া অভিনেতাজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷

চন্দ্ৰযান-৩ মিছন সন্দৰ্ভত প্ৰকাশ ৰাজৰ টুইটৰ বিপৰীত ফল

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি চন্দ্ৰযান-৩ মিছন সন্দৰ্ভত অভিনেতা প্ৰকাশ ৰাজে কৰা টুইটৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । হিন্দু সংগঠনৰ নেতাই তেওঁৰ বিৰুদ্ধে বাগালকোট জিলাৰ বনহাট্টি থানাত এজাহাৰ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

চন্দ্ৰযান-৩ মিছন সন্দৰ্ভত কি টুইট কৰিছিল প্ৰকাশ ৰাজে ?

উল্লেখ্য যে প্ৰবীণ অভিনেতা প্ৰকাশ ৰাজে দেওবাৰে চন্দ্ৰযান-৩ক ঠাট্টা কৰি ইছৰোৰ প্ৰাক্তন মুৰব্বী কে শিৱনৰ কাৰ্টুন শ্বেয়াৰ কৰিছিল ৷ লগতে চাৰ্ট আৰু লুংগী পৰিধান কৰা কাৰ্টুনটোৱে এটা মগৰ পৰা আন এটা মগলৈ চাহ ঢালি আছিল ৷ এই ফটোখন শ্বেয়াৰ কৰি অভিনেতাজনে লিখিছিল- ‘ব্ৰেকিং নিউজ ! চন্দ্ৰৰ পৰা প্ৰথম ছবি #vikramlander ।’ এই টুইটৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হয় প্ৰকাশ ৰাজ ৷

একে সময়তে ছ’চিয়েল মিডিয়াত ক্ষোভৰ সন্মুখীন হোৱা প্ৰকাশ ৰাজে পিচত আন এটা টুইটযোগে স্পষ্টীকৰণ দিয়ে যে তেওঁৰ মন্তব্য কেৱল কৌতুক হে আছিল । তেওঁ লিখিছে, "ঘৃণাই কেৱল ঘৃণাহে দেখে... মই আমাৰ কেৰালাৰ চাইৱালাই উদযাপন কৰা আৰ্মষ্ট্ৰঙৰ সময়ৰ এটা কৌতুকৰ কথা কৈছিলো - ট্ৰ’লাৰে কোনজন চাইৱালাক দেখিছিল ? যদি আপুনি কৌতুক বুজি নাপায়, তেন্তে কৌতুকটো আপোনাৰ ওপৰত । ডাঙৰ হওক, justasking ৷ "

  • Hate sees only Hate.. i was referring to a joke of #Armstrong times .. celebrating our kerala Chaiwala .. which Chaiwala did the TROLLS see ?? .. if you dont get a joke then the joke is on you .. GROW UP #justasking https://t.co/NFHkqJy532

    — Prakash Raj (@prakashraaj) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩

উল্লেখ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ তথ্য অনুসৰি ২৩ আগষ্টৰ নিশা প্ৰায় ১৮:০৪ বজাত চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰিবলৈ সাজু হৈছে । ইছৰোৰ ৱেবছাইট, ইয়াৰ ইউটিউব চেনেল, ফেচবুক আৰু ডিডি নেচনেল টিভিত ২৩ আগষ্ট, ২০২৩ৰ ১৭:২৭ IST ৰ পৰা উপলব্ধ হ’ব এই লাইভ একচন । আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিচতে এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থখন দেশ হ’ব ভাৰত । কিন্তু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ একমাত্ৰ দেশ হ’ব ভাৰত ।

লগতে পঢ়ক: Chandrayaan 3: চন্দ্ৰযান ৩ক লৈ ঠাট্টা মস্কৰা প্ৰকাশ ৰাজৰ, ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ক’লে- আপুনি দেশদ্ৰোহী নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.