ETV Bharat / entertainment

Richa Chadha Galwan: ৰিছা চড্ডাক কটাক্ষ কৰাৰ বাবে অক্ষয় কুমাৰক গৰিহণা দিছে প্ৰকাশ ৰাজে - দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজ

গালৱান সন্দৰ্ভত ৰিছাই কৰা টুইটক লৈ ভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া দিছে ৷ অক্ষয় কুমাৰে টুইটটোৰ বাবে ৰিছাক কটাক্ষ কৰাৰ পাছত এতিয়া জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজে গৰিহণা দিছে অক্ষয় কুমাৰক ৷ সবিশেষ আগলৈ-

Prakash Raj
অক্ষয় কুমাৰক গৰিহণা দিছে প্ৰকাশ ৰাজে
author img

By

Published : Nov 26, 2022, 4:33 PM IST

চিটাৰা ডেস্ক, 26 নৱেম্বৰ : বলীউডৰ অভিনেত্ৰী ৰিছা চড্ডাৰ গালৱান টুইটৰ বিতৰ্কই এতিয়া লৈছে নতুন মোৰ (Richa Chadha Galwan) ৷ অভিনেতা অক্ষয় কুমাৰে ৰিছাৰ মন্তব্যৰ বিপৰীতে নিজৰ মত আগবঢ়োৱাৰ পৰিৱৰ্তে এতিয়া ৰিছাৰ সমৰ্থনত মাত মাতিছে দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজে । অভিনেত্ৰী গৰাকীক সমৰ্থন কৰি অক্ষয় কুমাৰক গৰিহণা দিছে প্ৰকাশ ৰাজে ।

Richa Chadha
গালৱান সন্দৰ্ভত ৰিছাই কৰা টুইটকলৈ ভিন্ন জনে ভিন্ন প্ৰতিক্ৰিয়া দিছে

অক্ষয় কুমাৰৰ টুইটটো ৰিটুইট কৰি দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজে লিখিছে, ‘এইটো আপোনাৰ পৰা আশা কৰা হোৱা নাছিল অক্ষয় কুমাৰ... ৰিছা চড্ডা আপোনাতকৈ আমাৰ দেশৰ বাবে অধিক প্ৰাসংগিক’ ৷ আনহাতে ইয়াৰ আগতে প্ৰকাশ ৰাজে ৰিছাৰ গালৱান টুইট সম্পৰ্কত লিখিছিল, 'আমি আপোনাৰ সৈতে আছো ৰিছা চড্ডা, আপুনি কি ক'ব বিচাৰিছিল আমি জানো' ।

ৰিছাই কৰা টুইটটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অক্ষয় কুমাৰে লিখিছে, ‘এইটো দেখি দুখ পাইছো, আমাৰ ভাৰতীয় সেনাৰ প্ৰতি আমাক একোৱেই অকৃতজ্ঞ (কৃতজ্ঞতা পাহৰি) কৰিব নোৱাৰে, তেওঁলোক আছে বাবেই আমি আজি আছো’।

ক্ষমা বিচাৰিবলগীয়া হ’ল ৰিছা চড্ডাই

ৰিছা চড্ডাই গালৱান সন্দৰ্ভত কৰা মন্তব্যই ছ’চিয়েল মিডিয়া উত্তাল কৰি তোলে, কিয়নো সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে অভিনেত্ৰী গৰাকীৰ এই বক্ত্যক শ্বহীদৰ প্ৰতি অপমানসূচক যেন অনুভৱ কৰে । এনে পৰিস্থিতিত বিষয়টোৰ প্ৰতি গুৰুত্ব জনাই অভিনেত্ৰী গৰাকীয়ে ক্ষমা বিচাৰি কয়, ‘মোৰ উদ্দেশ্য সেনাবাহিনীক অপমান কৰা নাছিল’।

কি কৈছিল ৰিছাই টুইটটোত?

দৰাচলতে উত্তৰ সেনাৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানে দখল কৰা কাশ্মীৰ পুনৰ ভাৰতৰ অধীনলৈ অনাৰ দৰে আদেশ কাৰ্যকৰী কৰিবলৈ দিয়া বক্তব্যৰ ওপৰত ৰিছাই মন্তব্য কৰে এইদৰে, ‘গালৱান চেইছ হাই’। ইয়াৰ পিছতে বিজেপি নেতা মঞ্জিন্দৰ সিং চিৰছাই অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে থিয় হৈছে । তেওঁ এটা টুইট জাৰি কৰি লিখিছে, "ৰিছা চড্ডাৰ দৰে তৃতীয় শ্ৰেণীৰ বলীউড অভিনেত্ৰীয়ে কম খৰচৰ প্ৰচাৰ ষ্টাণ্টৰ বাবে ভাৰতীয় সেনাক অপমান কৰিছে, @RichaChadha কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ উপাসক, গতিকে তেওঁৰ ভাৰত বিৰোধী চিন্তাধাৰা এই টুইটত স্পষ্টকৈ দেখা গৈছে । মুম্বাই আৰক্ষীৰ পৰা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী জনাইছো" ।

একে সময়তে আন এটা টুইটত মঞ্জিন্দৰ সিং চিৰছাই অভিনেত্ৰী গৰাকীৰ এই মন্তব্যক লজ্জাজনক বুলি অভিহিত কৰিছে । চিৰছাই কয় যে অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য অতি সোনকালে উঠাই ল’ব লাগে । "আমাৰ সশস্ত্ৰ বাহিনীক এনেদৰে অপমান কৰাটো ন্যায্য নহয়", তেওঁ লগতে কয় ।

ৰিছা ছ’চিয়েল মিডিয়াত সক্ৰিয় ৷ ‘ফুক্ৰে’ ছবিখনৰ ছেটত লগ পোৱা আলী ফজলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৰিছা । ৰাজনৈতিক আৰু সামাজিক বিষয়ত তেওঁ মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । ইয়াৰ পূৰ্বেও নিজৰ বক্তব্যৰ বাবে বহুবাৰ শিৰোনামলৈ আহিছে ।

লগতে পঢ়ক : নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষা বিচাৰি দিল্লী উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে বিগবিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.