ETV Bharat / entertainment

Adipurush New Poster : হনুমান জয়ন্তীৰ দিনা মুকলি কৰিলে আদিপুৰুষৰ নতুন পোষ্টাৰ, ধ্যানমগ্ন দেখা গ’ল ৰাম ভক্তক

প্ৰভাসৰ অভিনীত ছবি ‘আদিপুৰুষ’ৰ নিৰ্মাতাসকলে হনুমান জয়ন্তী উপলক্ষে ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰিছে (Adipurush new poster released) । এই পোষ্টাৰখনত ভগৱান হনুমানক ধ্যান ভংগীমাত দেখুওৱা হৈছে ।

author img

By

Published : Apr 6, 2023, 2:08 PM IST

Prabhas starrer film Adipurush new poster released on Hanuman Jayanti2023
আদিপুৰুষৰ নতুন পোষ্টাৰ

চিটাৰা ডেস্ক, 6 এপ্ৰিল: আজি হনুমান জয়ন্তী (Hanuman Jayanti 2023) ৷ হনুমান জয়ন্তীৰ এই শুভ ক্ষণ উপলক্ষে দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ অভিনীত ছবি ‘আদিপুৰুষ’ৰ নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়াত 'বজৰংগবলী’ৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে ৷ পোষ্টাৰখনত ভগৱান হনুমানক ধ্যানমগ্ন ভংগীমাত দেখা পোৱা গৈছে । ইয়াৰ পূৰ্বে ৰাম নৱমীত তাৰকা প্ৰভাস, কৃতি সেনন, ছানী সিং আৰু দেৱদত্ত নাগৰৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছিল (Adipurush new poster released)।

চলচ্চিত্ৰ পৰিচালক ওম ৰাউতে ‘আদিপুৰুষ’ৰ নতুন পোষ্টাৰখন শ্বেয়াৰ কৰি কেপচন লিখিছিল, ‘ৰাম কে ভক্ত আৰু ৰামকথা কে প্ৰাণ, জয় পৱনপুত্ৰ হনুমান’। ২০২৩ চনৰ ১৬ জুনত বিশ্বজুৰি ছবিগৃহত মুক্তি লাভ কৰিব আদিপুৰুষ ছবিখন । ভগৱান হনুমানৰ চৰিত্ৰত অভিনয় কৰা দেৱদত্ত নাগক ধ্যানমগ্ন ভংগীমাত দেখা পোৱা পোষ্টাৰখনত, ইফালে ওম ৰাউতৰ ছবিখনত ৰাঘৱৰ চৰিত্ৰত অভিনয় কৰা ছবিখনৰ মুখ্য অভিনেতা প্ৰভাসৰ আভাস বেগ্ৰাউণ্ডত দেখা পোৱা গৈছে (Adipurush new poster)।

লগতে পঢ়ক: Adipurush Poster controversy : আদিপুৰুষৰ নতুন পোষ্টাৰক লৈ ডাঙৰ বিতৰ্ক, গোচৰ ৰুজু আৰক্ষী থানাত

মাৰাঠী টিভি শ্ব’ত কাম কৰিছিল দেৱদত্ত

উল্লেখ্য যে, মাৰাঠী টিভি শ্ব’ত কাম কৰিছিল দেৱদত্ত । একে সময়তে ২০১৩ চনত ‘ৱান্স আপন এ টাইম ইন মুম্বাই ড’বাৰা’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । ২০১৮ চনৰ ‘সত্যমেৱ জয়তে’ ছবিতো দেখা পোৱা হৈছিল দেৱদত্তক । ওম ৰাউতৰ পূৰ্বৰ ব্লকবাষ্টাৰ ছবি ‘তনহাজী: দ্য আনছাং ৱাৰিয়ৰ’ত অভিনেতাগৰাকীয়ে সূৰ্য্যজী মালুছৰেৰ চৰিত্ৰত অভিনয় কৰিছিল ।

'লাল সিং চাড্ডা'ৰ পৰা হাত সাৰিবলৈ মেকাৰে মুক্তিৰ তাৰিখ সলনি কৰিলে

প্ৰভাস, কৃতি সেনন, ছাইফ আলী খান আৰু ছানী সিঙৰ অভিনীত আদিপুৰুষ হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালয়ালম ভাষাত ছবিগৃহত মুক্তি লাভ কৰিব । ইয়াৰ পূৰ্বে এই ছবিখন ২০২২ চনৰ ১১ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ ওলাইছিল । কিন্তু, আমিৰ খানৰ ‘লাল সিং চাড্ডা’ৰ প্ৰতিযোগিতাৰ পৰা হাত সাৰিবলৈ মুক্তিৰ তাৰিখ সলনি কৰিবলগীয়া হৈছিল মেকাৰে।

লগতে পঢ়ক: Adipurush: ৰাম নৱমীত মুকলি প্ৰভাস-কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষৰ নতুন পোষ্টাৰ, মুক্তিৰ তাৰিখ নিশ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.