চিটাৰা ডেস্ক, 8 নৱেম্বৰ: বাহুবলী অভিনেতা প্ৰভাসে নিজৰ ছবিৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে । ইফালে পৰ্দাত শেহতীয়াকৈ ‘আদিপুৰুষ’ ছবিখনত দেখা গৈছিল অভিনেতাগৰাকীক। অৱশ্যে বক্স অফিচত ছবিখন বৰ বেয়াকৈ ফ্লপ হৈছিল ।
এনে পৰিস্থিতিত এতিয়া প্ৰভাসে অহা মাহত অৰ্থাৎ ডিচেম্বৰ মাহত মুক্তি পাবলগীয়া তেওঁৰ আগন্তুক ছবি ‘ছালাৰ’ ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ অৱশ্যে এতিয়া অভিনেতাগৰাকী ছবিখন মুক্তি পোৱাৰ পূৰ্বে অস্ত্ৰোপচাৰৰ বাবে চৰ্চালৈ আহিছে ।
আঁঠুৰ অস্ত্ৰোপচাৰ কৰিলে প্ৰভাসে
মঙলবাৰে প্ৰভাসক লৈ এটা খবৰ ওলাইছিল যে অভিনেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতত ভুগি আছে । ছবিৰ অবিৰত শ্বুটিঙৰ বাবে তেওঁৰ বিষ দিনক দিনে বাঢ়ি গৈছিল, যাৰ বাবে তেওঁ শেহতীয়াকৈ অস্ত্ৰোপচাৰৰ বাবে ইউৰোপলৈ ৰাওনা হৈছিল । এতিয়া বাহুবলীৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে । বুধবাৰে ইউৰোপৰ পৰা ভাৰতলৈ উভতি আহিছে প্ৰভাস ।
ভাৰতলৈ উভতি আহিল প্ৰভাস
আঁঠুৰ চিকিৎসা কৰিবলৈ ইউৰোপলৈ গৈছিল প্ৰভাস । য’ত সম্পন্ন হৈছিল তেওঁৰ অস্ত্ৰোপচাৰ । ছ’চিয়েল মিডিয়াত প্ৰভাসৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁক বিমানবন্দৰত দেখা গৈছে । এই সময়চোৱাত প্ৰভাসক সম্পূৰ্ণ ক’লা ৰঙৰ সাজ-পোছাকত দেখা গৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
বিবাহপাশত আৱদ্ধ হ’ব নেকি প্ৰভাস ?
শেহতীয়াকৈ অভিনেতাগৰাকীৰ বিবাহৰ খবৰ পোহৰলৈ আহিছিল । এই আপডেটটো দিছিল প্ৰভাসৰ আত্মীয় শ্যামলা দেৱীয়ে । সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত শ্যামলাই কৈছিল – দুৰ্গম্মাৰ আশীৰ্বাদ আছে আমাৰ ওপৰত । ভগৱানে আমাৰ সকলোৰে ভালদৰে যত্ন ল’ব । প্ৰভাসৰ বিয়া নিশ্চয় হ’ব আৰু সোনকালে হ’ব । আমি আপোনালোক সকলো মিডিয়া ৰাইজক এই বিয়ালৈ আমন্ত্ৰণ জনাই উদযাপন কৰিম ।
অভিনেতাগৰাকীৰ আগন্তুক ছবি
প্ৰভাসৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’লে তেওঁ বৰ্তমান আগন্তুক ছবি ‘ছালাৰ’ৰ বাতৰিৰ শিৰোনাম দখল কৰিছে । প্ৰভাসৰ উপৰিও শ্ৰুতি হাছান, পৃথ্বীৰাজ সুকুমাৰন আৰু জগাপতি বাবুকো এই চিনেমাত দেখা যাব । হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব ছালাৰ ।