চিটাৰা ডেস্ক, 28 জুলাই: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আছে অভিনেতাগৰাকীৰ অনুৰাগী । সেয়েহে ফেচবুক আৰু ইনষ্টাগ্ৰাম আদি ছ’চিয়েল মিডিয়া একাউন্টৰ জৰিয়তে অনুৰাগীৰ সৈতে জড়িত হৈ থাকে অভিনেতাগৰাকী ৷ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় প্ৰভাস । অৱশ্য়ে ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট কেৱল নিজৰ আগন্তুক ছবিৰ আপডেট শ্বেয়াৰ কৰিবলৈহে ব্যৱহাৰ কৰে অভিনেতাগৰাকীয়ে ।
নিজৰ ব্যক্তিগত জীৱনৰ কোনো আপডেট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ নকৰে অভিনেতাগৰাকীয়ে । এই সকলোবোৰৰ মাজতে এতিয়া প্ৰভাসৰ সৈতে জড়িত এক খবৰ পোৱা গৈছে ৷ খবৰ অনুসৰি হেক হৈছে প্ৰভাসৰ ফেচবুক পেজ । অভিনেতাজনে নিজেই শ্বেয়াৰ কৰিছে এই তথ্য ।
-
Hello Everyone,
— Hail Prabhas (@HailPrabhas007) July 27, 2023 " class="align-text-top noRightClick twitterSection" data="
My Facebook Page Has Been Hacked. The Team is Sorting this Out.
~ #Prabhas Via Instagram pic.twitter.com/8n1yeABIDT
">Hello Everyone,
— Hail Prabhas (@HailPrabhas007) July 27, 2023
My Facebook Page Has Been Hacked. The Team is Sorting this Out.
~ #Prabhas Via Instagram pic.twitter.com/8n1yeABIDTHello Everyone,
— Hail Prabhas (@HailPrabhas007) July 27, 2023
My Facebook Page Has Been Hacked. The Team is Sorting this Out.
~ #Prabhas Via Instagram pic.twitter.com/8n1yeABIDT
প্ৰভাসৰ ফেচবুকৰ পৰা ভাইৰেল হৈছিল দুটা ভিডিঅ’
২৭ জুলাই বৃহস্পতিবাৰে নিশা অভিনেতাগৰাকীৰ ফেচবুক পেজ হেক হৈছিল । হেকাৰে অভিনেতাজনৰ ফেচবুকৰ পৰা দুটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰিছিল যাৰ শিৰোনাম আছিল “আনলাকী হিউমেন” আৰু “বল ফেইলছ এৰাউণ্ড দ্য ৱৰ্ল্ড” । পিচত প্ৰভাসে নিশ্চিত কৰে যে, তেওঁৰ পেজটো কোনো দুষ্ট চক্ৰই হেক কৰিছে । তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, "হেল্ল' সকলোকে, মোৰ ফেচবুক পেজটো হেক কৰা হৈছে । মোৰ দলটোৱে ইয়াৰ সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।"
উল্লেখ্য যে প্ৰভাসৰ অনুৰাগীয়ে প্ৰথমে এনে পোষ্ট দেখি সন্দেহ কৰিছিল যে কিবা এটা সঠিক নহয় আৰু লগে লগে বিষয়টো প্ৰভাসৰ ছ’চিয়েল মিডিয়া দলৰ সন্মুখত উত্থাপন কৰে । হেকিঙৰ কথা জানি প্ৰভাসৰ দলটোৱে একাউন্টটো উদ্ধাৰ কৰা কামত লাগি যায় আৰু অফিচিয়েল একাউণ্টটো অৱশেষত উদ্ধাৰ কৰে দলটোৱে ৷ প্ৰভাসৰ ফেচবুক পেজত ২৪ মিলিয়নতকৈও অধিক ফ’ল’ৱাৰ আছে । আনহাতে প্ৰভাছে কেৱল মাত্ৰ এছ এছ ৰাজামৌলিক হে ফ’ল’ কৰে ।
বেক টু বেক প্ৰভাসৰ তিনিখন ছবি ফ্লপ হৈছে
বক্স অফিচত ‘সাহো’, ‘ৰাধে শ্যাম’ আৰু ‘আদিপুৰুষ’ ছবি কেইখন ফ্লপৰ পিচত ‘ছুপাৰষ্টাৰ’ৰ সিংহাসন পুনৰ দখল কৰিবলৈ বক্স অফিচত এক বৃহৎ সফলতাৰ প্ৰয়োজন হৈছে প্ৰভাসক । ইয়াৰ মাজতে প্ৰভাসৰ দুখন ডাঙৰ ছবি মুক্তি পাবলৈ ওলাইছে, যিয়ে তেওঁৰ কেৰিয়াৰক এক নতুন উচ্চতালৈ লৈ যোৱাৰ সম্ভাৱনা আছে ।