ETV Bharat / entertainment

Pippa Trailer: বাংলাদেশক স্বাধীন কৰোৱাবলৈ যুঁজিছে ঈশান খট্টৰে, পিপ্পাৰ শক্তিশালী ট্ৰেইলাৰ মুকলি

ঈশান খট্টৰ, মৃণাল ঠাকুৰ আৰু ছোনী ৰাজদানৰ ছবি পিপ্পাৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিছে । OTT ত মুক্তি পাব ছবিখন ৷

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:49 PM IST

Pippa trailer: Ishaan Khatter embarks on a mission to prove himself in the war to liberate Bangladesh; period war drama to arrive on OTT
পিপ্পাৰ ট্ৰেইলাৰ মুক্তি

চিটাৰা ডেস্ক, 1 নৱেম্বৰ: অভিনেতা ঈশান খট্টৰৰ জন্মদিনত মুক্তি দিয়া হৈছে তেওঁৰ পৰৱৰ্তী ছবি ‘পিপ্পা’ৰ ট্ৰেইলাৰ । এই ছবিখনত মৃণাল ঠাকুৰ, প্ৰিয়াংশু পাইয়ুলি আৰু ছোনী ৰাজদানকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ছবিখনৰ ট্ৰেইলাৰটো যথেষ্ট জোৰদাৰ । পাকিস্তানৰ পৰা বাংলাদেশক মুক্তিৰ আধাৰত নিৰ্মিত কৰা হৈছে ছবিখন ।

ট্ৰেইলাৰৰ আৰম্ভণিতে শুনা যায় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাত। য’ত ৰেডিঅ’যোগে পাকিস্তানৰ সৈতে যুদ্ধ ঘোষণা কৰিছে ইন্দিৰা গান্ধীয়ে । ইয়াৰ পিচতে ভাৰতৰ কিছুমান সাধাৰণ নাগৰিকে বাংলাদেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাটো লিখিবলৈ গুচি যোৱা দেখা যায়, তাৰ ভিতৰত এজন আছিল ঈশান খট্টৰ । ট্ৰেইলাৰত যুদ্ধৰ দৃশ্যৰ লগতে পিপ্পাও আছে । ৰাছিয়াত নিৰ্মিত টেংকবোৰক বুজায় পিপ্পা । সেই সময়ত যুদ্ধত ইয়াক ব্যৱহাৰ কৰা হৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ট্ৰেইলাৰটো আছিল অতি জোৰদাৰ

পিপ্পাত ঈশান খট্টৰে এজন জোৱানৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে বাংলাদেশৰ ৬ কোটি জনসাধাৰণক স্বাধীনতা প্ৰদানৰ বাবে পাকিস্তানৰ সৈতে যুদ্ধ কৰে । কিন্তু নিজকে প্ৰমাণ কৰিবলৈ তেওঁ সেনাবাহিনীত যোগদান কৰে । ছবিখনত প্ৰিয়াংশুৱে ঈশান খট্টৰৰ জ্যেষ্ঠ ভাতৃৰ চৰিত্ৰত অভিনয় কৰিছে । প্ৰিয়াংশু ৰামৰ বিপৰীতে ঈশান খট্টৰে বলৰাম মেহতাৰ চৰিত্ৰত অভিনয় কৰিছে ।

পিপ্পা ছবিখনৰ ট্ৰেইলাৰত টেংক ব্যৱহাৰ কৰি যুদ্ধৰ বাবে নদী পাৰ হোৱা দেখা যায় । ভাৰত-পাকিস্তান আৰু ১৯৭১ চনৰ যুদ্ধৰ ওপৰত ইয়াৰ পূৰ্বেও বহু ছবি নিৰ্মাণ কৰা হৈছে । কিন্তু এইবাৰ ঈশান খট্টৰৰ এই ছবিখনত কিছু ব্যতিক্ৰমী কাহিনী দেখা পোৱা যাব ৷ পাৰিবাৰিক নাটক আৰু যুদ্ধৰ ভয়াবহতা দুয়োটা ট্ৰেইলাৰত দেখা গৈছে । একে সময়তে দেশপ্ৰেমৰ মনোভাৱো দেখা গৈছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে পিপ্পা ছবিগৃহত নহয় অ’টিটি প্লেটফৰ্ম আমাজন প্ৰাইম ভিডিঅ’ত প্ৰচাৰ কৰা হ’ব । ১০ নৱেম্বৰৰ পৰা ঘৰতে বহি মোবাইল, লেপটপ আৰু স্মাৰ্ট টিভিত চাব পাৰিব । এই ছবিখনত সংগীত দিছে এ আৰ ৰহমানে আৰু পৰিচালনা কৰিছে ৰাজা কৃষ্ণ মেননে ।

লগতে পঢ়ক: Thangalaan teaser: থাংগালানৰ শক্তিশালী টিজাৰ মুকলি, টিজাৰত বিক্ৰমৰ লুক দেখি গাৰ নোম শিয়ৰি উঠিব আপোনাৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.