ETV Bharat / entertainment

Sam Bahadur Badhte Chalo Song: ছেম বাহাদুৰৰ নতুন দেশপ্ৰেমমূলক গীত বড়তে চলো মুক্তি

মুক্তি পালে বিকি কৌশলৰ আগন্তুক ছবি ছেম বাহাদুৰৰ নতুন গীত । গীতটিৰ কথা অতি প্ৰেৰণাদায়ক আৰু হৃদয়স্পৰ্শী । ইয়াত চাওক গীতটো ৷

author img

By ANI

Published : Nov 13, 2023, 3:42 PM IST

Patriotic song 'Badhte Chalo' from Vicky Kaushal's 'Sam Bahadur' out now
'ছেম বাহাদুৰ'ৰ নতুন গীত মুক্তি

চিটাৰা ডেস্ক, 13 নৱেম্বৰ: বিকি কৌশলৰ আগন্তুক ছবি ‘ছেম বাহাদুৰ’ বছৰটোৰ অন্যতম প্ৰত্যাশিত ছবি । এই বায়’পিক ছবিখনত বিকিয়ে পৰ্দাত ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ ট্ৰেইলাৰ যিটো অনুৰাগীয়ে বহুত ভাল পাইছিল আৰু এতিয়া অনুৰাগীয়ে এই ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

আজি নিৰ্মাতাই মুকলি কৰিছে ছবিখনৰ নতুন গীত ‘বড়তে চলো’ । এই গীতটো মুক্তিৰ পিচতে দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে ।

'ছেম বাহাদুৰ'ৰ নতুন গীত মুক্তি

দেশপ্ৰেমেৰে ভৰপূৰ ছেম বাহাদুৰৰ নতুন গীত 'বড়তে চলো' । যুদ্ধভিত্তিক ছবিখনৰ এই গীতটোৱে ভাৰতৰ প্ৰতি থকা ভক্তি প্ৰকাশ পাইছে । বিকি কৌশলৰ বেকগ্ৰাউণ্ড কণ্ঠৰে আৰম্ভ হয় গীতটি । য’ত তেওঁ কৈছে যে যুদ্ধ কৰাটো মোৰ কাম আৰু লগতে যুদ্ধত জয়ী হোৱাটোও মোৰ কাম । ইয়াৰ পিচত ছেম মানেকশ্ব’ৰ চৰিত্ৰত বিকি কৌশলে তেওঁৰ বেটেলিয়নক অনুপ্ৰাণিত কৰি কয় যে আমি এই দিনটোৰ বাবেই সাজু হৈছো ।

শংকৰ মহাদেৱন, বিশাল দাদলানী আৰু দিব্য কুমাৰে এই গীতটিত কণ্ঠদান কৰিছে । 'বড়তে চলো'ৰ সংগীত ৰচনা কৰিছে শংকৰ এহছান লয়ে আনহাতে ইয়াৰ কথা লিখিছে কিংবদন্তি গুলজাৰে । অনুৰাগীয়ে এই গীতটি যথেষ্ট ভাল পাইছে আৰু সামাজিক মাধ্যমত এই গীতটিৰ প্ৰশংসা কৰিছে ।

কেতিয়া মুক্তি পাব 'ছেম বাহাদুৰ' ?

উল্লেখ্য যে, মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে ‘ছেম বাহাদুৰ’ ছবিখন । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে আৰু পত্নী চিলুৰ চৰিত্ৰত অভিনয় কৰিছে সন্যা মালহোত্ৰাই । ছবিখনত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে ফাতিমা ছানা শ্বেইখে । এই ছবিখন ২০২৩ চনৰ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Sam Bahadur Poster: নতুন পোষ্টাৰৰ সৈতে ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা বিকি কৌশলৰ ছেম বাহাদুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.