ETV Bharat / entertainment

Parineeti Engagement: লাইটেৰে সজাই তোলা হ’ল পৰিণীতিৰ মুম্বাইৰ ঘৰ, ৰাঘৱৰ সৈতে কেতিয়া হ’ব পৰিণীতিৰ এংগেজমেণ্ট ?

author img

By

Published : May 12, 2023, 10:40 AM IST

১৩ মে’ত দিল্লীত এংগেজমেণ্ট হ’ব পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ (Parineeti Chopra Raghav Chadha Engagement date)। ইতিমধ্যেই সজাই পৰাই তোলা হৈছে অভিনেত্ৰীগৰাকীৰ মুম্বাইৰ ঘৰ ।

Parineeti Chopras residence decked up with decorative lights ahead of engagement with Raghav Chadha
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ এংগেজমেণ্ট

চিটাৰা ডেস্ক, 12 মে’: ‘লেডিজ বনাম ৰিকি বেহল’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী পৰিণীতি চোপ্ৰা (Parineeti Chopra) আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ (Raghav Chadha) বিবাহৰ খবৰে বিগত কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ বিবাহৰ খবৰৰ মাজতে দুয়োকে বহুবাৰ একেলগে দেখা পোৱা গৈছে ।

কেতিয়াবা যদি ৰেষ্টুৰেন্টত আন কেতিয়াবা আকৌ বিমানবন্দৰত একেলগে দেখা পোৱা গৈছিল পৰিণীতি আৰু ৰাঘৱক ৷ একে সময়তে এতিয়া ১৩ মে’ত দিল্লীত দুয়োৰে এংগেজমেণ্ট হ’ব বুলিও খবৰ পোৱা গৈছে (Parineeti Chopra Raghav Chadha Engagement)। যাৰবাবে অভিনেত্ৰীগৰাকীৰ মুম্বাইৰ ঘৰটো লাইটেৰে সজাই তোলা হৈছে ।

লাইটেৰে সজাই তোলা হৈছে পৰিণীতিৰ ঘৰ

দৰাচলতে পৰিণীতিৰ বিলাসী ঘৰৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে অভিনেত্ৰীগৰাকীৰ বাসগৃহত চলিছে এংগেজমেণ্টৰ প্ৰস্তুতি আৰু ঘৰৰ বাহিৰৰ অংশ বহু লাইটেৰে সজাই তোলা হৈছে (Parineeti Chopra Engagement) । পৰিণীতিৰ ঘৰ মুম্বাইৰ বান্দ্ৰা অঞ্চলত । একে সময়তে অভিনেত্ৰীগৰাকীৰ ঘৰৰ ভিডিঅ’টো দেখি অনুৰাগীয়ে তেওঁক এংগেজমেণ্টৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰিছে।

এংগেজমেণ্টত কোন ডিজাইনাৰৰ আউটফিট পৰিধান কৰিব পৰিণীতিয়ে ?

একে সময়তে ইয়াৰ পূৰ্বে পৰিণীতিৰ এংগেজমেণ্ট আউটফিটৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট ওলাইছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পৰিণীতিৰ ঘনিষ্ঠ সূত্ৰই জনাইছিল যে অভিনেত্ৰীগৰাকীয়ে এংগেজমেণ্টত ডিজাইনাৰ মনীষ মালহোত্ৰাই ডিজাইন কৰা সাজ-পোছাক পৰিধান কৰিব । ইয়াৰ বাবে কিছুদিন পূৰ্বে মনীষ মালহোত্ৰাৰ ঘৰতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক । এংগেজমেণ্টত প্ৰায় ১৫০ গৰাকী অতিথিয়ে অংশগ্ৰহণ কৰিব ।

এনেকৈয়ে আৰম্ভ হৈছিল পৰিণীতি আৰু ৰাঘৱৰ বিয়াৰ খবৰ

উল্লেখ্য যে দুয়োকে একেৰাহে দুদিন দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ৰেষ্টুৰেন্টত দেখা পোৱা গৈছিল ৷ তেতিয়াৰে পৰাই পৰিণীতি আৰু ৰাঘৱৰ বিয়াৰ খবৰ আহিবলৈ ধৰিলে । ইয়াৰ উপৰিও কথিত প্ৰেমিক-প্ৰেমিকাক একেলগে মুম্বাইৰ পৰা দিল্লীলৈ বিমানেৰে যাত্ৰা কৰা দেখা গৈছিল । ইয়াৰ লগতে দুয়োগৰাকীক শেহতীয়াকৈ ষ্টেডিয়ামত আই পি এল উপভোগ কৰাও দেখা পোৱা গৈছিল । অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত একো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই পৰিণীতি আৰু ৰাঘৱে ৷ গতিকে 13 মে’ অৰ্থাৎ কাইলৈ তেওঁলোকৰ এংগেজমেণ্ট হ’ব নে নহ’ব সেয়া হে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Alia Bhatt : আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ড গুচিৰ প্ৰথমগৰাকী ভাৰতীয় গ্ল’বেল এম্বেছাদৰ আলিয়া ভাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.