ETV Bharat / entertainment

Ragneeti Wedding Pics: অপেক্ষাৰ অন্ত! অনুৰাগীৰ হাতত পৰিলহি ৰাঘৱ-পৰিণীতিৰ বিয়াৰ ফটো

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 11:00 AM IST

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ প্ৰথমখন আনুষ্ঠানিক ছবি পোহৰলৈ আহিছে । বিয়াৰ সাজত বৰ ধুনীয়া দেখা গৈছে এই দম্পতীক ৷

Parineeti Chopra and Raghav Chadha very first wedding pictures out, celebs and fans sent wishes
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ প্ৰথম অফিচিয়েল ছবি

চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: প্ৰথমে চাহৰ সৈতে বাৰ্তালাপ, তাৰ পিচত প্ৰেম আৰু এতিয়া সাত জনমৰ বাবে এক হৈ পৰিল পৰিণীতি-ৰাঘৱ ৷ হয়, বিবাহপাশত আৱদ্ধ হ’ল পৰিণীতি-ৰাঘৱ ৷ দুয়োৰে বিবাহৰ সাক্ষী হৈ ৰ’ল ৰাজস্থানৰ উদয়পুৰৰ লীলা পেলেচ ৷ দুয়োৰে বিবাহৰ খবৰ চৰ্চালৈ অহাৰ পাচতে অনুৰাগীয়ে অপেক্ষা কৰি আছিল বিবাহৰ ফটোৰ বাবে ৷ যিহেতু পেলেচৰ কৰ্মচাৰীৰ পৰা অতিথিলৈকে সকলোকে ছবি পোষ্ট কৰাৰ ওপৰত নিষেধাজ্ঞা দিয়া হৈছিল সেয়েহে, কোনেও বিবাহৰ ফটো পোষ্ট কৰা নাছিল ৷

কিন্তু এতিয়া অন্তু পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ কাৰণ এতিয়া পৰিণীতি-ৰাঘৱে নিজেই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে বিবাহৰ ফটো ৷ কেইবাখনো ফটো শ্বেয়াৰ কৰি কেপচনত এই দম্পতীয়ে লিখিছে- ব্ৰেকফাষ্ট টেবুলত প্ৰথম আড্ডা দিয়াৰ পৰাই আমাৰ হৃদয়ে গম পাইছিল । এই দিনটোৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আছিলো আমি... বহুত বহুত ধন্যবাদ যে অৱশেষত মিষ্টাৰ আৰু মিচেছ হ’লোঁ ! ইগৰাকীয়ে সিগৰাকীৰ অবিহনে জীয়াই থাকিব নোৱাৰো... আমাৰ চিৰদিনৰ আৰম্ভণি এতিয়াৰে পৰাই ৷’’

এই ফটোসমূহ পোষ্ট কৰাৰ পিচতে অনুৰাগীৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকালৈকে সকলোৱে কমেন্টত অভিনন্দন জনায় ৷ ফেশ্বন ডিজাইনাৰ মনিষ মালহোত্ৰা আৰু ছানিয়া মিৰ্জাই ৰঙা হৃদয়ৰ ইমোজী শ্বেয়াৰ কৰে ৷ ইফালে ভগ্নী প্ৰিয়ংকা চোপ্ৰাই লিখিছে- মোৰ আশীৰ্বাদ সদায় আছে ৷ কণ্ঠশিল্পী বাদশ্বাহ, অভিনেত্ৰী ভূমি পেডনেকাৰ, বৰুণ ধাৱন আদিয়ে কমেন্টত অভিনন্দন জ্ঞাপন কৰে ৷

পৰিণীতি আৰু ৰাঘৱৰ বিষয়ে . . .

এজন হৈছে ৰাজনীতিবিদ, আন এগৰাকী হৈছে অভিনেত্ৰী ৷ সম্পূৰ্ণ পৃথক দুয়োৰে কৰ্ম জীৱন ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে পৰিণীতিয়ে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ কেতিয়াও কোনো ৰাজনীতিবিদৰ সৈতে প্ৰেম নকৰে অথচ বিয়াতো দূৰৰে কথা ৷ কিন্তু বিধাতাই কাৰ কপালত কি লিখি থৈছে সেয়া কোনেও ক’ব নোৱাৰে আৰু তাৰেই এক উৎকৃষ্ট উদাহৰণ হৈছে পৰিণীতি-ৰাঘৱ ৷ দুয়োগৰাকীয়ে হয়তো কেতিয়াও ভৱা নাছিল এই দিনটোৰ কথা ৷ কিন্তু কয় নহয়, প্ৰেমত সকলো সম্ভৱপৰ হৈ পৰে ৷ সেয়া পৰিণীতিয়ে নভৱাকৈয়ে এগৰাকী ৰাজনীতিবিদৰে প্ৰেমত পৰিল আৰু এই প্ৰেমে এতিয়া লাভ কৰিলে পূৰ্ণতা ৷

লগতে পঢ়ক: Ragneeti Wedding : সংগীত অনুষ্ঠানৰ পৰা ভাইৰেল পৰিণীতি-ৰাঘৱৰ বিবাহৰ প্ৰথম ছবি, চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.